কুকুৰা পালনৰ উপকাৰিতা, পালন পদ্ধতি আৰু কুকুৰা পামত বেমাৰে দেখা দিলে কৰিবলগীয়া কাম সমূহ: (খণ্ড-১)

~দিপাংকৰ পাল আৰু মাম্পী ৰানী পাল

বৰ্তমান বিশ্বত কুকুৰাৰ ব্যৱসায় হ’ল এটা অতিকৈ খৰতকীয়াভাৱে বৃদ্ধি পোৱা খাদ্য উদ্যোগ। ভাৰতবৰ্ষৰ কুকুৰা উদ্যোগ বিশ্বৰ সৰ্ববৃহৎ কুকুৰা উদ্যোগবোৰৰ ভিতৰত অন্যতম। ভাৰতবৰ্ষই অতি কম সময়ৰ ভিতৰতে বিশ্বত কণী উৎপাদনকাৰী দেশ হিচাপে পঞ্চম স্থান আৰু ব্ৰইলাৰ কুকুৰা উৎপাদনকাৰী দেশ হিচাপে সপ্তম স্থানত স্বীকৃতি লাভ কৰিছে। ভাৰতবৰ্ষত বিভিন্ন কৃষি সম্পৰ্কীয় উদ্যোগবোৰৰ ভিতৰত কুকুৰা পালন উদ্যোগেই হ’ল আটাইতকৈ খৰতকীয়াভাৱে বৃদ্ধি পোৱা উদ্যোগ। ভাৰতবৰ্ষত দেখা দিয়া জনসংখ্যা বিষ্ফোৰন, স্বাস্থ্য সজাগতা, পুষ্টিহীনতা, আত্মসংস্থাপন আৰু নিবনুৱা সমস্যাবোৰ কিছু পৰিমাণে লাঘৱ কৰিবলৈ ইয়াৰ প্ৰচেষ্টাৰূপে বানিজ্যিকভাৱে কৰা কুকুৰা প্ৰতিপালন, বিশেষকৈ ব্ৰইলাৰ কুকুৰা প্ৰতিপালনে যথেষ্ট অৰিহণা যোগাইছে আৰু ইয়াৰ চাহিদাও দিনে দিনে বৃদ্ধি হৈ থকা দেখা গৈছে। ফলত ব্ৰইলাৰ কুকুৰা এক বৃহৎ উদ্যোগত পৰিণত হৈছে। অন্যান্য কৃষিমূল ব্যৱসায়তকৈ কুকুৰা পালন ব্যৱসায়টো অধিক সুবিধাজনক আৰু লাভৱান হোৱাৰ মূল কাৰণস্মূহ তলত উল্লেখ কৰা হ’ল:-

১) অতি কম মূলধন বিনিয়োগেৰে কম ঠাইতে কুকুৰাপাম এখন আৰম্ভ কৰিব পাৰি।

২) এই ব্যৱসায়ত অতি কম সময়ৰ ভিতৰতে বিনিয়োগ কৰা মূলধন হাতলৈ ঘূৰি আহে। আজিকালি ব্ৰইলাৰ কুকুৰাৰ ক্ষেত্ৰত, মাত্ৰ ৩০-৪৫ দিনৰ ভিতৰত খৰচ কৰা মূলধন আৰু লাভালাভ ঘূৰি অহা দেখা যায়।

৩) কুকুৰাপাম বছৰৰ যিকোনো সময়ত আৰম্ভ কৰিব পাৰি আৰু অসুবিধা নোহোৱাকৈ চলাই যাব পৰাৰ হেতুকে যিকোনো ব্যক্তিয়ে বা চাকৰিয়াল ব্যক্তিয়েও এনে ব্যৱসায়ৰ দ্বাৰা লাভবান হ’ব পাৰে কাৰণ ইয়াৰ বাবে গোটেই দিনটো পামত নিয়োজিত থকাৰ প্ৰয়োজন নহয়। গাওঁ অঞ্চলৰ খেতিয়ক সকলেও খেতি নথকা আজৰি সময়খিনি কুকুৰা পালন কৰি অৰ্থনৈতিকভাৱে লাভবান হ’ব পাৰে।

৪) কুকুৰা পাম স্থাপনৰ বাবে প্ৰয়োজনীয় পোৱালি, দানা, সা-সঁজুলি, ঔষধ, ছিটা (vaccine) আদি আজিকালি প্ৰায় সকলো ঠাইতএ উপলব্ধ হয়। আনহাতে সৰু কুকুৰা পামৰ বাবে প্ৰয়োজনীয় সা-সজুঁলি সমুহ নিজৰ ঘৰতে সহজে কম খৰচতে নিৰ্মান কৰিব পাৰি।

৫) আজিকালি বানিজ্যিকভাৱে কুকুৰাপাম স্থাপনৰ বাবে প্ৰয়োজনীয় মূলধন কেইবাটাও চৰকাৰী বা বে-চৰকাৰী অনুস্থানৰ পৰা সহজতে ঋণ আৰু সাহাৰ্য্য হিচাপে লাভ কৰিব পাৰি।

৬) কুকুৰা পাম পৰিয়ালৰ অতিৰিক্ত আয়ৰ পথ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

৭) কুকুৰা পালন ব্যৱসায়ে বহুতো শিক্ষিত নিবনুৱা, অশিক্ষিত যুৱক-যুৱতীক এটা সন্মানজনক আত্ম-সংস্থাপনৰ পথ দেখুৱাইছে।

৮) কুকুৰা পালন ব্যৱসায় বতৰ বা জলবায়ুৰ ওপৰত নিৰ্ভৰ নকৰে, ফলত ইয়াক বছৰৰ সকলো সময়তে আৰম্ভ কৰিব পাৰি।

৯) মিশ্ৰিত শ্ৰেণীৰ পাম কৰা খেতিয়কৰ বাবে কুকুৰা পালন বৰ উপযোগী আৰু লাভজনক কাৰণ কুকুৰাৰ মলক মীন পালনত মাছৰ অহাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

১০) কুকুৰা জাকৰ মল যিকোনো খেতিৰ বাবে এটা উপযোগী সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি আৰু এই সাৰত থকা জৈৱিক পদাৰ্থৰ পৰিমাণে গোৱৰতকৈ তুলনামূলক ভাৱে বেছি। ইয়াৰ ফলত কুকুৰাৰ মলৰ পৰা প্ৰস্তুত সাৰ গোৱৰতকৈ অধিক সাৰুৱা বুলি জনা যায়।

১১) খাদ্যক মাংস আৰু কণীলৈ ৰূপান্তৰিত কৰাত কুকুৰাক এটা ভাল পৰিবৰ্তক হিচাপে ব্যৱহাৰ কৰিব পাৰি। কণী পৰা কুকুৰাৰ ক্ষেত্ৰত, ইহঁতে এক ডজন (dozen) কণী পাৰোতে ১.৫ কিলোগ্ৰাম মান দানাৰ প্ৰয়োজন হয় আৰু ব্ৰইলাৰ কুকুৰাৰ ক্ষেত্ৰত, ইহঁতৰ প্ৰতি কিলোগ্ৰাম ওজন বৃদ্ধি হ’বৰ বাবে ১.৮-১.৯ কিলোগ্ৰাম দানাৰ প্ৰয়োজন হয়।

১২) হাইব্ৰিড জাতৰ কণী পৰা কুকুৰাবোৰ ১৯-২০ সপ্তাহ বয়সৰ পৰাই কণী পাৰিবলৈ আৰম্ভ কৰে আৰু প্ৰায় ৭৫-৮০ সপ্তাহ বয়সলৈকে একেৰাহে অতি উচ্চ হাৰত কণী উৎপাদন কৰি থাকে। ৭৫-৮০ সপ্তাহ বয়সত কুকুৰা জাকক মাংসৰ বাবে বিক্ৰি কৰি দিব পাৰি আৰু নতুন কুকুৰাজাক এটাৰে পামত কণী উৎপাদন পুণৰ আৰম্ভ কৰিব পাৰি। আনহাতে, ব্ৰইলাৰ কুকুৰাৰ ক্ষেত্ৰত, হাইব্ৰিড জাতৰ ব্ৰইলাৰ কুকুৰাবোৰ মাত্ৰ ৫-৬ সপ্তাহ বয়সৰ ভিতৰতে দুই বা ততোধিক কিলোগ্ৰামৰ ওজন পোৱাটো সম্ভৱ। এই ব্ৰইলাৰ কুকুৰা বোৰে প্ৰতি কিলোগ্ৰাম ওজন হ’বৰ কাৰণে ১.৮-১.৯ কিলোগ্ৰাম দানাৰ প্ৰয়োজন হয়।

কুকুৰা প্ৰতিপালন পদ্ধতি:-

কুকুৰা পালনৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি কুকুৰা পালন পদ্ধতিক তিনিটা ভাগত বিভক্ত কৰা হৈছে-

১) মুকলি পদ্ধতি (Extensive/ Range system):-  এই পদ্ধতিত বিশেষকৈ থ্লুৱা কুকুৰাবোৰ পোহা হয়, য’ত ৰাতিপুৱাই কুকুৰাবোৰ গঁড়ালৰ পৰা খাবলৈ এৰি দিয়া হয় আৰু গধূলি ইহঁত নিজেই পুনৰ গঁড়ালত সোমাই যায়।

২) অৰ্ধ-আৱদ্ধ পদ্ধতি (Semi-intensive system):- এই পদ্ধতিটো মুকলি পদ্ধতিতকৈ কিছু উন্নত হয়। এই পদ্ধতিত কুকুৰাজাকক দিনটোৰ বেছিভাগ সময় গঁড়ালৰ ভিতৰত দানা-পানীৰ ব্যৱস্থা কৰি আৱদ্ধ কৰি ৰখা হয় আৰু দিনটোৰ অলপ সময় বাহিৰত চৰি ফুৰিবলৈ এৰি দিয়া হয়।

৩) আৱদ্ধ পদ্ধতি (Intensive system):- এই পদ্ধতি মুকলি বা অৰ্ধ-আৱদ্ধ পদ্ধতিতকৈ উন্নত হয় য’ত কুকুৰাবোৰক গোটেই জীৱন কাল্টো গঁড়ালত আৱদ্ধ কৰি সিহঁতৰ বাবে প্ৰয়োজনীয় দানা-পানীৰ ব্যৱস্থা কৰি দিয়া হয়। আৱদ্ধ পদ্ধতিক দুই প্ৰকাৰেৰে প্ৰতিপালন কৰিব পাৰি-

ক) সঁজাত পোহা পদ্ধতি (Cage system of rearing) আৰু খ) মজিয়াত পোহা পদ্ধতি (Floor system of rearing) বা ডীপ লিটাৰ পদ্ধতি (Deep litter system).

সঁজাত পোহা পদ্ধতিত কুকুৰাবোৰক তাঁৰৰ জালেৰে বনোৱা সঁজাত ৰখা হয়। এই পদ্ধতিত কণী পৰা কুকুৰাবোৰ বেছিকৈ পোহা হয় আৰু প্ৰতিটো সঁজাত ৪-৫ টা কণী পৰা কুকুৰাক একেলগে ৰাখিব পাৰি। এই সঁজাবোৰ কুকুৰা ঘৰৰ ভিতৰত শাৰী- শাৰী কৈ ৰখা হয়। অসমত অৱশ্যে এই পদ্ধতি বিশেষ জনপ্ৰিয় নহয় কাৰণ অসমত কণী পৰা বা লেয়াৰ কুকুৰাৰ পম বেছি নাই।

মজিয়াত পোহা পদ্ধতিত, কুকুৰাবোৰক কুকুৰাঘৰৰ মজিয়াৰ ওপৰত ফলিয়া তুঁহ, কাঠৰ গুৰা, সৰিয়হৰ কটাহি আদি পাৰি কুকুৰা প্ৰতিপালন কৰা হয়। লিটাৰ হিচাপে বাদামৰ চোকোৰা, সৰিয়হৰ চোকোৰা, কুঁহিয়াৰ চোকোৰা, সৰুকৈ কটা ধানখেৰ মটৰমাহৰ চোকোৰা আদি ব্যৱহাৰ কৰিব পাৰি। লিটাৰ শব্দটোৰ অৰ্থ হৈছে “বিচনা” বা “শয্যা”। অসমত ফলিয়া তুঁহ বিভিন্ন লিটাৰবোৰৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। আজিকালি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কুকুৰাপালন লিটাৰত কৰা হয়। (খণ্ড-২)

**********************

লিখক:- দিপাংকৰ পাল, চতুৰ্থ বৰ্ষৰ ছাত্ৰ, বি. ভি. এছ ছি. আৰু এ. এইছ. (B.V.Sc & A.H.), লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ- ৭৮৭০৫১. Email:- dipankar.paul.vet14@gmail.com

লেখিকা:- মাম্পী ৰানী পাল, প্ৰথম বৰ্ষৰ ছাত্ৰী, স্নাতক, বি. এইছ. কলেজ, হাউলী।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com