কৃষিভিত্তিক কৰ্মসংস্থাপন

~ডাঃ আৰফান আলী।

বৰ্তমান সমাজ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন, জীৱন ধাৰণৰ উন্নত মানদণ্ড, স্বাস্থ্য সচেতনতা, বিস্ফোৰক ধৰণে জনসংখ্যা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন কাৰকসমূহে ভৱিষ্যত প্ৰজন্মৰ ওপৰত পোলাব পৰা কুফল বিলাকৰ অন্যতম হ’ল খাদ্য সামগ্ৰীৰ অসামঞ্জস্যপূৰ্ণ উত্পাদন আৰু নাটনি তাৰোপৰি দীৰ্ঘদিন ধৰি গা কৰি উঠা নিৱনুৱা সমস্যা আদিয়ে ভৱিষ্যতে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাটো প্ৰায় সুনিশ্চিত।
মানুহৰ বুনিয়াদী প্ৰয়োজন সমূহৰ ভিতৰত খাদ্য বা অন্ন প্ৰসংগটি জোৰামৰাৰ উদ্দেশ্যে কৃষি উত্পাদন তথা কৰ্মসংস্থাপনৰ পথ মুকলি কৰাটো অপৰিহাৰ্য্য। সেই উদ্দেশ্যে ভাৰত তথা অসম চৰকাৰৰ দ্বাৰা কৃষক, কৃষি উদ্যোগী ব্যক্তি, শিক্ষিত-অশিক্ষিত যুৱক-যুৱতি সকলক আকৃষ্টকাৰী বিভিন্ন সফলকামী বিজ্ঞানসন্মত কৃষিকাৰ্য্যভিত্তিক সংস্থাপনৰ দিহা কৰা হৈ আছে। এই কৃষিখণ্ডত আমি অধিক মনোযোগ নিৱিষ্ট কৰি ইয়াক বিজ্ঞান সন্মত ব্যৱসায়ভিত্তিক উদ্যোগলৈ গঢ় দিয়াটো সময়ৰ চাহিদা।
বৰ্তমান নিৱনুৱা যুৱক-যুৱতি সকলে সততে হাতত লব পৰা সংস্থাপন তথা উত্পাদনমূখী কিছূমান কৃষি কৰ্ম চমুকৈ তলত আলোচনা কৰা হ’ল। বহল অৰ্থত কৃষি বিজ্ঞান বুলিলে অকল শস্য ভিত্তিক কৃযিকে নুবুজায় বৰঞ্চ এই বিভাগে পশুপালন, মীনপালন, ৰেচম, গ্ৰাৰ্হস্থ্য বিজ্ঞান আৰু ইয়াৰ লগত জৰিত আনুষঙ্গিক ক্ষুদ্ৰ উজ্যোগসমূহকো সাঙুৰি লয়। গতিকে, এনে কৰ্মৰাজিত হাত দিবলৈ কিছৃ পৰিমাণে আমাৰ চহৰমূখী মানসিকতাৰো পৰিৱৰ্তনৰ প্ৰয়োজন। কাৰণ এনে কৰ্মসমূহ চহৰৰ মাজমজিয়াতকৈ তাৰ উপকণ্ঠ অথবা সুচল যোগাযোগৰ ব্যৱস্থা থকা গাওঁ অঞ্চল সমূহতে অধিকসুবিধাজনক।
শস্য ভিত্তিক কৃযিঃ বৰ্তমান বজাৰ তথা সমাজ ব্যৱস্থাৰ চাহিদা অনুযায়ী আমাৰ শস্যভিত্তিক কৃষিতো আওঁপুৰণি পৰম্পৰাগত কৃষি পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ সময়। আধুনিক বিজ্ঞানসন্মত পদ্ধতিসমূহ ব্যৱহাৰ কৰি একেডৰা মাটিতে বৰ্তমান বছৰত দুই-তিনিবাৰ খেতি কৰি আগতকৈ অধিক উত্পাদনৰ দিহা কৰিব পাৰি। বিজ্ঞানসন্মত বুলিলে উত্পাদিত শস্যই স্বাস্থ্যসুলভ চাহিদা পূৰোৱাৰ উপৰিওঁ মাটিডৰাৰ উৰ্বৰা শক্তি অক্ষুন্ন ৰাখিব পৰা হ’ব লাগিব। কৃষিৰ ভিতৰৰ উদ্যানশস্যৰ খেতি অত্যন্ত লাভজনক হিচাপে গণ্য হৈছে। কোনডৰা মাটি, কোন সময়ত কি শস্যৰ উপযোগী আৰু বজাৰৰ চাহিদা অনুযায়ী শস্য ৰোপন বাচনি কৰাটো অতিকৈ জৰুৰি। তাৰবাবে মাটিডৰা পৰীক্ষা কৰাই ওচৰৰ কৃষি বিজ্ঞানী সকলৰ পৰামৰ্শমতে মাটিত সাৰ-গোবৰ-পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। ব্তমান সময়ৰ জৈৱ কৃষিৰ চৰ্চা সজোৰ ভাৱে হব ধৰিছে। গতিকে পাৰ্গত কৃষকসকলে সেই বিষয়ে প্ৰয়োজনীয় তথ্য জানি লৈ জৈৱ কৃযি উত্পাদনৰ বাবে খেতি কৰা আৰম্ভ কৰাটো নিপুনতাৰ পৰিচয়। অতি কম সময়ৰ ভিতৰতে জৈৱসামগ্ৰীৰ বিশেষ বজাৰ গঢ় লৈ উঠাটো ধুৰূপ। এনেকৈ বিজ্ঞানসন্মতভাৱে কৃষি কাৰ্য্য আগবঢ়াই নিব পাৰিলে ইয়ে আমাৰ আত্মসংস্থাপন, কৰ্মসংস্থাপন তথা কৃষি উদ্যোগ গঢ়াৰ বাবে বহুদূৰ আগবঢ়াই লৈ যোৱাৰ উপৰিওঁ সমাজৰ লগতে দেশৰো অন্ন সুৰক্ষা প্ৰদান কৰিব।
মীন পালন ভিত্তিকঃ মত্স্য পালন অসমৰ এক পৰম্পৰাগত বৃত্তি যদিওঁ মাছ উত্পাদনত অসম তথা উত্তৰ-পূৱৰ অন্য ৰাজ্য সমূহ স্বাৱলম্বী হ’ব পৰা নাই। বৰ্তমানেওঁ এই বৃহত্ অঞ্চলটোৰ লোকসকলে মাছৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ ওঁপৰত নিৰ্ভৰ কৰিব লাগে। তাৰোপৰি দিনক দিনে মাছৰ দাম বাঢ়ি অহাৰ লগে লগে এক বুজন পৰিমাণৰ অৰ্থ বহিঃ ৰাজ্যলৈ নিৰ্গমণ হোৱা পৰিলক্ষিত হৈ আহিছে। গতিকে অসম তথা উত্তৰ-পূৱৰ কৃষকসকলে মত্স্য পালনৰ আধুনিকীকৰণ তথা উন্নত বৈজ্ঞানিক প্ৰযুক্তি কৌশলৰ প্ৰয়োগে মীনপালকসকলৰ অৰ্থনৈতিক দিশ উন্নত কৰাৰ উপৰিওঁ অঞ্চলটোৰ কিছূ চাহিদা পূৰণ কৰিব পাৰিব। তাৰোপৰি মাছ পালনৰ লগতে সংগতি থকা সমন্বিত কৃষি পদ্ধতি যেনেঃ সমন্বিত মাছ-উদ্যান শস্য পদ্ধতি, সমন্বিত মাছ-ধান পদ্ধতি, সমন্বিত মাছ-পশুপালন পদ্ধতিয়েই অন্যতম। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মত্স গৱেষণা কেন্দ্ৰ, যোৰহাটে এক বিস্তৃত গৱেষণাৰ অন্তত কিছূ প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি উলিয়াইছে। অসমৰ কৃষক ৰাইজে এই কৌশল সমূহ প্ৰয়োগ কৰি মাছ উত্পাদনৰ লগতে উদ্যান শস্য, ধান আৰু পশুপালন কৰি অৰ্থনৈতিক দিশ টনকিয়াল কৰিব পাৰে।
পশুপালন ভিত্তিকঃ আমাৰ সমাজৰ প্ৰায় প্ৰতিঘৰ মানুহেই কম-বেছি পৰিমাণে পশুপালনৰ লগত জৰিত। হাঁহ-কুকুৰা, গৰু, ছাগলী, ম’হ, ভেৰা, গাহৰী আদিৰ অন্ততঃপক্ষে কোনোবা এবিধ পশুধন আমাৰ পৰিয়ালবোৰৰ অপৰিহাৰ্য্য অংগ স্বৰূপ। বহু সময়ত হিচাপ কৰিলে এনে পৰম্পৰাগত পশুপালন লাভজনক হোৱাতকৈ অধিক ব্যয়বহুলহে হৈ পৰে কিয়নো পশুধনৰ উত্পাদনৰ খৰচৰ পৰিমাণ তাৰ পৰা হোৱা উপাৰ্জনতকৈ বেছি হৈ পৰে।
গতিকে, আমাৰ পৰম্পৰাগত হিচাপে পশুধন পোহপাল কৰা প্ৰথা এৰি বিজ্ঞান সন্মত উপায় অৱলম্বন কৰি প্ৰতি একক পশুধনৰ পৰা অধিক উত্পাদন পোৱাটো সময়ৰ আহ্বান। পশুপালন বৃত্তি ডাঙৰ, ক্ষুদ্ৰ, উপান্ত কৃষক তথা নিৱনুৱা যুৱক-যুৱতী আদি সকলোৱে কৰিব পৰা এক লাভজনক ব্যৱসায়। পাম হিচাপে কোনো এবিধ অথবা বহুবিধ পশু একেলগে পালন কৰিব পাৰি। আজিকালি উপৰোল্লেখিত প্ৰতিবিধ পশুধনৰে উন্নত জাতৰ বীজ আহৰণ কৰিব পাৰি, অতি কম সময় বা খৰচতে অধিক উত্পাদন পাব পাৰি। অভিজ্ঞজনৰ পৰামৰ্শমতে বিনিয়োগ কৰি লাহে লাহে এই ব্যৱসায়ত আগবাঢ়িব লাগে আৰু ব্যৱহাৰিক অভিজ্ঞতা অৰ্জন কৰিব লাগে। বৰ্তমান থলুৱা হিচাপে পুহিব পৰা উন্নত জাতৰ হাঁহ-কুকুৰাৰ পৰা বছৰি গড় হিচাপে প্ৰায় ২০০ টাকৈ কণী, উন্নত বা বৰ্ণসংকৰ গৰু-ম’হৰ পৰা দিনে ১০-২০ লিটাৰলৈকে গাখীৰ পাব পাৰি। উন্নত জাতৰ ছাগলীৰ পৰা গাখীৰৰ উপৰিওঁ বছৰত দুবাৰকৈ অধিক ওজনৰ পোৱালী, উন্নত জাতৰ গাহৰীৰ পৰা ৬ মাহত ৭০ কিল’গ্ৰামলৈকে হোৱা ওজনৰ গাহৰী পোৱালী পাব পাৰি।
পশুপালন বিভাগ তথা মাংসৰ বজাৰত বৰ্তমান ব্ৰইলাৰ কুকুৰা পালনে এক সুকীয়া আৰু উচ্চস্থান দখল কৰি আছে। বছৰি এই উদ্যোগ প্ৰায় ১৮জ্ঞ হাৰত বৃদ্ধি পাই আছে। আমাৰ যুৱক-যুৱতী সকলেওব্ৰইলাত কুকুৰা পালনৰ প্ৰতি আকৃষ্ট আৰু মনোনিয়োগ কৰা দেখা গৈছে। কিন্তু বহুক্ষেত্ৰত আজিৰ দিনৰ ব্ৰইলাৰ কুকুৰাৰ জাতৰ প্ৰতিপালনৰ ব্যৱস্থাপ্ৰণালী নিপুণভাৱে আয়ত্ব কৰিব নোৱাৰাৰ ফলত পাব লগা সৰ্বোচ্চ উত্পাদন ক্ষতিগ্ৰস্থ হৈছে আৰু উচিত লভ্যাংশ আহৰণ কৰিব পৰাৰ পৰাও বঞ্চিত হৈছে। এতিয়াৰ বজাৰত পোৱা বেছিভাগ ব্ৰইলাৰ কুকুৰা পোৱালীৰ জাতেই Cobb-400 আৰু ইহঁত অত্যন্ত পৰিৱেশ সংবেদনশীল (Sensitive)। ইহঁতৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাওঁ কম। গতিকে, ব্ৰইলাৰ কুকুৰা পামৰ বাবে প্ৰাথমিক ব্যৱস্থাপ্ৰণালী জানি লোৱাটো ব্ৰইলাৰ কুকুৰা পালকসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়।
ৰেচম ভিত্তিকঃ ৰেচম অধ্যুষিত অঞ্চল বিলাকত এই শিল্পৰ লগত জৰিত পৰিয়ালৰ উদ্যমী লোকসকলে চৰকাৰী ৰেচম কাৰ্য্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি ৰেচম শিল্পৰ আধুনিকীকৰণৰ পৰামৰ্শ সমূহ লাভ কৰিব পাৰে। চৰকাৰী তৰফৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ৰেচম শিল্পৰ বাবে বিভন্ন যন্ত্ৰপাতি, প্ৰশিক্ষন আদি লাভ কৰাৰো সুব্যৱস্থা আছে।
গ্ৰাৰ্হস্থ্য বিজ্ঞান ভিত্তিকঃ গ্ৰাৰ্হস্থ্য বিজ্ঞানৰ অধীনত ব্যৱসায়িক ভিত্তিত কৰিব পৰা সৃষ্টিকামী কুটিৰ শিল্পসমূহৰ এক বিশাল সম্ভাৱনীয়তা আছে। সচৰাচৰ আমাৰ        চাৰিওঁফালে পোৱা বিভিন্ন ফলমূল, গছ-তৰু-লতা, অব্যৱহাৰ্য্য যিকোনো কেঁচা সামগ্ৰীৰ মাজত এনে সম্ভাৱনীয়তা লুকাই আছে যাৰ পৰা আমাৰ সৃষ্টিকামী কৰ্মস্পৃশাই উন্মোচন কৰিব পাৰে তেনে সম্ভাৱনীয়তা। উদাহৰণস্বৰূপে বিশেষকৈ আমাৰ গৃহিণী তথা যুৱতী সকলে ঘৰতে বিভিন্ন ফলমূলৰ পৰা আচাৰ, জাম, জেলী, পাঁচক খাদ্য সম্ভাৰ বা দ্ৰব্য আদি তৈয়াৰ আৰু সংৰক্ষন কৰি বহু ধৰণৰ শিল্প গঢ়ি ব্যৱসায়ত পৰণত কৰিব পাৰে। তাৰোপৰি ফুলৰ খেতি, দুষ্প্ৰাপ্য শাক-পাঁচলীৰ খেতি, কাঠফুলাৰ খেতি, হস্তশিল্প বিদ্যা, জৈৱ অতবা কেঁচুসাৰ উত্পাদন, পশুধন আৰু মাছৰ খাদ্য উত্পাদনৰ দৰে লঘূ উদ্যোগ, কৃষি আৰু সহযোগী ক্ষেত্ৰত যোগান আৰু সৰবৰাহ ব্যৱসায় ইত্যাদি ক্ষেত্ৰতো কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব পাৰে।
উপৰোল্লেখিত প্ৰতিটো বিষয়ৰ উপৰত বিভিন্ন চৰকাৰী অনুষ্ঠান যেনেঃ কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে), ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছ.আই.আৰ.ডি.), গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষন প্ৰতিষ্ঠান (আৰ.এছ.ই.টি.আই.), ৰাজ্যিক বিভগীয় কাৰ্য্যালয় সমূহ, অসম কৃষি বিশ্ব বিদ্যালয় আৰু তাৰ অন্তৰ্গত মহাবিদ্যালয়সমূহ.নাবাৰ্ড আৰু বিভিন্ন স্বেচ্চাসেৱী সংগঠণৰ পৰা উপযুক্ত প্ৰশিক্ষন গ্ৰহণ কৰি বিনাদ্বিধাই তেনে কাৰ্য্যত সফলকামী আঁচনি হাতত ল’ব পাৰি।
বৰ্তমান চৰকাৰী খণ্ডত থকা কৃষি উন্নয়নৰ বিভিন্ন আঁচনি সমূহৰ সুবিধা সমূহ পাবৰ বাবে আত্মসহায়ক গোট গঠণ কৰাটো জৰুৰী হৈ পৰিছে। ব্যক্তিগতভাৱে চৰকাৰী সুবিধা আদায় কৰাটো অত্যন্ত জটিল আৰু কঠিন।আত্মসহায়ক গোট গঠণ কৰাৰ উদ্দেশ্য প্ৰকৃততে কৰ্মব্ৰতী হ’ব লাগে। গোটৰ জৰিয়তে পোৱা চৰকাৰী সুবিধা সমূহৰ পৰা নগদ দন আত্মহাত কৰাৰ অভিপ্ৰায় মুঠেই বাঞ্চনায় নহয় আৰু অতি লজ্জাজনকো। তেনে কৰিলে বৃহৎ উদ্দেশ্যৰ লক্ষ্যত উপনীত হোৱাটো বিঘ্নিত হয়, সেয়া উন্নতিৰ নামত চৰিত্ৰৰ অৱক্ষয়। চৰকাৰী আঁচনি বিলাকৰ অধীনত বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্য্যায়ত বিজ্ঞান ভিত্তিক শিক্ষা প্ৰদানৰ হেতুকে অহৰহ প্ৰশিক্ষন দিয়া হৈ আছে। উদ্যমী গোট বা ব্যক্তিসকলে তেনে সুবিদা সমূহৰ সুযোগ গ্ৰহণ কৰিব লাগে। বৃত্তি হিচাপে ল’ব পৰা বিষয়ৰ ওপৰত প্ৰশিক্ষনৰ বাবে চৰকাৰী বিভাগীয় কাৰ্য্যলয়ৰ বিশেষজ্ঞ নতুবা কিছূমান বেচৰকাৰী সংস্থা বা ব্যক্তিগত খণ্ডৰ কাৰ্য্যলয়ৰ লগত যোগাযোগ স্থাপন কৰিব লাগে আৰু তেনে কৰিলে লক্ষস্থিৰ কৰা কামত আগবাঢ়িবলৈ উজু হয়, কৰ্মস্পৃশাৰ উন্নয়ন হয় আৰু অভিজ্ঞতাও বাঢ়ে। স্থানভেদে কৰিব পৰা কৃষিভিত্তিক তথা কৃষি নিৰ্ভৰ কুটিৰ শিল্প উদ্যোগ গঢ়ি আত্মসংস্থাপিত হোৱাৰ লগতে কৰ্মসংস্থাপনৰ পথ মুকলি কৰি সমাজ আৰু দেশৰ উন্নতি সাধন কৰাৰ প্ৰয়াস কৰা কৰ্মোদ্যমী ব্যক্তিসকলে সেই বিষয়ৰ তথ্য, পৰামৰ্শ, সহায়-সহযোগ, প্ৰশিক্ষন আদিৰ বাবে যি কোনো বিভাগীয় চৰকাৰী বিষয়া আৰু কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে।

*******

লিখকৰ ঠিকনা: ডাঃ আৰফান আলী, কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী,অসম।


Download PDF

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com