গাহৰিৰ সফল প্ৰজননৰ ক্ষেত্ৰত মন কৰিবলগীয়া কিছু বিজ্ঞানসন্মত দিশ

~ডাঃ জিতু মণি দাস

বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলত ব্যৱসায়ীক ভিত্তিত গাহৰি পালনে চমকপ্ৰদ ৰূপত অগ্ৰগতি লাভ কৰিছে আৰু তাৰ সমান্তৰালকৈ উন্নত মানৰ গাহৰি প্ৰজাতি নিৰ্বাচনৰ দিশটোও আহি পৰিছে। সেইবাবে প্ৰজনন পামসমূহত উন্নতমানৰ পোৱালি উৎপাদনৰ ক্ষেএত গুৰুত্ব প্ৰদান কৰাটো অতিশয় প্ৰয়োজনীয় বিষয় হৈ পৰিছে।
পোৱালী উৎপাদনৰ লক্ষ্যৰে স্থাপিত গাহৰি প্ৰজনন পামৰ গৰাকীৰ অৰ্থনৈতিক লাভালাভ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে গাহৰিবোৰৰ সফল প্ৰজননৰ দিশটোৰ ওপৰত। বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি লালন-পালন কৰিলে আৰু সুষম খাদ্যৰ যোগান ধৰিলে এজনী উন্নত বা বৰ্ণসংকৰ প্ৰজাতিৰ মাইকী গাহৰিৰ পৰা প্ৰতি বছৰত দুবাৰকৈ আৰু প্ৰতিবাৰত দহৰ পৰা বাৰটা (১০-১২) পৰ্য্যন্ত পোৱালী লাভ কৰিব পাৰি। কিন্তু ইয়াৰ বাবে গাহৰি পালক সকলৰ গাহৰিৰ প্ৰজনন সম্পৰ্কীয় কিছু বিজ্ঞানসন্মত জ্ঞান থকাটো বাঞ্চনীয়।
গাহৰিৰ প্ৰজনন দুই ধৰণে কৰিব পৰা যায় –
১) প্ৰাকৃতিক প্ৰজনন, আৰু
২) কৃত্ৰিম প্ৰজনন
গাহৰি প্ৰজনন পাম এখনৰ গাহৰিবোৰৰ প্ৰাকৃতিক প্ৰজনন পদ্ধতিৰ সফলতা আৰু ইয়াৰ দ্বাৰা অধিক উৎপাদন মূলতঃ নিম্ন উল্লেখিত দিশসমূহৰ ওপৰত নিৰ্ভৰ কৰে:-
১) মতা আৰু মাইকী গাহৰি নিৰ্বাচন:
• মতা আৰু মাইকী পোৱালীবোৰ একে বংশৰ হোৱা অনুচিত। অৰ্থাৎ একেগৰাকী মাকৰ পৰা জন্ম লাভ কৰা মতা আৰু মাইকী গাহৰি পোৱালী প্ৰজনন পামৰ বাবে নিৰ্বাচন কৰিব নালাগে।
• প্ৰজননৰ বাবে নিৰ্বাচন কৰা পোৱালীবোৰৰ বয়স ২-৩ মাহৰ ওপৰত হোৱা উচিত আৰু মতা গাহৰিটো মাইকী গাহৰিবোৰতকৈ বয়সত ২-৩ মাহ মানৰ ডাঙৰ হোৱা উচিত।
• উন্নত বা বৰ্ণসংকৰ প্ৰজাতিৰ মতা আৰু মাইকী গাহৰি পোৱালীবোৰ চৰকাৰী গাহৰি প্ৰজনন পামৰ পৰা নাইবা কোনো নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য ব্যক্তিৰ পৰা ক্ৰয় কৰাটো বাঞ্চনীয়।
• মাইকী গাহৰি নিৰ্বাচন কৰোতে মাকৰ গুণাগুণ সম্পৰ্কীয় কিছু দিশ যেনে মাতৃত্ব সুলভ ব্যৱহাৰ, প্ৰথম গৰ্ভধাৰনৰ বয়স, গৰ্ভধাৰণৰ হাৰ, জন্মৰ সময়ত আৰু মাকৰ পৰা পৃথক কৰা সময়ত সৰ্বমুঠ জীৱিত পোৱালীৰ সংখ্যা, দৈহিক গঠন আৰু ওজন ইত্যাদিৰ ওপৰত ধ্যান দিয়াৰ লগতে এই দিশসমূহৰ দক্ষতাৰ ভিত্তিত নিৰ্বাচন কৰা উচিত। নিৰ্বাচনৰ সময়ত পোৱালীবোৰৰ দৈহিক গঠন তজবজীয়া, আকৃতি দীঘলীয়া, চকুযোৰৰ লগতে শৰীৰৰ চালখন উজ্জ্বল আৰু স্তন অৰ্থাৎ দুগ্ধবাতৰ সংখ্যা অতিকমেও ৭ যোৰ থকা উচিত।
• মতা পোৱালী নিৰ্বাচন কৰোতেও দৈহিক গঠনৰ লগতে অণ্ডকোষৰ গঠনৰ ওপৰত ধ্যান দিয়া উচিত। অণ্ডকোষ নথকা বা অকল মাত্ৰ এটা অণ্ডকোষ থকা মতা গাহৰি প্ৰজননৰ বাবে নিৰ্বাচন কৰা অনুচিত ।
• সচৰাচৰ ৪-৫ টা মাইকী গাহৰি প্ৰজননৰ বাবে এটা সুস্বাস্থ্যৱান মতা গাহৰিয়েই যথেষ্ট । মতা গাহৰিটোক প্ৰতি সপ্তাহত ৪-৫ বাৰ প্ৰাকৃতিক প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।
• প্ৰাকৃতিক প্ৰজননৰ ক্ষেত্ৰত সুফল পাবলৈ আৰু সম্ভাব্য অন্তঃপ্ৰজনন (inbreeding) ৰোধ কৰিবলৈ মতা গাহৰিটো ১৮-২৪ মাহ বয়সলৈ ব্যৱহাৰ কৰা উচিত।
২) মাইকী গাহৰিৰ ক্ষেত্ৰত প্ৰথম প্ৰজননৰ উপযুক্ত বয়স:
উন্নত প্ৰজাতিৰ বৰ্ণসংকৰ মাইকী গাহৰি পোৱালী অৱস্থাৰে পৰা ভালদৰে প্ৰতিপালন কৰিলে আৰু সুষম খাদ্যৰ যোগান ধৰিলে ৭-৮ মাহ বয়সত পূৰ্ণতা পায় আৰু প্ৰজননৰ বাবে উপযোগী হয়। প্ৰথম প্ৰজননৰ ক্ষেত্ৰত বয়সতকৈ দেহৰ ওজনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত বৰ্ণসংকৰ প্ৰজাতিৰ মাইকী গাহৰিৰ দেহৰ ওজন ৭-৮ মাহ বয়সত প্ৰায় ৭০-৮০ কেজি হ’লে ভাল। অন্যথা কিছুদিন অপেক্ষা কৰি দ্বিতীয় নহলে তৃতীয়বাৰ গৰম হোৱাৰ সময়ত প্ৰজনন কৰাব লাগে।
প্ৰজননৰ উপযোগী মাইকী গাহৰি এজনী প্ৰতি ২০-২১ দিনৰ অন্তৰালত গৰমত আহে যাক ঋতু চক্ৰ বোলা হয় । ঋতুৰ সময়ত দেখিবলৈ পোৱা বিভিন্ন লক্ষণসমূহ হ’ল :
 গাহৰিজনীৰ বাহ্যিক যোনিদ্বাৰ অৰ্থাৎ প্ৰচাৱ কৰা অংশ ফুলি উঠে আৰু ৰঙচুৱা হয়।
 যোনিদ্বাৰৰ পৰা বিজলুৱা তৰল পদাৰ্থ নিঃসৰিত হয়।
 গাহৰিজনী চঞ্চল হৈ পৰাৰ লগতে দানা-পানী খোৱাৰ প্ৰতি আগ্ৰহ কমি যায় আৰু মাজে-সময়ে এক বিশেষ ধৰণৰ চিঞৰ শুনিবলৈ পোৱা যায়।
 ওচৰত অন্য গাহৰি থাকিলে তাৰ ওপৰত জপিয়াই উঠিবলৈ উদ্যত হোৱা দেখা যায়।
ঋতুৰ সময়ত দেখিবলৈ পোৱা উপৰোক্ত লক্ষণসমূহ গাহৰিজনীৰ দেহত ২-৩ দিন পৰ্যন্ত থাকে।
৩) মাইকী গাহৰি গৰম হোৱা আৰু প্ৰজননৰ সঠিক সময় সুনিশ্চিত কৰি প্ৰজনন কৰোৱা :
গৰম হোৱাৰ সময়ত গাহৰিজনীয়ে দেখুওৱা বাহ্যিক লক্ষণবোৰ ধৈৰ্য্য সহকাৰে প্ৰতিদিনে নিৰীক্ষণ কৰিব লাগে। বাহ্যিক লক্ষণ দেখুওৱা গাহৰিজনীৰ পিঠিৰ পাছফালৰ অংশত দুইখন হাত প্ৰয়োগ কৰি হেঁচা মাৰি ধৰিলে বা পিঠিৰ ওপৰত বহি দিলে যদি তাই শান্ত আৰু স্থিৰ হৈ থাকে তেন্তে গাহৰিজনী গৰম হোৱা বুলি নিশ্চিত হ’ব পাৰি। ডাঙৰ গাহৰি পামত, গাহৰি জাকৰ পৰা গৰম হোৱা মাইকী গাহৰি বাচি উলিয়াবলৈ বন্ধ্যাকৰণ কৰা মতা গাহৰিৰ সহায় লব পাৰি।
চেউৰী গাহৰিৰ দেহত গৰম হোৱা বিভিন্ন লক্ষণ প্ৰত্যক্ষ কৰাৰ ১২ ঘণ্টাৰ পিছত প্ৰথম প্ৰজনন কৰোৱা উচিত। কিন্তু পূৰ্বতে এবাৰ বা ততোধিক পোৱালী জন্ম দিয়া গাহৰিৰ ক্ষেত্ৰত গৰম হোৱাৰ পৰা প্ৰথম প্ৰজননৰ ব্যৱধান ২৪ ঘণ্টা হোৱা উচিত। প্ৰথম প্ৰজনন কৰাৰ ১০-১২ ঘণ্টা পিছত আকৌ এবাৰ প্ৰজনন কৰালে অধিক পোৱালী জন্মাৰ সম্ভাৱনা থাকে।
প্ৰাকৃতিক প্ৰজননৰ বাবে মাইকী গাহৰিজনী সঠিক সময়ত মতা গাহৰিটোৰ গড়াললৈ আনি প্ৰজনন কৰোৱা আৰু প্ৰজনন হৈ যোৱা মাত্ৰকে তাইক পুনৰ মতাটোৰ পৰা আতৰাই নিয়া উচিত।
৪) গৰ্ভধাৰণ:
প্ৰজনন কৰাৰ ২০-২১ দিন পিছত গাহৰিজনী পুনৰ গৰম নহ’লে তাই গৰ্ভাধাৰণ কৰা বুলি ধাৰণা কৰিব পাৰি। সেয়েহে প্ৰজনন কৰাৰ ১৮-১৯ দিন পিছৰ পৰা গাহৰিজনীক ভালদৰে নিৰীক্ষণ কৰা উচিত। গৰ্ভধাৰণ কৰা মাইকী গাহৰিয়ে ৩ মাহ ৩ সপ্তাহ ৩ দিন অৰ্থাৎ প্ৰায় ১১৪ দিন পিছত পোৱালী জন্ম দিয়ে।
৫) পোৱালী জন্ম দিয়াৰ পিছত পুনৰ প্ৰজননৰ উপযুক্ত সময়:
সচৰাচৰ পোৱালীবোৰৰ বয়স ৮ সপ্তাহ (৫৬ দিন) হোৱাৰ লগে লগে সিহঁতক মাকৰ পৰা পৃথক কৰিব লাগে। পোৱালী পৃথক কৰাৰ ২-১০ দিনৰ ভিতৰত মাকজনী পুনৰ গৰম হয় আৰু এই সময়ত তাইৰ স্বাস্থ্য আৰু দেহৰ গঠন সুস্থ আৰু সৱল হৈ থাকিলে তাইক প্ৰজনন কৰাব পাৰি। অন্যথা এই সময়ত প্ৰজনন নকৰি গাহৰিজনীক ভালদৰে খুৱাই-বোৱাই পুনৰ সুস্থ-সৱল কৰি তুলিহে প্ৰজনন কৰোৱা উচিত।
কৃত্ৰিম প্ৰজনন
কৃত্ৰিম প্ৰজনন হৈছে প্ৰাকৃতিক মিলনৰ পৰিৱৰ্তে কৃত্ৰিম ভাবে গৰ্ভধাৰণ কৰোৱা এক বিজ্ঞানসন্মত আধুনিক প্ৰজনন পদ্ধতি। এই পদ্ধতিত উন্নত প্ৰজাতিৰ পূৰ্ণাঙ্গ মতা গাহৰিৰ পৰা উৎকৃষ্ট মানৰ বীৰ্য সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত সংবৰ্দ্ধন আৰু সংৰক্ষণ কৰা হয়। পূৰ্ণাঙ্গ মাইকী গাহৰিৰ ঋতুৰ সময়ত অৰ্থাৎ গৰম অহা সময়ত কিম্বা পাল খোৱাৰ সময় হ’লে সংৰক্ষণ কৰি ৰখা শুক্ৰাণু বিশেষ সঁজুলি আৰু পদ্ধতিৰ অৱলম্বনৰে গাহৰিজনীৰ জৰায়ুত সংস্থাপন কৰি গৰ্ভধাৰণ কৰোৱা হয়।
কৃত্ৰিম প্ৰজননৰ সুবিধাসমূহ:
• প্ৰাকৃতিক সংগমৰ জৰিয়তে বিয়পিব পৰা বিভিন্ন যৌন ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
• এই পদ্ধতিৰ জৰিয়তে কম সময় আৰু কম খৰচত উন্নত প্ৰজাতিৰ সঁচ পাব পাৰি আৰু বিভিন্ন ঠাইলৈ বিস্তাৰ কৰিব পাৰি।
• মতা আৰু মাইকী গাহৰিৰ আকাৰ, আকৃতিৰ পাৰ্থক্যৰ বাবে প্ৰাকৃতিক সংগমত হ’ব পৰা অসুবিধাসমূহৰ পৰা হাত সাৰিব পাৰি।
কৃত্ৰিম প্ৰজননৰ সফলতাৰ বাবে গাহৰি পালকসকলৰ কৰণীয়:
• প্ৰথমে মাইকী গাহৰিজনী উপযুক্ত ঋতুত আছেনে নাই সেইটো সুনিশ্চিত কৰা উচিত। ইয়াৰ বাবে আগত উল্লেখ কৰাৰ ধৰণে দুইখন হাতেৰে পিঠিৰ পিছফালৰ অংশত হেঁচা প্ৰয়োগ কৰোতে যদি গাহৰিজনী স্থিৰ হৈ থাকে তেন্তে উক্ত সময়ৰ ৬-৮ ঘণ্টাৰ পিছত কৃত্ৰিম প্ৰজনন কৰোৱা উচিত । প্ৰথম কৃত্ৰিম প্ৰজননৰ ১২-১৬ ঘণ্টাৰ পিছত দ্বিতীয় প্ৰজনন কৰোৱা উচিত।
• কৃত্ৰিম প্ৰজননৰ পূৰ্বে যোনিৰ বাহ্যিক অংশ পৰিস্কাৰ পানীৰে ধুই শুকান কাপোৰেৰে মচি ল’ব লাগে।
• আগত উল্লেখ কৰাৰ ধৰণে কৃত্ৰিম প্ৰজননৰ কৰাৰ ১৮-১৯ দিন পিছৰ পৰা গাহৰিজনী ভালদৰে নিৰীক্ষণ কৰা উচিত।
গাহৰিৰ কৃত্ৰিম প্ৰজননে আজি পৰ্যন্ত চৰকাৰী পৰ্যায়ত বিশেয গুৰুত্ব লাভ কৰা নাই আৰু গাহৰি পালকসকলৰ মাজতো ইয়াৰ সজাগতা গঢ়ি উঠা নাই। সেয়েহে অনাগত দিনত গাহৰি পালক সকলে কৃত্ৰিম প্ৰজননৰ সুবিধাৰ দ্বাৰা যাতে অধিক লাভাম্বিত হ’ব পাৰে সেই উদ্দেশ্যে চৰকাৰী পৰ্যায়ত গাহৰিৰ কৃত্ৰিম প্ৰজননৰ উপৰত বিশেষ আঁচনি গ্ৰহণ কৰা উচিত।

***********

লিখকৰ ঠিকনা: ডাঃ জিতু মণি দাস, সহকাৰী অধ্যাপক, পশু প্ৰজনন আৰু প্ৰসূতি বিজ্ঞান বিভাগ, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ। Email: drjitumoni77@ gmial.com


Download PDF

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com