ছাগলীৰ প্ৰজননৰ সফলতাৰ বাবে মন কৰিবলগীয়া বিজ্ঞানসন্মত দিশসমূহ

~ডাঃ জিতু মণি দাস, ডাঃ নেকিবউদ্দিন আহমেদ, ডঃ অৰুণোদয় দাস,ডঃ অঞ্জনজ্যোতি নাথ, ডঃ বিৰাজ কুমাৰ শৰ্মা, ডঃ সঞ্জীৱ বৰা,  ডাঃ কনক চন্দ্ৰ বৰ্মন

     

     আমাৰ ৰাজ্যৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলে অতীজৰে পৰা নিজৰ অতিৰিক্ত আয়ৰ উৎস হিচাপে ছাগলী পালন কৰি আহিছে । আকাৰত সৰু আৰু স্বভাৱত শান্ত হোৱা হেতুকে যিকোনো ব্যক্তি অৰ্থ্যৎ ডেকা, বুঢ়া কিম্বা মহিলা সকলেও ইয়াক সহজে পালন কৰিব পাৰে । অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহত ছাগলী মূলতঃ মাংস উৎপাদনৰ উদ্দেশ্যেৰেহে পালন কৰা হয় আৰু ছাগলীৰ মাংস সেৱনৰ ক্ষেত্ৰত কোনো ধৰ্মীয় বাধ্যবাধকতা নথকাৰ বাবে প্ৰায় সকলো ধৰ্মৰ লোকে ইয়াক গ্ৰহন কৰিব পাৰে । বৰ্তমান সময়ত বজাৰত ছাগলীৰ মাংসৰ ছাহিদা অধিক আৰু ইয়াৰ মূল্যই সৰ্বাধিক । ফলস্বৰূপে আজিৰ দিনত বহুতো ব্যক্তিয়ে ব্যৱসায়িক দিশৰ ওপৰত লক্ষ্য কৰি ছাগলী পাম খোলা পৰিলক্ষিত হৈছে। আনহাতে প্ৰতিপালনৰ বাবে বৰ বেছি মূলধন খটুৱাব নলগাৰ হেতুকে ছাগলীক দুখীয়াৰ গৰু (Poor Man’s cow) আখ্যা দিব পাৰি ।

ব্যৱসায়িক ভিত্তিত খোলা ছাগলী পামৰ গৰাকীৰ অৰ্থনৈতিক লাভালাভ সম্পূৰ্নৰূপে নিৰ্ভৰ কৰে ছাগলীবোৰৰ প্ৰতিপালনৰ বিভিন্ন বিজ্ঞানসন্মত দিশৰ লগতে সফল প্ৰজননৰ ওপৰত। বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি প্ৰতিপালন কৰিলে আৰু সূষম খাদ্যৰ যোগান ধৰিলে এজনী থলুৱা বা বৰ্ণসংকৰ প্ৰজাতিৰ মাইকী ছাগলীৰ পৰা প্ৰতি দুই বছৰৰ ভিতৰত তিনিবাৰ আৰু প্ৰতিবাৰত ২ – ৩ টা পৰ্যন্ত পোৱালী লাভ কৰিব পাৰি । কিন্তু ইয়াৰ বাবে ছাগলী পালকসকলৰ ছাগলীৰ প্ৰজনন সম্পৰ্কীয় কিছু বিজ্ঞানসন্মত জ্ঞান থকাতো বাঞ্ছনীয় ।

ছাগলীৰ প্ৰজনন দুই ধৰনে কৰিব পৰা যায় –

১) প্ৰাকৃতিক প্ৰজনন, আৰু

২) কৃত্ৰিম প্ৰজনন ।

প্ৰাকৃতিক প্ৰজনন পদ্ধতিৰ সফলতা আৰু ইয়াৰ দ্বাৰা অধিক উৎপাদন ঘাইকৈ নিম্ন উল্লেখিত দিশসমূহৰ ওপৰত নিৰ্ভৰ কৰে –

মতা আৰু মাইকী ছাগলী নিৰ্বাচন : ইয়াৰ ভিতৰত –

(ক) অসমত পালনৰ বাবে উপযুক্ত প্ৰজাতি বা জাত

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহত অতিকে জনপ্ৰিয় ছাগলীৰ থলুৱা প্ৰজাতি দুটা হ’ল – অসমৰ পাহাৰীয়া ছাগলী (Assam Hill Goat) আৰু বংগীয় ক’লা ৰঙৰ ছাগলী (Black Bengal) । ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত উপলব্ধ ছাগলীৰ বিভিন্ন উন্নত প্ৰজাতি যেনে – যমুনাপাৰি, বিটেল, বাৰবাৰি ইত্যাদিৰ তুলনাত অসমৰ থলুৱা ছাগলী প্ৰজাতি দুটা আকাৰত যথেষ্ট সৰু যদিও ইহঁতৰ অন্য কিছু চাৰিত্ৰিক বৈশিষ্ট তথা গুণগত মাণদণ্ড অন্য ছাগলীৰ তুলনাত অতি উচ্চ খাপৰ । তদুপৰি অসমৰ আৰ্দ্ৰ সেমেকা প্ৰতিকূল পৰিবেশত এই ছাগলী প্ৰজাতি দুটা সহজে খাপ খাব পাৰে বাবে ইহঁতৰ ক্ষেত্ৰত বেমাৰ-আজাৰৰ প্ৰকোপ অন্য ছাগলীৰ তুলনাত যঠেষ্ট কম হোৱা দেখা যায় । মন কৰিবলগীয়া যে, অসমৰ পাহাৰীয়া ছাগলী প্ৰজাতিৰ মাইকী আৰু বিটেল প্ৰজাতিৰ মতা ছাগলীৰ মাজত প্ৰজনন কৰাই পোৱা বৰ্ণসংকৰ (৫০% বিটেল) ছাগলী প্ৰজাতিটোৱে বৰ্তমান অসমৰ ভিন্ন প্ৰান্তত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে । এই বৰ্নসংকৰ প্ৰজাতিৰ ছাগলীৰ দৈহিক বাঢ়ন ক্ষমতা বেছি হোৱাৰ লগতে পূৰ্ণ বয়সত (অৰ্থাত ১ বছৰ বয়সত) দেহৰ ওজন প্ৰায় ২০ – ২৫ কেজি পৰ্য্যন্ত হোৱা হেতুকে কৃষকসকলেও আকোঁৱালী লোৱা পৰিলক্ষিত হৈছে ।

(খ) মতা আৰু মাইকী ছাগলীৰ অনুপাত

সচাৰচৰ ২০ – ২৫ জনী ছাগলীৰ প্ৰজননৰ বাবে এটা সু-স্বাস্থ্যৱান মতা অৰ্থাৎ পঠা ছাগলীয়েই যথেষ্ট । যদিহে মাইকী ছাগলীবোৰৰ প্ৰজননৰ বয়স প্ৰায় সমসাময়িক হয়, তেন্তে প্ৰাকৃতিক প্ৰজনন পদ্ধতিৰ পৰা অধিক সফলতা পাবলৈ  এই অনুপাত কমাই ১০ – ১৫ ৰ ভিতৰত ৰাখিলে ভাল (অৰ্থাৎ ১০ – ১৫ টা মাইকী ছাগলীৰ বিপৰিতে ১ টা পঠা ছাগলী) । আন্তঃপ্ৰজনন (Inbreeding) ৰোধ কৰিবলৈ প্ৰজননত ব্যৱহাৰ কৰা পঠা ছাগলীতো অন্ততঃ  ১½ – ২ বছৰৰ মূৰে মূৰে সলনি কৰাতো অতি প্ৰয়োজনীয় ।

(গ) মতা আৰু মাইকী ছাগলীৰ ক্ষেত্ৰত প্ৰজননৰ সৰ্বোচ্চ বয়স:

সু-স্বাস্থ্যৱান মতা আৰু মাইকী ছাগলী প্ৰায় ১০ বছৰ বয়স পৰ্যন্ত প্ৰজননক্ষম হৈ থাকে যদিও ৬ – ৭ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত ইঁহতৰ প্ৰজননক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে । গতিকে অৰ্থনৈতিক দিশৰ প্ৰতি চকু ৰাখি, মতা কিম্বা মাইকী ছাগলীবোৰ ৬ – ৭ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত পুনৰ প্ৰজনন নকৰাই বা প্ৰজননৰ বাবে ব্যৱহাৰ নকৰি বিক্ৰি কৰি দিয়া উচিত ।

(ঘ) প্ৰজননৰ বয়স

অসমৰ থলুৱা জাতৰ মাইকী ছাগলীবোৰ প্ৰায় ৬ – ৮ মাহ বয়সত প্ৰথম গৰম হোৱা দেখা যায়  যদিও এই সময়ত সম্পূৰ্ন্ন প্ৰজননক্ষম হৈ নুঠে । দৈনিক সুষম খাদ্যৰ যোগান ধৰিলে আৰু সু-স্বাস্থ্যবান হৈ থাকিলে প্ৰায়      ১০ – ১২ মাহ বয়সত পূৰ্নতা পায় আৰু গৰ্ভধাৰন ক্ষমতা লাভ কৰে ।

ঠিক সেইদৰে থলুৱা প্ৰজাতিৰ সুস্বাস্থ্যবান মতা ছাগলীবোৰ প্ৰায় ১ বছৰ বয়স অতিক্ৰম কৰাৰ পিছতহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা উচিত ।

ঋতুচক্ৰ আৰু ঋতুৰ সময়ত দেখা বাহ্যিক লক্ষণ বোৰ:

প্ৰজননৰ উপযোগী আৰু গৰ্ভধাৰণ নকৰা মাইকী ছাগলী প্ৰতি ২০ – ২১ দিনৰ অন্তৰালত গৰমত আহে যাক ঋতুচক্ৰ বোলা হয় । ঋতুৰ সময়ত দেখিবলৈ পোৱা বিভিন্ন লক্ষণসমূহ হ’ল –

১) ছাগলীজনী যথেষ্ট পৰিমানে চঞ্চল হৈ পৰাৰ লগতে খাদ্য খোৱাৰ প্ৰতি তাইৰ আগ্ৰহ কমি যায় আৰু সঘনাই চিঞৰি অৰ্থাৎ বেবাই থাকে ।

২) সঘনাই প্ৰসাৱ কৰাৰ লগতে নেজ ডাল জোকাৰি থাকে ।

৩) যোনিদ্বাৰ অৰ্থাত প্ৰসাৱ কৰা অংশ ফুলি উঠাৰ লগতে ৰঙচুৱা হৈ পৰে আৰু যোনি পথেৰে তৰল বিজলুৱা পদাৰ্থ নিঃসৰিত হয় ।

৪) ওচৰত অন্য ছাগলী থাকিলে গাৰ ওপৰত জপিয়াই পৰিবলৈ উদ্যত হোৱা দেখা যায় ।

ঋতুৰ সময়ত দেখিবলৈ পোৱা ওপৰোক্ত লক্ষণবোৰ ছাগলী জনীৰ দেহত ২৪ – ৪৮ ঘণ্টা (১ – ২ দিন) পৰ্যন্ত থাকে আৰু গৰম হোৱাৰ বিভিন্ন লক্ষণ প্ৰত্যক্ষ কৰাৰ ২০ – ২৪ ঘণ্টাৰ ভিতৰত প্ৰজনন কৰোৱা উচিত ।

গৰ্ভধাৰন আৰু ইয়াৰ বিভিন্ন লক্ষণ সমূহ :

প্ৰজনন কৰাৰ ২০ – ২১ দিন পিছত ছাগলী জনী পুনৰ গৰম নহলে তাই গৰ্ভধাৰন কৰা বুলি ধাৰনা কৰিব পাৰি। সেয়েহে প্ৰজনন কৰাৰ ১৭ – ১৮ দিন পিছৰ পৰা তাইক ভালদৰে নিৰীক্ষণ কৰা উচিত । গৰ্ভধাৰণ কৰা ছাগলীয়ে প্ৰায় ১৪৫ – ১৪৮ দিন পিছত পোৱালী জন্ম দিয়ে ।

গৰ্ভধাৰনৰ দিন চমু চাপি অহাৰ লগে লগে নিম্ন উল্লেখিত লক্ষণ বোৰ দেখিবলৈ পোৱা যায় –

  • স্বভাৱৰ পৰিৱৰ্তন অৰ্থাৎ শান্ত স্বভাৱৰ হোৱাৰ লগতে প্ৰায় অকলশৰীয়াকৈ থাকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ।
  • দেহৰ আকৃতি ক্ৰমাত বৃদ্ধি পোৱাৰ লগতে বিশেষকৈ পেটতো তলৰ পিনে হাউলি পৰা পৰিলক্ষিত হয় ।
  • প্ৰসাৱ কৰা অংশ ক্ৰমাত ফুলি উঠে ।

চেউৰী ছাগলীৰ ক্ষেত্ৰত ওহাৰৰ লগতে দুগ্ধবাতৰ আকৃতি ক্ৰমাত বৃদ্ধি পাবলৈ ধৰে ।

প্ৰসৱৰ সময়ত লব লগা সাৱধানতা:

প্ৰসৱৰ কেই ঘণ্টা মান আগত সচৰাচৰ দানা-পানী  খোৱাৰ প্ৰৱনতা কমি যায় আৰু সঘনাই উঠা বহা কৰি থকা পৰিলক্ষিত হয় । প্ৰসাৱ কৰা অংশ যথেষ্ট পৰিমানে ফুলি উঠে আৰু ইয়াৰ পৰা তৰল বিজলুৱা পদাৰ্থ নিঃসৰিত হয় । প্ৰসৱৰ সময়ত ছাগলীজনীক পৰিস্কাৰ পৰিবেশত ৰখাটো উচিত আৰু আমনি নকৰাকৈ দূৰৈৰ পৰা লক্ষ্য কৰি থকাটো বাঞনীয় । প্ৰসৱ প্ৰক্ৰিয়াতো প্ৰায় ১/২ – ২ ঘণ্টাৰ ভিতৰত সমাপ্ত হয় যদিও পেটত দুটা বা তিনিটা পোৱালী থাকিলে কিছু দিঘলীয়াও হ’ব পাৰে ।

পোৱালী জন্ম দিয়াৰ  প্ৰায় ১/২ – ৮ ঘণ্টাৰ ভিতৰত ফুল বা জলখন সৰি পৰা উচিত । কিন্তু যদিহে ১২ ঘণ্টা পৰ্যন্ত ই সৰি নপৰে তেনেক্ষেত্ৰত পলম নকৰি পশু-চিকিৎসকৰ সহায় লোৱা উচিত ।

পোৱালী জন্ম দিয়াৰ পিছত পুনৰ প্ৰজননৰ উপযুক্ত বয়স :

পোৱালী জন্ম দিয়াৰ পৰা পুনৰ পাল খোৱাৰ মাজৰ ব্যৱধান ৫০ – ৬০ দিনৰ ভিতৰত থকা উচিত । এই ব্যৱধান যাতে দীঘলিয়া নহয় তাৰ প্ৰতি লক্ষ্য্‌ ৰাখি, মাকজনীক দৈনন্দিক সূষম খাদ্যৰ লগত সংমিশ্ৰিত ভিটামিন আৰু খনিজ লৱণ (Mineral Mixture) যোগান ধৰা উচিত ।

কৃএিম প্ৰজনন :

কৃএিম প্ৰজনন হৈছে প্ৰাকৃতিক মিলনৰ পৰিবৰ্তে কৃএিমভাবে গৰ্ভধাৰন কৰোৱা এক বিজ্ঞানসন্মত আধুনিক প্ৰজনন পদ্ধতি । এই পদ্ধতিত উন্নত প্ৰজাতিৰ পূৰ্নাঙ্গ মতা ছাগলীৰ দেহৰ পৰা উৎকৃষ্ট মানৰ বীৰ্য সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত সংবৰ্ধন আৰু সংৰক্ষণ কৰা হয় । পূৰ্নাঙ্গ মাইকী ছাগলীৰ ঋতুৰ সময়ত অৰ্থাত পাল খোৱাৰ সময় হলে সংৰক্ষণ কৰি ৰখা হিমায়িত শুক্ৰাণু বিশেষ সজুঁলি আৰু পদ্ধতিৰ অৱলম্বেনেৰে ছাগলীজনীৰ জৰায়ুত সংস্থাপন কৰি তাইক গৰ্ভধাৰন কৰোৱা হয় ।

ছাগলীৰ ক্ষেত্ৰত কৃএিম প্ৰজননৰ বিভিন্ন সুবিধাসমূহ :

১) থলুৱা জাতৰ ছাগলীৰ পৰা বৰ্ন- সংকৰ বিটেল বা অন্য বৰ্ণ-সংকৰ ছাগলীৰ গৰাকী হব পাৰি ।

২) প্ৰাকৃতিক প্ৰজননৰ জৰিয়তে মতা ছাগলীৰ দেহৰ পৰা মাইকী ছাগলীৰ দেহলৈ বিয়পিব পৰা বিভিন্ন ধৰণৰ যৌন ৰোগৰ সংক্ৰমণ এৰাই চলিব পাৰি কিম্বা প্ৰতিৰোধ কৰিব পৰা যায় ।

৩) সচৰাচৰ মতা ছাগলী পালন কৰোতে হোৱা খৰচৰ পৰা হাত সাৰি থাকিব পাৰি ।

৪) প্ৰাকৃতিক প্ৰজননৰ ক্ষেত্ৰত হব পৰা আন্তঃপ্ৰজনন কুফলৰ পৰা হাত সাৰিব পাৰি ।

৫) এই পদ্ধতিৰ জৰিয়তে কম সময় আৰু কম খৰচত উন্নত প্ৰজাতিৰ সচ পাব পাৰি আৰু বিভিন্ন ঠাইলৈ বিস্তাৰ কৰিব পাৰি ।

৬)  কৃএিম প্ৰজনন কৰাৰ তাৰিখ জ্ঞাত হোৱাৰ ফলত ছাগলী জনীৰ প্ৰসৱৰ সম্ভাব্য দিনতো গম পাবলৈ সুবিধা হয়।

কৃএিম প্ৰজনন পদ্ধতিৰ সফলতাৰ বাবে ছাগলী পালকসকলৰ কৰণীয় :

১) গৰম হোৱা বিভিন্ন লক্ষণ বোৰ দেখা মাত্ৰকে ছাগলী জনী ঘৰতে বান্ধি ৰাখিব লাগে আৰু ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত অৰ্থাত গৰম হোৱা লক্ষণ প্ৰত্যক্ষ কৰাৰ ২৪ ঘণ্টা পিছত কৃএিম প্ৰজনন কৰাব লাগে ।

২) কৃএিম প্ৰজনন কৰাৰ ১৮ – ১৯ দিন পিছৰ পৰা ছাগলী জনীক ভালদৰে নিৰীক্ষণ কৰা উচিত ।

৩) গৰ্ভধাৰণ কৰা ছাগলীক প্ৰতি দিনে সূষম খাদ্য খাবলৈ দিয়াৰ লগতে গৰ্ভধাৰণৰ প্ৰথম মাহত কেলচিয়াম আৰু আইৰণযুক্ত দৰৱ যোগান ধৰা উচিত ।

ছাগলীৰ কৃএিম প্ৰজননৰ সূবিধা বৰ্তমান অসমৰ পশুপালন আৰু পশু -চিকিৎসা বিভাগৰ অধিনষ্ঠ পশু চিকিৎসালয় সমূহত উপলব্ধ । ছাগলী পালক সকলে নিজৰ ওচৰৰ পশু চিকিৎসালয় সমূহত যোগাযোগ কৰি ইয়াৰ সূবিধা গ্ৰহন কৰা উচিত। যদিহে ওচৰৰ পশু চিকিৎসালয়ত বৰ্তমানো এই সূবিধা উপলব্ধ হোৱা নাই, তেন্তে প্ৰাকৃতিক প্ৰজনন পদ্ধতিৰ জৰিয়তেও নিজৰ থলুৱা ছাগলীৰ পৰা উন্নত প্ৰজাতিৰ বৰ্ন-সংকৰ ছাগলীৰ গৰাকী হব পৰা যায় । ইয়াৰ বাবে এটা চুবুৰী বা এখন গাৱঁৰ মানুহবোৰ একত্ৰিত হৈ সমূহীয়াভাৱে এটা উন্নত বিটেল প্ৰজতিৰ মতা (পঠা) ছাগলী কিনি আনি প্ৰাকৃতিক প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।

প্ৰজননৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ মাইকী ছাগলী পোৱালীবোৰক সৰুৰে পৰা যত্ন লোৱা উচিত । এই ক্ষেত্ৰত দৈনন্দিক কিছু পৰিমানত পুষ্টিকৰ খাদ্য খাবলৈ দিয়া, পৰিস্কাৰ পৰিবেশত পালন কৰা, পশু-চিকিৎকৰ পৰামৰ্শ গ্ৰহন কৰি নিয়মিত সময়ৰ ব্যৱধানত পেলুৰ দৰৱ খুৱওৱা আৰু বিভিন্ন ৰোগৰ প্ৰতিষেধক টিকা দিয়াতো বাঞ্চনীয় ।

*************

লিখকৰ ঠিকনা- ডাঃ জিতু মণি দাস, ডাঃ নেকিবউদ্দিন আহমেদ, ডঃ অৰুণোদয় দাস,ডঃ অঞ্জনজ্যোতি নাথ, ডঃ বিৰাজ কুমাৰ শৰ্মা, ডঃ সঞ্জীৱ বৰা,  ডাঃ কনক চন্দ্ৰ বৰ্মন

 

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com