ছাগলীৰ পৰজীৱী জনিত ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

~ডঃ গৌতম বৰদলৈ, ডঃ সঞ্জীৱ খাৰঘৰীয়া, ডাঃ কন্দৰ্প বৰুৱা, ডাঃ কৰুণা শইকীয়া আৰু ডাঃ ধীৰাশ্ৰী চৌধুৰী

 

ভাৰত তথা অসমৰ আৰ্থ-সামাজিক উন্নয়নত ছাগলী পালনে অতীজৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পশু-পক্ষী ভেদে ইয়াৰ পালনৰ সা-সুবিধাসমূহ বেলেগ বেলেগ। ছাগলী পালনতো কিছুমান বিশেষ সুবিধা দেখিবলৈ পোৱা যায়। ই বৰ শান্ত স্বভাৱৰ। সেয়েহে মহিলাকে ধৰি সকলোৱে ইয়াক সহজে পালন কৰিব পাৰে। ছাগলী পালনৰ বাবে যাবতীয় খৰচ গৰু-ম’হতকৈ বহুত কম। সেয়েহে দুখীয়া পৰিয়াল এটিয়ে কেইজনীমান ছাগলী অতি সহজে বিজ্ঞানসন্মত ভাৱে পালন কৰি লাভৱান হ’ব পাৰে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সেমেকা আৰু এনে জলবায়ুয়ে বিভিন্ন পৰজীৱী সমূহৰ বংশ বৃদ্ধি কৰাত এক সুস্থ-সৱল পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ছাগলী পৰজীৱী জনিত ৰোগত অতি বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। পৰজীৱীজনিত ৰোগত  আক্ৰান্ত হোৱাৰ ফলত ছাগলীৰ দেহৰ ওজন কমাৰ লগতে উৎপাদনৰ হাৰো কমি যায়। তলত ছাগলীৰ বিভিন্ন পৰজীৱীজনিত ৰোগৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।

সচৰাচৰ ছাগলীত বহিঃ আৰু আন্তঃ পৰজীৱীৰ সংক্ৰমণ হোৱা দেখা যায়।

বহিঃ পৰজীৱীসমূহ হ’ল-

১) চিকৰা

২) চাঁহি

৩) ওকণি, ইত্যাদি।

উপৰোক্ত পৰজীৱী সমূহে ছাগলীৰ ৰক্ত শোষণ কৰাৰ লগতে ইহঁতৰ উপস্থিতি বৰ আমনিদায়ক আৰু বিভিন্ন সময়ত ইহঁতে বিভিন্ন ৰোগৰ বাহক হিচাপে কাম কৰে।

চিকৰাৰ পৰা ৰক্ষা পাবলৈ হ’লে আক্ৰান্ত হোৱা ছাগলী সমূহক পশু চিকিৎসকৰ পৰামৰ্শ মতে সঠিক ঔষধ প্ৰয়োগ কৰাটো প্ৰয়োজন। আক্ৰান্ত ছাগলী সমূহক অন্য সুস্থ ছাগলী সমূহৰ পৰা আতৰাই ৰাখিব লাগে লগতে ছাগলী সমূহ ৰখা ঠাই পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ঠাইখন চিকৰা মুক্ত হৈ থাকিব পাৰে। ইয়াৰ উপৰি সুবিধা অনুযায়ী ছাগলী সমূহক বহিঃ পৰজীৱীনাশক দ্ৰব্য মিশ্ৰিত পানীত মাজে-মাজে ডুবোৱাৰ ব্যৱস্থা কৰিব লাগে।

চাঁহি আৰু ওকণিৰ দ্বাৰা আক্ৰান্ত ছাগলী সমূহকো সুস্থ ছাগলী সমূহৰ পৰা আতৰাই ৰখাৰ ব্যৱস্থা কৰি পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপযুক্ত পৰজীৱীনাশক ব্যৱহাৰ কৰিব লাগে। ওকণিৰ পৰা উপশম পাবৰ বাবে ধপাত তথা নিম পাত মিশ্ৰিত পানী শৰীৰত বাহ্যিক ভাৱে প্ৰয়োগ কৰিব পাৰি।

অন্তঃ পৰজীৱী সমূহ হ’ল-

১) ঘূৰণীয়া কৃমি

২) চেপেটা কৃমি

৩) ফিটা কৃমি

৪) প্ৰট’য’ৱা ইত্যাদি।

ঘূৰণীয়া কৃমি সংক্ৰমণ হ’লে দেখা দিয়া প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, ৰক্তহীনতা, গলৰ তলত পানী জমা হোৱা, আৰু শৰীৰৰ বৃদ্ধি হ্ৰাস পোৱা। ঘূৰণীয়া কৃমিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে পৰ্য্যায়ক্ৰমে সঠিক মাত্ৰাত আৰু সঠিক কৃমিনাশক দৰৱ ব্যৱহাৰ কৰিব লাগে।

ফিটাকৃমিৰ সংক্ৰমণ হ’লে দেখা দিয়া লক্ষণ সমূহ হ’ল- শৰীৰৰ বৃদ্ধি হ্ৰাস হোৱা, পাতল পায়খানা বা কৌষ্ঠ কাঠিন্য ইত্যাদি। ফিটাকৃমিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে বছৰি পৰ্য্যায়ক্ৰমে সঠিক সময়ত সঠিক মাত্ৰাৰ তথা সঠিক কৃমিনাশক ব্যৱহাৰ কৰিব লাগে।

চেপেটাকৃমি সংক্ৰমণ হ’লে দেখা দিয়া লক্ষণ সমূহ হ’ল- ৰক্তহীনতা, ভোক নলগা, শুকাই-খীনাই যোৱা, পাতল পায়খানা হোৱা আৰু কেতিয়াবা গলৰ তলত পানী জমা হৈ ফুলি যোৱা। এই কৃমিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে লবলগীয়া ব্যৱস্থা সমূহ হ’ল- শামুক নিবাৰণ কৰা, ৰাতিপূৱা সোনকালে আৰু আৱেলি দেৰিকৈ ঘাঁহ খাবলৈ এৰি নিদিয়া তথা পৰ্য্যায়ক্ৰমে বছৰৰ নিৰ্দ্দিষ্ট সময়ত সঠিক মাত্ৰাত সঠিক কৃমিনাশকৰ ব্যৱহাৰ কৰা।

প্ৰট’য’ৱা সমূহৰ ভিতৰত কক্সিডিয়া অন্যতম। কক্সিডিঅ’চিচ হ’লে সচৰাচৰ ৰক্তমিশ্ৰিত মুগাবৰণীয়া পাতল পায়খানা, ৰক্তহীনতা আদি লক্ষণসমূহ দেখা যায়। বিভিন্ন ধৰণৰ কক্সিডিয়ানাশক ঔষধৰ প্ৰয়োগৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

ছাগলীৰ পৰজীৱীজনিত ৰোগৰ লগত জড়িত কিছুমান উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ কথা:-

১) ছাগলী পাম সদায় ওখ পানী জমা নোহোৱা ঠাইত পাতিব লাগে।

২) পৰাপক্ষত চাংঘৰ পাতি ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে মল-মূত্ৰসমূহ জমা হৈ থাকিব নোৱাৰে কাৰণ পৰজীৱীসমূহৰ বেছিভাগেই এই মল-মূত্ৰৰ দ্বাৰাই বিয়পে।

৩) বছৰি পৰ্য্যায়ক্ৰমে কৃমিনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে। বাৰিষাৰ সময়ত পাৰিলে দুমাহৰ মূৰে-মূৰে ব্যৱহাৰ কৰিব লাগে।

৪) কৃমিনাশক ব্যৱহাৰ কৰোতে সদায় সঠিক ঔষধ নিৰ্বাচন কৰিব লাগে। যেনে বহিঃ পৰজীৱীৰ সংক্ৰমণ হ’লে আইভাৰমেক্তিন আৰু ঘূৰণীয়া কৃমি হলে পাইপাৰাজিন বা এলবেণ্ডাজ’ল, ইত্যাদি।

৫) কৃমিনাশক সমূহ ব্যৱহাৰ কৰোতে সঠিক মাত্ৰা নিৰ্ধাৰণ কৰাটোও অতিশয় আৱশ্যকীয়। অন্যথা বহুতো পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সঠিক ঔষধ সঠিক মাত্ৰাতহে ব্যৱহাৰ কৰিব লাগে।

৬) পথাৰত চৰিবলৈ বা ঘাঁহ খাবলৈ দিওঁতে সদায় পোৱালী আৰু প্ৰাপ্তবয়স্ক ছাগলী সমূহক বেলেগ বেলেগকৈ ৰাখিব লাগে।

        উপৰত উল্লেখ কৰা কথাসমূহত গুৰুত্ব প্ৰদান কৰি আগবাঢ়িলে পৰজীৱীজনিত ৰোগসমূহৰ পৰা যথেষ্ট খিনি হাত সাৰি থাকিব পৰা যায় যাৰ দ্বাৰা কৃষকৰ আয় বৃদ্ধি হোৱাতো নিশ্চিত হৈ পৰে।

*****************

লিখকৰ ঠিকনা- ডঃ গৌতম বৰদলৈ, ডঃ সঞ্জীৱ খাৰঘৰীয়া, ডাঃ কন্দৰ্প বৰুৱা, ডাঃ কৰুণা শইকীয়া আৰু ডাঃ ধীৰাশ্ৰী চৌধুৰী,লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com