ছাগলীৰ বিজ্ঞানসন্মত খাদ্য যোগান

~ডাঃ কনক চন্দ্ৰ বৰ্মন, ডাঃ জিতু মণি দাস, ডাঃ অঞ্জন জ্যোতি নাথ আৰু ডাঃ প্ৰিয়ঙ্কা কোঁৱৰ

 

    ছাগলী পাম এখনৰ পৰা অধিক উৎপাদন পাবলৈ হ’লে ছাগলীক কৰা অন্য প্ৰতিপালনৰ লগতে উপযুক্ত পৰিপুষ্টিৰো অত্যন্ত দৰকাৰ। ছাগলী পালনত খাদ্যদ্ৰব্যৰ ভূমিকা অপৰিসীম। খাদ্যই জীয়াই থকাৰ লগতে ছাগলীৰ শাৰীৰিক সুস্থতা বজাই ৰাখে, শাৰীৰিক ওজন বৃদ্ধি কৰে। উপযুক্ত পৰিপুষ্টিয়ে প্ৰজনন ক্ষমতা যেনে- গাভিনী হোৱা, পোৱালী দিয়া আদি কাৰ্য্য সুকলমে হোৱাত সহায় কৰে। উন্নতমানৰ খাদ্যই গাখীৰ আৰু মাংস উৎপাদনত সহায় কৰাৰ লগতে ইয়াৰ গুণাগুনো বৃদ্ধি কৰে। বেমাৰ প্ৰতিৰোধৰ ক্ষমতাও বহুলাংশে পৰিপুষ্টিৰ ওপৰতে নিৰ্ভৰশীল।

ছাগলীৰ খাদ্য খোৱাৰ ধৰণ:

  • আগ ঠেং দাঙি পিছ ঠেঙত ভৰ দি গছ/পাত আদি খাই ভাল পায়, ইংৰাজীত যাক “Browsing” স্বভাৱ বুলি কোৱা হয়।
  • আন জীৱ-জন্তুৱে লেতেৰা কৰা খাদ্য-পানী আদি ছাগলীয়ে নাখায়।
  • ছাগলীয়ে বিভিন্ন ধৰণৰ ঘাঁহ-বন, গছ পাত, লতা আদি খাই ভাল পায়।
  • প্ৰতি কি.গ্ৰা. শাৰীৰিক ওজন হিচাপে ছাগলীয়ে গৰু-ম’হতকৈ বেছি খাদ্য খায়। (শুকান দ্ৰব্য হিচাপত ৪-৬ কি.গ্ৰা./১০০ কি.গ্ৰা. শাৰীৰিক ওজন হিচাপে)

 

ছাগলীয়ে খোৱা বিভিন্ন ধৰণৰ খাদ্য:

  • খেতি কৰা ঘাঁহ: মাকৈ, ওট, পাৰা, গিনি, নেপিয়াৰ, লেচেৰা মাহ, বেজিয়া মাহ, বাৰচিম আদি।
  • প্ৰাকৃতিক ভাৱে উপলব্ধ ঘাঁহ-বন: দুবৰী, উলুবন, ববচা, কেঞা বন, বনগুটি আদি।
  • গছৰ পাত: আঁহত, আম, কঁঠাল, বগৰী, আমলখি, বহত, কাঞ্চন, ডিমৰু, কৰ্দৈ, নুনী, চুবাবুল, বকুল, শিমলু, আলু, নীম আদি।
  • দানা জাতীয় খাদ্য: ভঙা মাকৈ, ঘেঁহু, খুদ চাউল, খলিহৈ, চাউলৰ মল, ভুচি, চাপৰ আদি।

 

দানাজাতীয় খাদ্যবোৰক আমি কেইটামান ভাগত ভাগ কৰিব পাৰো, যেনে-

১) শক্তি যোগানকাৰী খাদ্য: ভঙা মাকৈ, ঘেঁহু, খুদ চাউল, চাপৰ, ভুচি, চাউলৰ মল, , আদি।

২) প্ৰ’টিন যোগানকাৰী খাদ্য: সৰিয়হ, বাদাম, তিল আদিৰ খলিহৈ আৰু চয়াবিনৰ গুড়ি।

৩) খনিজ লৱণ: বিভিন্ন ধৰণৰ খনিজ লৱণ বজাৰত উপলব্ধ।

 

ছাগলীৰ দৈনিক দৰকাৰী খাদ্যৰ পৰিমাণ:

ছাগলীৰ জাত, বয়স, বৃদ্ধি আদিৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত হাৰত দানা-পানী যোগান ধৰিব পাৰিলে অধিক উৎপাদন পাব পাৰি।

১) জন্মৰ পৰা ৩ মাহ বয়সলৈ:

– ফেঁহু বা গাখীৰ ২০০-৩০০ মি.লি. দৈনিক পোৱালীৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি, শাৰীৰিক    

 ওজনৰ ১/৬ অংশ হিচাপে।

– ১ মাহ বয়সৰ পিছত গাখীৰ আৰু উন্নতমানৰ ঘাঁহ।

– উন্নত জাতৰ ছাগলী হ’লে ১০০-২০০ গ্ৰাম মিশ্ৰিত দানা দৰকাৰ।

 

২) বাঢ়নীয়া ছাগলী:

উন্নত ঘাঁহ যেনে মাকৈ, ওট, পাৰা, গিনি, নেপিয়াৰ, লেচেৰা মাহ, বেজিয়া মাহ, বাৰচীম আদি খুৱাব পাৰিলে অন্য কোনো দানাজাতীয় খাদ্যৰ প্ৰয়োজন নাই।

 

৩) গাভিনী আৰু পোৱালি দিয়া ছাগলী:

– উন্নত ঘাঁহ যেনে মাকৈ, ওট, পাৰা, গিনি, নেপিয়াৰ, লেচেৰা মাহ, বেজিয়া মাহ, বাৰচীম আদি  

 যিমান পাৰে খুৱাব লাগে।

– ঘাঁহৰ উপৰিও ৫০০ মি.লি. গাখীৰ দিয়া উন্নত জাতৰ ছাগলী এজনীৰ বাবে ২০০-৩০০ গ্ৰাম

দানাৰ দৰকাৰ।

– ৩ মাহ গাভিনী ছাগলী এজনীৰ বাবে উন্নত ঘাঁহৰ উপৰিও ১৫০-২০০ গ্ৰাম দানা দৰকাৰ।

 

তালিকা: ছাগলীৰ সুষম দানাৰ এটি নমুনা

ক্ৰম সংখ্যা উপাদান শতকৰা হিচাপত পৰিমাণ (কেজি)
ভঙা মাকৈ, ঘেঁহু বা খুদ চাউল ২৫
চাউলৰ মল/ভুচি ২৫
চাপৰ ৩০
সৰিয়হ/বাদাম/তিলৰ খলিহৈ বা চয়াবিনৰ গুড়ি ১৭
খনিজ লৱণ
খোৱা নিমখ
মুঠ ১০০

 

ছাগলীৰ খাদ্য যোগানত গুৰুত্ব দিবলগীয়া কেইটামান কথা:

১) দৈনিক সেউজীয়া ঘাঁহৰ যোগান নিশ্চিত কৰিব লাগে অথবা ঘাঁহনিত চৰিব দিব লাগে।

২) বয়স, ওজন, উৎপাদন আদিৰ হিচাপত খাদ্য যোগান ধৰিব লাগে।

৩) খাদ্য/দানা অপচয় কৰিব নালাগে।

৪) দানা চাং বা ওখ শুকান ঠাইত ৰাখিব লাগে। মাটিৰ সংস্পৰ্শলৈ আহিব দিব নালাগে।

৫) থলুৱা ভাৱে উপলব্ধ খাদ্যবস্তু ব্যৱহাৰ কৰিলে লাভ বেছি পোৱা যায়। মাটি মাহ বা অন্য মাহ, মটৰ আদিৰ ৰৈ যোৱা শুকান গছ-পাত গুড়ি কৰি মিশ্ৰিত দানাৰ লগত মিহলাই খুৱাব পাৰি।

৬) দানা, পানী আদিৰ পাত্ৰ সদায় চাফ-চিকুণ কৰি ৰাখিব লাগে।

*****************

লিখকৰ ঠিকনা- ডাঃ কনক চন্দ্ৰ বৰ্মন, ডাঃ জিতু মণি দাস, ডাঃ অঞ্জন জ্যোতি নাথ আৰু ডাঃ প্ৰিয়ঙ্কা কোঁৱৰ

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com