ছাগলীৰ ৰোগ, ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিষেধক ব্যৱস্থাৱলী

~ডাঃ প্ৰশান্ত কুমাৰ বড়ো আৰু ডাঃ অঞ্জন জ্যোতি নাথ

     ছাগলী পালনৰ ক্ষেত্ৰত সিহঁতৰ সুস্বাস্থ্যৰ বাবে আমি প্ৰধানতে লক্ষ্য ৰাখিব লাগে যে যি ঠাইৰ পৰা ছাগলী কিনা হ’ব সেই ঠাইৰ বা পামৰ ছাগলীৰ বেমাৰৰ পৰিঘটনা যাতে কম আৰু পামখন নাম থকা পাম হয়। তদুপৰি প্ৰতিপালনৰ ক্ষেত্ৰত ভাল ঘৰ বা থকা ঠাই, ভাল খাদ্য আৰু ভাল পৰিচৰ্য্যাৰে সিহঁতৰ কষ্টৰ পৰিমাণ কম কৰিব লাগে। সিহঁতৰ হ’ব পৰা বেমাৰৰ বাবে প্ৰতিষেধক ব্যৱস্থা আৰু পশু চিকিৎসকৰ লগত আলোচনা কৰি হ’ব পৰা বেমাৰৰ পৰা পৰিত্ৰাণৰ আঁচনি আগতিয়াকৈ গ্ৰহণ কৰিলেহে ছাগলী পালনৰ পৰা লাভান্বিত হ’ব পাৰি।

ছাগলীৰ বেমাৰ আৰু মৃত্যুৰ বিভিন্ন কাৰণবোৰ:

ছাগলীৰ সংক্ৰামক ৰোগৰ প্ৰধান কাৰণ হৈছে বিভিন্ন বীজাণু। উদাহৰণস্বৰূপে বেক্টেৰিয়া, ভাইৰাচ, ফাংগাচ ইত্যাদি। এই বীজাণুবোৰে পোনপটীয়াকৈ বা বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সুবিধা লৈ জীৱ-জন্তুক আক্ৰমণ কৰে, আনহাতে বেমাৰৰ আন এক উৎস হৈছে খাদ্য আৰু পৰিপুষ্টিৰ অভাৱ। এই অভাৱে জীৱ-জন্তুক দুৰ্বল কৰি তোলে আৰু তাৰেই সুবিধা লৈ বিভিন্ন বীজাণুৱে আক্ৰমণ কৰি ৰোগীয়া কৰি তুলে। আন কিছুমান বেমাৰৰ কাৰক হ’ল বিষাক্ত দ্ৰব্য সেৱন, দুৰ্ঘটনা, অধিক বয়স, থকা ঘৰৰ পৰা হ’ব পৰা বিভিন্ন অসুবিধা, খাদ্যৰ অভাৱত ভোকত থকা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত হোৱা অস্বাস্থ্যকৰ পৰিৱেশ।

কিছুমান স্বাস্থ্য সম্বন্ধীয় লক্ষণ যাৰ পৰা জীৱ-জন্তুৰ বেমাৰৰ আভাস আগতীয়াকৈ পাব পাৰি:

জীৱ-জন্তুৰ দৈহিক গঠন, সিহঁতৰ স্বভাৱ, প্ৰতিক্ৰিয়া, দৈহিক স্থিতি, খাদ্য খোৱাৰ লক্ষণ, গাৰ নোমৰ অৱস্থা, মল-মূত্ৰ ত্যাগৰ ধৰণ, থিয় হোৱাৰ লক্ষণ আৰু খোজ কঢ়াৰ ধৰণ সাধাৰণ অৱস্থাতকৈ বেলেগ পৰিলক্ষিত হয় তেতিয়া আমি নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰো যে সেই জন্তুটোৱে নিশ্চয় কিবা অসুবিধা বা বেমাৰত ভুগি আছে। উদাহৰণস্বৰূপে যদি এটা জন্তুৱে তাক সদায় দিয়া দানা খোৱাৰ পৰিমাণ কৰি আহে অথবা খোৱাত ৰুচি নাথাকে তেতিয়া আমি আগতীয়াকৈ এই লক্ষণ চকুত পৰাৰ লগে লগে যাবতীয় ব্যৱস্থা লোৱাটো দৰকাৰী। তেনেদৰে মল-মূত্ৰ ত্যাগ কৰাৰ সময়ত জন্তুটোৱে যদি বিষৰ লক্ষণ দেখুৱায় বা সোলোচাকৈ নকৰে অতি সোনকালে পশু চিকিৎসকৰ লগত বিষয়টো আলোচনা কৰি যাৱতীয় ব্যৱস্থা লোৱাটো অতিশয় দৰকাৰী। আন এক অতি সহজে চকুত পৰা লক্ষণ হ’ল জন্তু এটাৰ গাৰ নোমৰ গঠন। গাৰ নোম মিহি আৰু উজ্জ্বল হ’লে আমি সুস্বাস্থ্যৰ বুলি ধৰি লব পাৰো। আনহাতে গাৰ নোম ভোবোৰা বা খহটা হ’লে জন্তুটোৰ বেমাৰ হোৱাৰ আভাষ পাব পাৰি। তাৰোপৰি শৰীৰৰ প্ৰাকৃতিক নিৰ্গমণ পথসমূহেদি (Natural orifices) ওলোৱা তৰল পদাৰ্থ আৰু তাৰ প্ৰকৃতি, উশাহ-নিশাহত কোনো বিসংগতি, পেটৰ আকৃতি বা গঠন, জনন ইন্দ্ৰিয়ৰ অৱস্থা, চকু, কাণ, নাক, মূৰ, বুকু আদিৰ অৱস্থা আৰু চকুৰ পতাৰ ভিতৰৰ অংশৰ ৰঙ আদিৰ পৰাও স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অনুধাৱন কৰিব পাৰি। উদাহৰণস্বৰূপে উশাহ-নিশাহত কষ্ট পাই থকা বা অস্বাভাৱিকভাৱে পেট ফুলি থকা জন্তু এটা যে স্বাস্থ্যবান নহয় সেয়া আতৰৰ পৰাই ক’ব পাৰি। আনহাতে চকুৰ পতাৰ ভিতৰৰ ৰং দেখিয়েই এটা জন্তু ৰক্তহীনতাত ভোগা, পিত্তৰোগ (Jaundice) আদিত ভূগি থকাৰ উমান পাব পাৰি।

বেমাৰ প্ৰতিৰোধৰ ব্যৱস্থাপনা:

চাফ-চিকুনতাৰ বাবে অনুমোদিত পদ্ধতিৰ ব্যৱহাৰ, বেমাৰী জন্তুক স্বাস্থ্যবানবোৰৰ পৰা আতৰত ৰখা, আমাৰ নিজাববীয়া চিকুণতা, জন্তুবোৰৰ চৰণীয়া পথাৰ সাল-সলনি, স্বাস্থ্যৱান জন্তুৰ প্ৰতিষেধকৰ ব্যৱস্থা, জীৱ-জন্তু থকা ঠাইৰ বীজাণুনাশন ব্যৱস্থা, মল-মূত্ৰ সু-নিষ্কাষণ ব্যৱস্থা, নতুনকৈ অনা জীৱ-জন্তুক আগৰ খিনিৰ লগত মিলোৱাৰ আগতে লবলগীয়া যাৱতীয় ব্যৱস্থা, ফাৰ্ম বা জীৱ-জন্তুৰ গড়ালত সোমোৱাৰ আগত ভৰি তিওৱাৰ পদ্ধতি, সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো মহামাৰী হলে সময়মতে জনোৱা, সময়মতে চিকিৎসাৰ ব্যৱস্থা আৰু মৃত বেমাৰী জীৱ-জন্তুক যথোপযুক্ত পদ্ধতিৰে /বিজ্ঞানসন্মত পদ্ধতিৰে পোতা আদি অতিশয় জৰুৰী আৰু এনেবোৰ পদ্ধতি অৱলম্বনৰে জীৱ-জন্তুৰ হ’ব পৰা বেমাৰ-আজাৰ যথেষ্ট পৰিমাণে হ্ৰাস পায়।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে পৰিলক্ষিত হোৱা ৰোগসমূহ:

আগতে উল্লেখ কৰাৰ দৰে, ৰোগৰ কাৰক অনুযায়ী ছাগলীত দেখা দিয়া বিভিন্ন ৰোগসমূহ প্ৰধানতঃ এনেধৰণৰ-

ক) সংক্ৰমণ

১) ভাইৰাচ জনিত ৰোগ

২) বেক্টেৰিয়া জনিত ৰোগ

৩) পৰজীৱী জনিত ৰোগ

৪) ভেঁকুৰ জনিত ৰোগ

৫) ক্লেমাইদিয়া জনিত ৰোগ

৬) ৰিকেটচিয়া জনিত ৰোগ

৭) বিভিন্ন পোক-পৰুৱা বা বাহ্যিক পৰজীৱীৰ দ্বাৰা আক্ৰান্ত হৈ হোৱা ৰোগ

খ) দেহৰ স্বাভাৱিক প্ৰণালীৰ বিসংগতি

১) শ্বাস তন্ত্ৰৰ ৰোগ

২) খাদ্য তন্ত্ৰৰ ৰোগ

৩) প্ৰসাৱ আৰু জনন তন্ত্ৰৰ ৰোগ

৪) স্নায়ু তন্ত্ৰৰ ৰোগ

৫) তেজৰ ৰোগ

৬) চালৰ ৰোগ

গ) বিপাক ক্ৰিয়া জনিত ৰোগন

ঘ) প্ৰজনন জনিত ৰোগ

ঙ) পুষ্টিহীনতা

চ) অন্যান্য

তলত কিছু দৰকাৰী ৰোগৰ লক্ষণ সম্পৰ্কীয় সাম্যক আলোচনা আগবঢ়োৱা হ’ল:-

ভাইৰাচজনিত ৰোগ:

১) পেষ্টি-ডি-পেটিট ৰুমিণেণ্ট (Peste des petits ruminants, চমুকৈ PPR): এই ৰোগত আক্ৰান্ত ছাগলীসমূহৰ লক্ষণসমূহ হ’ল- যথেষ্ট বেছি জ্বৰ উঠা, মুখত ঘাঁ লগা, ফেচকুৰী ওলোৱা, নাকৰ পৰা শেঙুন ওলোৱা আৰু পাতল পায়খানা। দেহত পানীৰ পৰিমাণ কমি যোৱা আৰু শ্বাস-প্ৰাশ্বাসত পোৱা অসুবিধাজনিত কাৰণত আক্ৰান্ত ছাগলী সমূহত মৃত্যুৰ হাৰ বাঢ়ি যায়।

এই বেমাৰ সাধাৰণতে নাকৰ পৰা ওলোৱা তৰল পদাৰ্থৰ জৰিয়তে বিয়পে আৰু যিকোনো স্বাস্থ্যৱান ছাগলী এনে পদাৰ্থৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শত আহিলে ৰোগত আক্ৰান্ত হয়। এই ৰোগৰ চিকিৎসা নাই। ৰোগৰ প্ৰতিষেধক প্ৰদানেই একমাত্ৰ উপায়। ছাগলী পামত এই ৰোগে দেখা দিলে সুস্থ ছাগলীসমূহক আক্ৰান্ত ছাগলীসমূহৰ পৰা আতৰাই ৰাখিব লাগে। পামলৈ নতুনকৈ ছাগলী আনিলেও নিৰ্দ্দিষ্ট সময়ৰ বাবে নিলগে ৰাখি ৰোগমুক্ত বুলি নিশ্চিত হ’লেহে আন ছাগলী সমূহৰ লগত মিলিবলৈ দিব লাগে। পামত চাফ-চিকুনতা বৰ্তাই ৰাখি আৰু ৰোগীয়া ছাগলী সমূহক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰি বা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব পাৰি।

২) চবকা (Foot and Mouth Disease চমুকৈ FMD): ছাগলীৰ লগতে গৰু, ম’হ, গাহৰি আদি সকলো খুৰা ফটা জন্তু আক্ৰান্ত হোৱা চবকা নামৰ এই ৰোগ অতি সংক্ৰামক ৰোগ। প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শ, আনকি বতাহৰ দ্বাৰাও বিয়পিব পৰা এই ৰোগত সাধাৰণতে বহু জীৱ-জন্তু একেলগে আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগৰ লক্ষণসমূহ হ’ল- মুখ, জিভা, দাঁতৰ আলু, ভৰিৰ খুৰাৰ মাজত পানীৰ জ্বলাফুটা বা ঘাঁ লগা। আক্ৰান্ত জন্তুবোৰে খোজ কাঢ়িবলৈ অসুবিধা পায় আৰু খুৰাৰ ঘাঁবোৰ বাঢ়ি গৈ পিছলৈ বেক্টেৰিয়াজনিত সংক্ৰমণ, মাখিয়ে কণী পাৰি পোক দিয়া আদিৰ দৰে হৈ কেতিয়াবা আনকি গোটেই খুৰাটোয়েই ছিঙি পৰিবও পাৰে। মুখৰ পৰা অনবৰত লেলাৱতি ওলাই থাকে আৰু খোৱা-বোৱাত অনীহা দেখুৱায়। মুখেৰে ওলোৱা লেলাৱতিৰ জৰিয়তে খাদ্য, পানী, পামত ব্যৱহৃত সা-সজুলি আদিত এই ৰোগৰ বীজাণু মিশ্ৰিত হৈ পামৰ আন স্বাস্থ্যৱান ছাগলীলৈ এই ৰোগ বিয়পে। এই ৰোগৰো কোনো নিৰ্দ্দিষ্ট চিকিৎসা নাই যদিও আক্ৰান্ত জন্তুবোৰৰ ঘাঁবোৰৰ যথোপযুক্ত চিকিৎসা, বেমাৰী জন্তুক আন জন্তুবোৰৰ পৰা আঁতৰাই ৰখা, আৰু চাফ-চিকুণতাৰ জৰিয়তে ৰোগৰ সংক্ৰমণ কমাব পাৰি। বছৰি দুবাৰকৈ এই ৰোগৰ প্ৰতিষেধক ছিটাকৰণ কৰাই এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি বা প্ৰতিৰোধ কৰিব পাৰি।

৩) ছাগলীৰ বসন্ত (Goat Pox): এই ৰোগৰ প্ৰাদুৰ্ভাৱ আগতে কম আছিল যদিও যোৱা কেইবছৰমানত অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহত এই ৰোগত আক্ৰান্ত হৈ যথেষ্ট সংখ্যক ছাগলীৰ মৃত্যু ঘটাইছে। এই ৰোগত সাধাৰণতে বহু বেছি জ্বৰ উঠে (১০৪-১০৫ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত), গাৰ বিভিন্ন অংশ যেনে, মুখ, নাক, চকু, কাণ, ওহাৰ, নেজৰ গুৰি আদিত বসন্তৰ লক্ষণ আৰু চকু আৰু নাকৰ পৰা পানী ওলাই থকা দেখা যায়। এই ৰোগ শ্বাস-প্ৰশ্বাস তন্ত্ৰ, চালৰ কটা-চিঙা আদিৰ মাধ্যমেৰে আক্ৰান্ত ছাগলীৰ পৰা ক্ষৰণ হোৱা ৰোগৰ বীজাণুৰ দ্বাৰা বিয়পিব পাৰে।  

৪) কণ্টেজিয়াচ একঠাইমা বা অ’ৰফ (Contagious ecthyma/Orf): এই ৰোগত আৰম্ভণিতে মুখৰ কোৱাৰি, ওঁঠ আৰু নাক ৰঙা পৰি জ্বলাফুটাৰ দৰে হয় আৰু পাচলৈ ঘাঁৰ সৃষ্টি হয়। মুখত হোৱা ঘাঁড় বাবে ছাগলীবোৰে খাব নোৱাৰে আৰু ক্ষীণাই যায়, আনকি কেতিয়াবা মৃত্যুৰ মুখতো পৰে। কিছুমান ছাগলীত পিছলৈ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। সাধাৰণতে পোনপটীয়া সংস্পৰ্শত আহিলে বা বীজাণুমিশ্ৰিত খাদ্য, থকা ঠাই, সা-সজুলি আদিৰ পৰাও এই ৰোগৰ সংক্ৰমণ হয়। ৰোগৰ পৰা ৰক্ষা পাবলৈ ৰোগীয়া ছাগলীক আনবোৰৰ পৰা আতৰাই ৰাখি চাফ চিকুণতা বৰ্তাই ৰখা আৰু প্ৰতিষেধক প্ৰদান কৰিব লাগে।

বেক্টেৰিয়াজনিত ৰোগ:

১) টেটুৱা (Anthrax): টেটুৱা এক সংক্ৰামক ৰোগ যি মানুহলৈও সংক্ৰমিত হ’ব পাৰে। আক্ৰান্ত জন্তুবোৰ সাধাৰনতে হঠাতে মৃত্যুৰ মুখত পৰে, পেট বাৰুকৈয়ে ফুলি থাকে। কেতিয়াবা অত্যাধিক জ্বৰ উঠে। মৃত্যুৰ পিছত সকলো প্ৰাকৃতিক ছিদ্ৰ যেনে নাক, চকু, মুখ, পায়ু, মূত্ৰদ্বাৰ আদিৰে গোট নমৰা তেজ ওলাই থকা পৰিলক্ষিত হয়। বীজাণুযুক্ত পানী আৰু খাদ্যৰ জৰিয়তে এই ৰোগ বিয়পে। কীট-পতঙ্গৰ কামোৰৰ দ্বাৰাও বীজাণু সুস্থ প্ৰাণীৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

এই ৰোগৰ চিকিৎসা কৰিবলৈ সাধাৰণতে সময় পোৱা নাযায় যিহেতু আক্ৰান্ত জন্তুবোৰ হঠাতে মৃত্যুমুখত পৰে। বছেৰেকীয়া প্ৰতিষেধক আৰু চাফ-চিকুণতাৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

২) জহৰ বাত (Black Quarter): দেহৰ সবল আৰু বেছিকৈ থকা মাংসপেশীত গেছ জমা হোৱা, অতিপাত মাত্ৰাত জ্বৰ উঠা, খোজ কাঢ়োতে লেঙুৰাই যোৱা, ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যুৰ মুখত পৰা আদি এই ৰোগৰ প্ৰধান লক্ষণ। আক্ৰান্ত অংশৰ চালবোৰৰ তলত গেছ জমা হৈ ওখহি থাকে আৰু হাতেৰে হেঁচা প্ৰয়োগ কৰিলে এক মেৰমেৰনি সদৃশ শব্দৰ উমান পোৱা যায়। এই ৰোগ বীজাণু মিশ্ৰিত খাদ্য আৰু পানীৰ জৰিয়তে বিয়পিব পাৰে। ৰোগ সোনকালে ধৰা পৰিলে আক্ৰান্ত জন্তুবোৰক চিকিৎসা কৰিলে সুফল পোৱা যায়। অধিক মাত্ৰাত পেনেচিলিনৰ বেজি দি এই ৰোগৰ চিকিৎসা কৰাব পাৰি। চাফ-চিকুনতা আৰু বছেৰেকীয়া প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থাৰে এই সংক্ৰমণ ৰোধ কৰিব পাৰি।

৩) গলফুলা (Haemorrhagic septicaemia): এই ৰোগৰ মূল লক্ষণ সমূহ হ’ল অতিপাত জ্বৰ, ডিঙিৰ মাংশপেশী ফুলি উঠা, শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি হোৱা, চকু, জিভা আদি ফুলি উঠা আৰু খাবলৈ মন নকৰা। খাদ্য গিলাত অসুবিধাৰ সৃষ্টি হয়। ২৪-৪৮ ঘণ্টাৰ ভিতৰত ৰোগীয়া জন্তুৰ মৃত্যু হ’ব পাৰে। দূৰণিবটীয়া যাত্ৰা কৰাই অনা ছাগলী আৰু বেমাৰী ছাগলীৰ পোনপটীয়া সংস্পৰ্শলৈ অহা ছাগলীত এই ৰোগ সহজতে হয়। বীজাণুযুক্ত পানী আৰু খাদ্যৰ জৰিয়তেও এই ৰোগ বিয়পিব পাৰে। চালফ’নেমাইড আৰু পেনিচিলিন জাতীয় এণ্টিবায়টিক প্ৰয়োগ কৰি এই ৰোগৰ চিকিৎসা কৰিব পাৰি। অসুস্থ ছাগলীবোৰক সুস্থ ছাগলীসমূহৰ পৰা আতৰাই ৰাখি চাফ-চিকুণতা বৰ্তাই ৰাখিব লাগে। প্ৰতিষেধক প্ৰদানৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

৪) এণ্টেৰ’টক্সিমিয়া (Enterotoxaemia): ৰোগীয়া ছাগলীৰ ক্ষৰণৰ দ্বাৰা দুষিত হোৱা বীজাণুযুক্ত ঘাঁহ, পানী আদিৰ পৰা এই ৰোগ বিয়পে। আক্ৰান্ত ছাগলীবোৰৰ মুখেৰে ফেন ওলায়, কোৱাৰি লৰচৰ কৰি থাকে, ভালদৰে থিয় হ’ব নোৱাৰে, পেটৰ বিষ হয়, উশাহ-নিশাহত কষ্ট পায়, দাঁত কামোৰি থাকি মৃতপ্ৰায় অৱস্থালৈ যোৱাৰ ৪ ঘণ্টামানৰ ভিতৰত মৃত্যু হয়। সাধাৰণতে এই ৰোগৰ চিকিৎসাৰ সুফল পোৱা নায়ায়। সেয়েহে প্ৰতিষেধক প্ৰদানেই এই ৰোগ নিবাৰনৰ একমাত্ৰ উপায়।

৫) টিটেনাচ (Tetanus): এই ৰোগৰ বীজাণু কোনো গভীৰ ক্ষতস্থানযোগে দেহত প্ৰৱেশ কৰি ৰোগৰ সৃষ্টি কৰে। ৰোগৰ লক্ষণ হিচাপে দেহৰ জঠৰতা, খোজ কঢ়াত অসুবিধা পোৱা আৰু লাহে লাহে মূৰ, ডিঙি আদিৰ মাংশপেশীবোৰত জঠৰতা বৃদ্ধি পায়। উশাহ-নিশাহ লোৱাত কষ্ট পায় আৰু মাটিত ঢলি পৰিলে সাধাৰণতে জঠৰতাৰ বাবে চাৰিওটা ভৰি মেল খাই থাকে। চাফ-চিকুণতা, শল্য চিকিৎসাৰ সময়ত বীজাণুমুক্ত পৰিৱেশ আৰু প্ৰতিষেধক ব্যৱস্থাৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

পৰজীৱীৰ সংক্ৰমণ: ছাগলীৰ পৰজীৱীজনিত ৰোগ সিহঁতৰ স্বাস্থ্য ৰক্ষাৰ দিশ পৰা অতিশয় গুৰুত্বপূৰ্ণ। পৰজীৱী আক্ৰমণে পশুটোক শাৰীৰিক ভাৱে দুৰ্বল কৰি তোলাৰ উপৰিও দেহৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও কম কৰি তোলে। ছাগলীত হ’ব পৰা বিভিন্ন বহিঃ আৰু অন্তঃপৰজীৱী আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে এই হাতপুথিৰে অন্য এক অধ্যায়ত আলোচনা কৰা হৈছে।*

অন্যান্য ৰোগ: আন কিছু দৰকাৰী ৰোগ যেনে পেট ফুলা, লেতেকুৱা পৰা, পোৱালী জন্ম হোৱাৰ পিছত দেহত কেলছিয়ামৰ মাত্ৰা কমি যোৱা ইত্যাদি বিভিন্ন ধৰণৰ ৰোগ ছাগলীৰ ক্ষেত্ৰত দেখা যায়।

পেটফুলা বিভিন্ন কাৰণত হ’ব পাৰে। যেনে- পৰজীৱীৰ সংক্ৰমণ, পচন হোৱা খাদ্য খোৱা, উচ্চ শৰ্কৰা জাতীয় খাদ্য যেনে ভাত, মিঠাই আদি খালেও পেটত গেচ জমা হৈ অতি চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ফলত ছাগলীৰ খোৱা-বোৱা বন্ধ হৈ পৰে আৰু পিছলৈ শ্বাস-প্ৰশ্বাসত কষ্ট পাই মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেয়েহে সামান্য পেট ফুলাৰ লক্ষণ দেখাৰ লগে লগে কোনো পশু চিকিৎসকৰ লগত আলোচনা কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’ব লাগে।

ছাগলীৰ চকুত চানি পৰা বা লেতেকুৱা হলে সোনকালে তাৰ চিকিৎসা কৰোৱাটো দৰকাৰী। নহলে চকুকেইটা স্থায়ীভাৱে নষ্ট হৈ চকুৰ দৃষ্টি শক্তি একেবাৰে নোহোৱা হৈও যাব পাৰে।

ছাগলীৰ দেহত কেলচিয়ামৰ অভাৱ সাধাৰণতে পোৱালী হোৱাৰ পিছত দেখা যায়। গৰ্ভাৱস্থাত বাঢ়ি অহা পোৱালীবোৰৰ হাড় গঠনৰ বাবে আৰু পোৱালী জন্ম দিয়াৰ পিছত গাখীৰত যথেষ্ট পৰিমাণৰ কেলচিয়ামৰ প্ৰয়োজন হয়। এনেদৰে কেলচিয়ামৰ পৰিমাণ কমি গলে ছাগলীজনীৰ দেহত কেলচিয়ামৰ অভাৱৰ বিভিন্ন লক্ষণে দেখা দিব পাৰে যেনে- গাৰ উষ্ণতা কমি যোৱা, প্ৰসাৱ-পায়খানা কমি যোৱা, থিয় হ’ব নোখোজা, পেটত মূৰ ৰাখি শুই থকা আদি। সোনকালে চিকিৎসা নকৰালে ছাগলীজনী মৃত্যুৰ মুখতো পৰিব পাৰে। প্ৰতিকাৰ হিচাপে গৰ্ভধাৰণ কৰাৰ পিছৰে পৰাই নিয়মিত আৰু নিৰ্দ্দিষ্ট পৰিমাণে কেলচিয়ামৰ খোৰাক দি থাকিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি।

আমাৰ অসমত সাধাৰনতে ছাগলীৰ ক্ষেত্ৰত তলত উল্লেখ কৰা প্ৰতিষেধক ছিটা দিয়াব পাৰি:-

চবকা: ৪ মাহৰ পিছত আৰু প্ৰতি ছমাহৰ অন্তৰে অন্তৰে (চবকা সঘনাই হৈ থকা অঞ্চলত)।

গলফুলা, জহৰবাত আৰু টেটুৱা: ৬ মাহৰ পিছত প্ৰথম ছিটা, পূণৰ ছমাহৰ মূৰত আন এটি ছিটা দিয়াৰ পিছত বছেৰেকীয়াকৈ এই প্ৰতিষেধক প্ৰদান কৰা হয়।

এণ্টেৰ’টক্সিমিয়া: ৪-৬ সপ্তহাত প্ৰথম ছিটা, প্ৰথম ছিটাৰ এমাহৰ পিছত আন এটি ছিটা দিয়াৰ পিছত বছেৰেকীয়া।

পি. পি. আৰ: ৩ মাহৰ পিছত প্ৰথম ছিটা আৰু পুণৰ ৩ বছৰৰ অন্তৰে অন্তৰে।  

***************

লিখকৰ ঠিকনা-  ডাঃ প্ৰশান্ত কুমাৰ বড়ো আৰু ডাঃ অঞ্জন জ্যোতি নাথ

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)  

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com