জাপানীজ কুৱেল বা বতা চৰাই  (Japanese Quail) পালন

~Dr Arfan Ali, SMS, KVK, Nalbari.

     জাপানীজ কুৱেল বা বতা চৰাই (Coturnix japonica) এবিধ প্ৰব্ৰজনকাৰী, মাটিত বসবাসকাৰী পূৰ্ব এছিয়া আৰু জাপানৰ পোৱা ওমলা চৰাই। প্ৰথমে ১১ শতিকাত জাপানত songbird হিচাপে এইবিধ চৰাইক পোহ লোওৱা হৈছিল। ১৯১০ চনৰফালে জাপানীজ কুৱেলৰ মাংস আৰু কণী খাদ্য সামগ্ৰী হিচাপে জনপ্ৰিয়তা লাভ কৰিব ধৰে। তেতিয়াৰে পৰা নিৰ্বাচিত প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা মাংস আৰু কণী উত্পাদনক্ষম বিভিন্ন উন্নত উপজাতৰ জাপানীজ কুৱেলৰ উদ্ভাৱন ঘটে। যোৱা কেবা দশক ধৰি কুৱেলৰ কণী আৰু মাংসই ইউৰোপ, আমেৰিকা, কানাডা, মধ্য-পূৰ্ব এচিয়াতো দৈনন্দিন খাদ্য তালিকাত স্থান লাভ কৰি আহিছে। কুৱেলক হিন্দীত bater বুলি কোৱা হয়। ভাৰতত দুই ধৰণৰ কুৱেল চৰাই পোৱা যায়। জংঘলূ পোৱা ক’লা বুকুৰ কুৱেল (Black-breasted quail found in jungle; Coturnix Coromandelica) আৰু মুগা বৰণীয়া জাপানীজ কুৱেল (Brown-coloured Japanese Quail; Coturnix Coturnix Japonica)। ১৯৭৪ চনত কেন্দ্ৰীয় পক্ষী গৱেষণা প্ৰতিষ্ঠানে (Central Avian Research Institute) বৈচিত্ৰতাৰ বাবে ডেভিছ, কালিফৰ্ণিয়াৰ পৰা ভাৰতলৈ জাপানীজ কুৱেল আমদানি কৰিছিল।

কুৱেইল পামৰ সুবিধাসমূহ:

  • নিম্নতম মজিয়া কালি অৰ্থাত কম ঠাইৰ প্ৰয়োজন হয়৷
  • প্ৰাৰম্ভিকভাৱে কম বিনিয়োগতে কুৱেল পাম আৰম্ভ কৰিব পাৰি৷
  • কম দিনৰ ভিতৰতে অৰ্থাত্  পাচঁ সপ্তাহ মানতে বিক্ৰী কৰিব পৰা হয়।
  • কুৱেইল চৰাই বোৰ তুলনামুলকভাৱে প্ৰতিকুলতাৰ যুজিব পৰা মজবুত চৰাই।
  • সোনকালে যৌনতা প্ৰাপ্ত হয় ৭ সপ্তাহৰ পৰাই কণী পাৰিবলৈ আৰম্ভ কৰে।
  • কণী দিয়াৰ হাৰ অধিক বছৰত প্ৰায় ২৮০ টা কণী দিয়ে।
  • কুৱেইলৰ মাংস কুকুৰাৰ মাংসতকৈ অধিক সোৱাদপূৰ্ণ।
  • কুৱেইলৰ মাংসত চৰ্বিৰ মাত্ৰা কম থাকে।
  • যিকোনো বেমাৰী মানুহে কুৱেইলৰ মাংস খাব পাৰে।
  • ৰা-ছোৱালীৰ দেহ আৰু মগজুৰ বিকাশত সহায় কৰে।
  • পুষ্টিগতভাৱে কুৱেইলৰ কণী কুকুৰাৰ কণীৰ দৰে একেই। কিন্তু ইয়াত কলেষ্টৰলৰ মাত্ৰা কম থাকে।
  • কুৱেইলৰ মাংস আৰু কণী গৰ্ভৱতী আৰু কেঁচুৱাক গাখীৰ খুৱাই থকা মাতৃৰ বাবে উত্তম পুষ্টিকৰ আহাৰ।

কুৱেইলক উমনি দিয়া (ব্ৰুডিং):

  • কণীৰ পৰা ফুটি ওলোৱা কুৱেইলৰ পোৱালীবোৰক প্ৰথম এক সপ্তাহ উপযুক্ত পৰিৱেশত তাপ আৰু উষ্ণতা প্ৰদান কৰি ব্ৰুডিং কৰা বা উমনি দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। দুই সপ্তাহ বয়সলৈকে কুৱেইলৰ পোৱালীবোৰক ব্ৰুডিং কৰিব লাগে। এই সময়ত যাতে কুৱেইলৰ পোৱালীবোৰ কোনোপধ্যেই খাবলৈ যোগান ধৰা পানীৰে তিতি নাযায় তাৰ প্ৰতি
  •  বিশেষভাৱে লক্ষ্য ৰাখিব লাগে। পোৱালীবোৰ এবাৰ পানীত তিতিলে বচাবলৈ টান হৈ যায়।

 

কণীৰ পৰা ফুটি ওলোৱা সদ্যজাত কুইৰ ৱেল চৰাপোৱালী

 

ব্ৰুডিং কৰা বা ওমনি দিয়া অৱস্থাতচাৰি দিন বয়সৰ কুৱেল চৰাইৰ পোৱালী

 

কুৱেইল চৰাই পালন কৰা পদ্ধতিঃ

 ডীপ লিটাৰ পদ্ধতিত (তলত তূঁহ পাৰি) এক বৰ্গফুট মজিয়া কালিত ৪ টা কুৱেইল পুহিব পাৰি।

  • দুসপ্তাহ বয়সৰ পিছত কুৱেইল পোৱালীবোৰ সঁজাত পুহিব পাৰি। যিহেতু 
  • সঁজাত পুহিলে অনাৱশ্যকীয় ঘূৰা-ফিৰা এৰাই চলিব পৰা ফলস্বৰূপে ওজন বৃদ্ধিত সহায় কৰিব।

 

ডীপ লিটাৰ পদ্ধতিত পোহা অৱস্থাত বাঢ়নীয় কুৱেল চৰাই

কৃষকৰ পামত ডীপ লিটাৰ পদ্ধতিত পোহা অৱস্থাত কুৱেল চৰাই

 

 

কুৱেইল চৰাইৰ খাদ্যঃ

  • ব্ৰইলাৰ কুকুৰাৰ কাৰণে প্ৰস্তুত কৰা প্ৰি ষ্টাৰ্টাৰ (Pre starter)  দানা প্ৰথম দুসপ্তাহ আৰু পিছলৈ ষ্টাৰ্টাৰ (starter)  দানা ব্যৱহাৰ কৰিব পাৰি।
  • দানাৰ উপাদানবোৰৰ আকাৰ সৰু হব লাগে।
  • ছমাহ বয়সৰ কুৱেইল এটাই দৈনিক ২৫-৩০ গ্ৰাম দানা খায়।
  • উত্তম পৰিচৰ্য্যা হিচাপে ব্ৰুডিঙৰ প্ৰথম ২-৩ দিনমান পানীত গ্লুক’জ আৰু ভিটামিন চি মিলাই দিব লাগে।
  • খাদ্য হিচাপে প্ৰি ষ্টাৰ্টাৰ দানা আৰু মিহিকৈ পিহি গুৰি কৰি পাউডাৰ আকাৰত চটিয়াই দিব লাগে।
  • প্ৰথম দুদিনমান লিটাৰৰ ওপৰত খহটা কাপোৰ জাতীয় বস্তু পাৰি দিব লাগে যাতে খোজ কাঢ়িলে ভৰি পিচলি নাযায়।
  • ছয় সপ্তাহ বয়সত মাইকী কুৱেইলৰ ওজন ১৭৫ ২১০ গ্ৰাম আৰু মতা কুৱেইলৰ  ওজন ১২৫ ১৫০ গ্ৰাম হয়।
  • মাইকী কুৱেইলে প্ৰায় ৭ সপ্তাহ বয়সত কণী দিবলৈ আৰম্ভ কৰে।
  • সাধাৰনতে আবেলিৰ ফালেহে কুৱেইলে কণী পাৰে।
  • কুৱেইলৰ কণীৰ ওজন প্ৰায় ৮১২ গ্ৰাম হয়।
  • মতা কুৱেইলৰ বুকু সাধাৰণতে ঠেক থাকে আৰু সমানে সিচঁৰিত থকা হৈ মুগা আৰু বগা পাখিৰে ঢকা থাকে। কিন্তু মাইকী কুৱেইলৰ মূগা বৰণীয়া পাখিৰে ঢকা বহল বুকু থাকে।
  • মতা আৰু মাইকী চাৰি সপ্তাহ বয়সত পৃথক কৰিব লাগে।
  • কণী পৰা কুৱেইলক দৈনিক ১৬ ঘন্টাকৈ পোহৰৰ আৱশ্যক হয়।
  • কুৱেইলৰ এদিনায়া পোৱালীৰ ওজন ৭-৯ গ্ৰাম হয়।
  • কুৱেইলৰ পোৱালীক অধিক উষ্ণতাৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় উঞ্চতাৰ অভাৱ আৰু বতাহৰ কোবৰ (Air draft) সংস্পৰ্শত পোৱালীবিলাকে একেলগে জুম পাতি থকাৰ ফলত অধিক পোৱালীৰ মৃত্যু হয়।
  • মতা-মাইকীৰ অনুপাত ১:৫ হব লাগে।
  • কুৱেইলৰ কণীৰ পৰা পোৱালী ওলোৱাৰ সময় ১৮ দিন।
  • কুৱেলৰ বেমাৰ-আজাৰঃ
  • সাধাৰণতে কুৱেইলক কোনো সংক্ৰামক বা বিশেষ বেমাৰে আক্ৰমণ কৰা পৰিলক্ষিত হোৱা নাই। দূ্ঘটনাত্মক আৰু পৰিচালনাজনিত নাটনিৰ বাবেহে দুই এটা  কুৱেইল চৰাই মৰা দেখা গৈছে।
  • মাতৃ কুৱেইলৰ ভিটামিন আৰু খনিজ  লৱণৰ অভাৱ থাকিলে ইহঁতৰ কণীৰ পৰা হোৱা পোৱালীবোৰ সাধাৰণতে ক্ষীণ হয় আৰু ঠেং বিলাকো দূৰ্ব্বল হয়। এই সমস্যাটো প্ৰতিহত কৰাৰ বাবে মাইকী চৰাই বিলাকৰ দানাত যথেষ্ট পৰিমাণৰ ভিটামিন আৰু খনিজ লৱণৰ যোগান ধৰিব লাগে।
  • সাধাৰণতে কুৱেইল বিলাক কুকুৰাতকৈ সংক্ৰামক বেমাৰৰ প্ৰতি অধিক প্ৰতিৰোধক্ষমতা সম্পন্ন। গতিকে কুৱেইলৰ বাবে এতিয়ালৈকে কোনো ভেকচিনৰ প্ৰয়োজন নাই।
  • কুৱেইলৰ পোৱালী বোৰৰ যথা-যথ চোৱা-চিতা, পামৰ চৌহদ বীজানুমুক্ত কৰি ৰখা, পৰিষ্কাৰ-পৰিচ্ছন্ন খোৱা পানীৰ যোগান ধৰা আৰু সন্তুলিত বা সুষম খাদ্যৰ জৰিয়তে কুৱেইল পামত বেমাৰ প্ৰতিহত কৰিব পৰা যায়।
  • কুৱেইলৰ জীৱিত ওজনৰ ৭০-৭৩ শতাংশ মাংস পোৱা যায়।
  • ১৭০ গ্ৰাম ওজনৰ কুৱেইলৰ পৰা  ১৩৫ গ্ৰাম মাংস পোৱা যায়।
  • মতা কুৱেইল বিলাকে মেচিন গানৰ পৰা গুলি ওলোৱাৰ দৰে এটা অদ্ভূত শব্দ কৰে যিটো মানুহৰ বাবে পিছলৈ অস্বস্তিকৰ বোধ হব পাৰে।
  • মতা আৰু মাইকী কুৱেইল একেলগে ৰাখিলে মতা কুৱেইলবোৰে আন কুৱেইলক গাত খূঁটিয়াই ৰক্তক্ষৰণ কৰে আৰু কেতিয়াবা চকুত খূঁটি অন্ধ কৰি দিয়ে। এনে কৰাৰ ফলত কেতিয়াবা মৃত্যু হোৱাও দেখা যায়।

******************

লিখকৰ ঠিকনা-  Dr Arfan Ali, SMS, KVK, Nalbari.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com