নৱজাতক গৰুৰ পোৱালিৰ যতন

~ কুলজিৎ কলিতা

আজিৰ চেউৰি পোৱালিটোয়ে হ’ব কাইলৈৰ গাই গৰু এজনী। এখন গো-পামৰ উন্নতি নিৰ্ভৰ কৰে পোৱালিৰ বিলাকৰ স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ ওপৰত। এটা হৃদ-পুষ্ট নিৰোগী পোৱালিয়েই ভৱিষ্যতে এজনী অধিক উৎপাদনক্ষম গাই বা বলধ হ’ব পাৰে। গতিকে এজনী ভাল খীৰতী গাই পাবলৈ বা এটা সুস্থ-সবল বলদ পাবলৈ জন্মৰ পাছৰ পৰাই বিশেষ যত্নৰ আৱশ্যক হয়। সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ জীৱনকালক দুটা ভাগত ভগোৱা হয়। সেই দুটা হ’ল ক) জন্মলাভ কৰাৰ প্ৰথম ২৪ ঘন্টা সময় আৰু খ) জীৱনকালৰ বাকী খিনি সময়। গৰুৰ পোৱলিৰ জীৱনকালৰ পিছৰ সময়চোৱাত সু-স্বাস্থ্যৱান হোৱাৰ ক্ষেত্ৰত প্ৰথম ২৪ ঘন্টা সময়ৰ যতনে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। পোৱালিক যদি প্ৰথম ২৪ঘন্টাত পৰ্যাপ্ত পৰিমাণে যতন লোৱা নহয় তেনেহ’লে বিভিন্ন বেমাৰত পৰা সম্ভাৱনা বেছি থাকে নাইবা সদায়ে দুৰ্বল আৰু কম উৎপানক্ষম হৈ থাকে। তাৰোপৰি এজনী গৰুৰ স্বাস্থ্য নিৰ্ভৰ কৰে বংশগতিৰ বাহক জিনৰ ক্ষমতাৰ লগতে চাৰিওফালৰ ভাল পৰিৱেশৰ ওপৰত।

সোণালী ঘন্টা (Golden Hour) : গৰু পোৱালি জন্মলাভ কৰাৰ প্ৰথম ২৪ঘন্টাই বিশেষ গুৰুত্বপূৰ্ণ সময়, যাৰ ওপৰতে নিৰ্ভৰ কৰে নৱজাতকৰ সম্পূৰ্ণ জীৱনকাল। কিন্তু আমাৰ গো-পালকসকলৰ পোৱালি প্ৰতিপালনৰ সম্যক জ্ঞান নথকা হেতু পোৱালি জন্ম হোৱাৰ কিছু দিনৰ পাছতে মৃত্যুমুখত পৰা দেখা যায়। গতিকে আমাৰ গো পালকসকলে জন্মৰ পাছৰ পৰাই পোৱালি বিলাকক যেনেদৰে প্ৰতিপালন কৰিব লাগে, তাক জনাটো অতি প্ৰয়োজন।

গৰু পোৱালিৰ ক্ষেত্ৰত গো-পালক সকলে মনত ৰাখিব লগীয়া দিশ সমূহ এনেধৰণৰ:
ক) জন্মৰ পাছতে পোৱালিটোৰ শৰীৰৰ লগতে মুখ আৰু নাকত লাগি থকা বীজলুৱা পদাৰ্থখিনি এখন পৰিষ্কাৰ কাপোৰে নাইবা কপাহেৰে উলিয়াই পেলাব লাগে। শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পোৱা যেন দেখিলে ততালিকে কৃত্ৰিম প্ৰণালীৰে বুকুৰ দুয়োফালে হেঁচা দি নতুবা পোৱালিটোৰ মুখত নিজৰ মুখ লগাই ফু দি কৃত্ৰিমভাৱে শ্বাস- প্ৰশ্বাস দিব পাৰি। পিছৰ দুয়োটা ভৰি ওপৰলৈ দাঙি ধৰি মুৰটো তললৈ কৰি জোকাৰি দিব লাগে। পোৱালিটোৰ সমগ্ৰ শৰীৰ পৰিষ্কাৰ কাপোৰেৰে ভালদৰে মচি পেলাব লাগে।

খ ) পোৱালিটোক মাকৰ ওচৰলৈ আনি চেলেকিবলৈ দিব লাগে, যাৰ ফলস্বৰূপে পোৱালিৰ শৰীৰত তেজৰ চলাচল বৃদ্ধি হয় আৰু পোৱালিটো থিয় হোৱাৰ লগতে প্ৰথম খোজ দিবৰ বাবে প্ৰস্তুত হয় । অতিপাত ঠাণ্ডা পৰিলে জুইৰ উত্তাপ দিয়া ভাল।

গ) পোৱালিটোৰ নাড়ীডাল শৰীৰৰ পৰা ২-৩ চেণ্টিমিটাৰ তলত সুতাৰে বান্ধি গাঁঠিৰ তলত এখন পৰিষ্কাৰ কেচিৰে কাটি টকা অংশত টিনচাৰ আয়ডিন বা ডেটল আদি লগাই দিব লাগে আৰু ১২ঘন্টাৰ পিছত পুণৰ লগাব লাগে। ভালদৰে নাভি চোৱাচিতা নকৰা ফলতে বিভিন্ন বিজানুৱে পোৱালিৰ দেহত প্ৰৱেশ কৰে।

ঘ) জন্মৰ প্ৰায় আধা ঘণ্টাৰ পাছতে পোৱালিটোক মাকৰ ফেঁহু (Colostrum) খাবলৈ দিব লাগে। পোৱালিটোক ওজনৰ দহ ভাগৰ এক অংশ ফেঁহু খাবলৈ দিব লাগে। ফেঁহুত যথেষ্ট পৰিমাণে প্ৰটিন, ভিটামিন, মিনাৰেল থকাৰ উপৰি গ্ল’বুলিন নামৰ এবিধ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা এণ্টিবডি থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি পোৱালিটোক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু শ্ৰীবৃদ্ধিত সহায় কৰে। পৰ্যাপ্ত পৰিমাণৰ ফেঁহু খোৱাৰ ফলত পোৱালিটোৱে প্ৰায় তিনি মাহলৈকে ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰে। সেয়েহে ফেঁহুক পোৱালিৰ “passport of life” বুলি কোৱা হয়। ফেহুঁ সঠিক পৰিমাণে খুৱাবলৈ বটলৰ সহায়ত খোৱাৰ ব্যৱস্থা কৰিব পাৰে। বটলেৰে খুৱালে মাকৰ ওহাৰৰ গৰম থকা ফেহুঁ বা গাখীৰ নাইবা গৰুৰ দেহৰ উষ্ণতাৰ সমান গৰম কৰি খুৱাব লাগে।

ঙ) সৱল পোৱালিক জন্মৰ ১০-১৪ দিনৰ ভিতৰত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পেলুৰ ঔষধ খুবাব লাগে। এইটো বয়সতেই পোৱালিটো বিভিন্ন ধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। কিছুমান পেলু মাকৰ গৰ্ভত থাকোঁতে, মাকৰ পৰাই সংক্ৰমিত হ’ব পাৰে। সেয়েহে ছয় মাহলৈকে নিয়মীয়াকৈ প্ৰতি মাহত এবাৰ পোৱালিটোক পেলুৰ ঔষধ খুওৱাটো অতি প্ৰয়োজন।

চ) পোৱালিৰ তিনি মাহ বয়স হ’লে পশু চিকিৎসকৰ দ্বাৰা প্ৰতিষেধক ছিটা (Vaccine) দিব লাগে। যেনে: চবকা (FMD), গলফুলা (HS) & জহৰ বাত (BQ) ইত্যাদি।

ছ) নৱজাতক পোৱালিক কেইসপ্তাহমান অন্য পোৱালিবোৰৰ লগত নাৰাখি নিৰ্দিষ্টকৈ এটা পোৱালি ৰখা ঘৰ (Calf pen)ত ৰাখিব লাগে, যাতে পোৱালিটোক ভালদৰে লক্ষ্যত ৰাখিব পাৰি । প্ৰায় ৮ সপ্তাহৰ পিছৰ পৰা অন্য পোৱালিৰ দলত একেলগে ৰাখিব পাৰি।

জ) পোৱালিৰ বৃদ্ধি আৰু বিকাশ ভালদৰে হোৱাৰ বাবে পোৱালিৰ উপযুক্ত খাদ্য (calf starter) ২-৮ সপ্তাহৰ পৰা যোগান ধৰিব লাগে। উদাহৰণস্বৰূপে, Maize- 52 %; Oats – 20 %; Soya bean meal – 20 %; Molasses – 5 %; Salt – 0.5 %; Minerals (Macro & Micro) – 1.5%; Vitamins – 1% ।

ঝ) কোনটো গাই গৰুৰ কোনটো পোৱালি তৎক্ষণাত চিনি পাবৰ বাবে গোপালক সকলে পোৱালিক বিশেষ চিহ্ন (Tatooing) দিব লাগে।

ঞ) পোৱালিৰ শিং নোহোৱা কৰিবলৈ হ’লে ১৫ দিনৰ ভিতৰতে উপযুক্ত সময়।

ট) চেউৰি গৰুৰ ওহাৰত থকা মুখ্য চাৰিটা বাত (Teat) ৰ বাদে বাকী বিলাক আতৰাই দিয়া উচিত, যাতে গাখীৰ দিয়া সময়ছোৱাত কোনোধৰণৰ অসুবিধাৰ সৃষ্টিৰ নহয়।
ওপৰত উল্লেখিত কথাসমূহত গুৰুত্ব প্ৰদান কৰি আগবাঢ়িলে এটা সুস্থ-সৱল পোৱালিৰ পৰা ভৱিষ্যতে এজনী অধিক উৎপাদনক্ষম গাই গৰু পাব পৰা যায়, যাৰ দ্বাৰা গো-পালকৰ আয় বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰে।

*********

লিখকৰ ঠিকনা:- কুলজিৎ কলিতা, ৫ ম বৰ্ষৰ ছাত্ৰ (BVSc & AH), লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ- ৭৮৭০৫১.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com