পশুধনৰ বীমাকৰণ

~ডাঃ এল. চানাথই খুমন, ডঃ গৌতম বৰদলৈ, ডঃ সঞ্জীৱ খাৰঘৰীয়া আৰু ডাঃ কৰুণা শইকীয়া

পশুধন বীমাকৰণৰ মূল উদ্দেশ্য হ’ল বিভিন্ন সময়ত পশুধন উদ্যোগত হ’ব পৰা অৰ্থনৈতিক লোকচানৰ পৰা হাত সাৰিব পৰা। প্ৰধানতঃ ই এক প্ৰকাৰৰ আগতীয়া সুৰক্ষা ব্যৱস্থা যাৰ দ্বাৰা ভবিষ্যতৰ বিভিন্ন সাম্ভাব্য বিপদ বা নজনা কিছু কাৰণত হ’ব পৰা অৰ্থনৈতিক ক্ষতি ৰোধ কৰা সম্ভৱ। বীমাকৰণৰ সময়ত ই সাধাৰণতে নিৰোগী পশুধনকহে সাঙুৰি লয় আৰু কোনো অবাঞ্চিত কাৰণ, মূলতঃ প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনা বা কোনো ৰোগ হৈ পশুধনৰ মৃত্যু ঘটিলে তাক স্বীকৃতি দিয়ে আৰু বীমাকৰণৰ ৰাশি ঘূৰাই দি পশুপালকক সকাহ প্ৰদান কৰে।  

পশুধনৰ বীমাকৰণ কৰা বিভিন্ন সংস্থান সমূহ:

বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কিছু সংস্থান আছে যিসমূহে পশুধনৰ বীমাকৰণ কৰে। ভাৰত চৰকাৰে কিছু নতুন বীমাকৰণ আঁচনি হাতত লৈছে আৰু এনে আঁচনিসমূহ কাৰ্যকৰী কৰিবৰ বাবে কিছু ৰাজ্যিক সংস্থা আৰু পশুপালন বিভাগক দায়িত্বভাৰ অৰ্পণ কৰিছে। ইয়াৰোপৰি অন্যান্য বীমাকৰণ সংস্থানসমূহ হৈছে- General Insurance Corporation (GIC), United India Insurance Company Ltd, New India Assurance Company Ltd, Oriental Insurance Company Ltd., আৰু National Insurance Company Ltd., ব্যক্তিগত সংস্থান যেনে- BASIX-Royal Sundaram ও পশুধন বীমাকাৰণ আঁচনিৰ লগত জড়িত।

বীমাকৰণৰ বাবে কাৰ কাষ চাপিব:

বীমাকৰণৰ বাবে স্থানীয় পশুচিকিৎসকৰ কাষ চাপিব পাৰে। যদি কিবা কাৰণত সেয়া সম্ভৱপৰ নহয় তেনেহ’লে কৃষকে নিজাকৈ ওপৰত উল্লেখ কৰা সংস্থা সমূহৰ লগত যোগাযোগ কৰিব পাৰে। বীমাকৰণৰ সময়ত পশুধনৰ আলোকচিত্ৰ লোৱা হয় আৰু কাণত চিনাক্তকৰণৰ বাবে Tag লগোৱা হয়। কিবা কাৰণত পশুধনৰ মৃত্যু হ’লে বীমাৰ ধন লাভ কৰিবৰ বাবে কাণৰ সেই Tag বীমাকৰণ সংস্থাৰ ওচৰত জমা কৰিবলগীয়া হয়।

বীমাৰ ধন দাবী কৰাৰ প্ৰ-পত্ৰ: (Claim format)

In event of loss due to disease or permanent disability

-Livestock claim intimation

– Policy No……. Date from ……….. to ………………… (period) S. Nos ………………………..

Belonging to Shri/Smt ………………….. of ……………….. died on …………….. or suffering from permanent total disablement

মৃত্যুৰ প্ৰমাণ পত্ৰ: (Death Certificate)

I hereby certify that the above mentioned animal belonging to Shri/Smt…………….. of village ………………….. died on ……………………….  Due to accident/disease as confirmed by post mortem &/or symptoms prior to accident/death and observation of carcass.

Date: Sign of Vety. Doctor

Name

যিবোৰ কাৰণত বীমাৰ দাবী অগ্ৰাহ্য হ’ব পাৰে-

১) পঞ্জীয়ন কৰাৰ আগৰ কোনো ৰোগত যদি পশুধনৰ মৃত্যু হৈছে।

২) অমানৱিক অত্যাচাৰৰ ফলত হোৱা মৃত্যু।

৩) গৰাকীয়ে চুৰি হোৱা বুলি মিছাকৈ কৈ কৰা দাবী য’ত গৰাকীৰ ইচ্ছা অনুসৰি চুৰি কৰোৱা বুলি প্ৰমাণিত হয়।

৪) বসবাসৰ অনুপযোগী ঠাইত ৰখাৰ ফলত কোনো ৰোগ হৈ হোৱা মৃত্যু।

৫) গৰাকীয়ে নিজে হত্যা কৰি দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কৰা দাবী।

৬) এঠাইৰ পৰা আন ঠাইলৈ গাড়ীৰে নিয়াৰ সময়ত বাহনৰ চালকৰ ভুলৰ বাবে হোৱা দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু।

***************

লিখকৰ ঠিকনা-  ডাঃ এল. চানাথই খুমন, ডঃ গৌতম বৰদলৈ, ডঃ সঞ্জীৱ খাৰঘৰীয়া আৰু ডাঃ কৰুণা শইকীয়া,    লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, ইত্তৰ লক্ষীমপুৰ

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশিত কৰা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com