প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক আৰু ইয়াৰ ধ্ধংসৰ কুফল

~ ড০ বিৰাজ কুমাৰ শৰ্মা

আমি প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ সৃষ্টিৰাজীয়ে যেন আমাক দি গৈছে জীয়াই থকাৰ আনন্দ। বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থুল। উদ্যোগীকৰণৰ ফলত সৃষ্ট বৃহৎকায় কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই তথা গাড়ী–মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছসমূহে আজি আমাৰ পৃথিৱী নামৰ গ্ৰহটোৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাতে আকৌ ভূতৰ ওপৰত দানব পৰাৰ লেখিয়াকৈ আমি মানৱ জাতিয়ে প্ৰকৃতিৰ সেউজীয়া গছ-গছনিবোৰ জধে-মধে ধ্ধংস কৰাত লাগিছো। ইয়াৰ কুফল অদূৰ ভৱিষ্যতে যে আমি ভোগ কৰিব লাগিব সেইয়া ধূৰূপ। কিয়নো প্ৰকৃতিয়েই হৈছে জীৱজগতৰ প্ৰাণ। জীৱশ্ৰেষ্ট মুখাপিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিঃস্বাৰ্থভাৱে জীৱজগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজতেই আমি বিচাৰি পাওঁ জীয়াই থকাৰ আনন্দ, মানসিক প্ৰশান্তি। আনহাতে প্ৰকৃতিয়ে আমাক দি গৈছে জীয়াই থকাৰ উপাদান সমূহ, খাদ্য শস্যৰ পৰা আমি থাকিবলৈ সজা ঘৰটোৰ বাবে প্ৰয়োজনীয় কাঠ-বাঁহ আদিলৈ। জীৱজগতৰ প্ৰতি প্ৰকৃতিৰ এক মহৎ দানৰ উদাহৰণ হ’ল বৰ্ষাৰণ্যসমূহ।
আজি আমি সকলোৱেই দেখি আহিছো প্ৰকৃতি ধ্ধংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে। মানুহে অবিবেচক ভাবে পাহাৰ খনন, বনাঞ্চল ধ্ধংসৰ পৰিণাম স্বৰূপে কৃত্ৰিম বানপানী এক সমস্যাৰূপে দেখা দিছে। পাহাৰ ধ্ধংসৰ ফলস্বৰূপে বৰষুণ দিলে সম্পূৰ্ণ পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ অহাৰ হেতুকে ভৈয়ামৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ-জোথৰ সমূহ কঢ়িয়াই অনাৰ হেতুকে নৈ বা আন পৰিবাহী নলা নৰ্দমাৰ বুকুত জমা হৈ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আনহাতে বনাঞ্চল ধ্ধংসই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাব পেলাইছে। ইয়াৰে আন এক উদাহৰণ হৈছে শগুণ। শগুণ এক উপকাৰী প্ৰাণী। শ ভক্ষনেৰে শগুণে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে। প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্ত্ত ভক্ষন কৰি শগুণে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে । পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছিলে । কিন্তু মানুহৰ কিছুমান অবিবেচকী কৰ্মকাণ্ড তথা প্ৰকৃতি ধ্ধংসৰ পৰিণাম স্বৰূপে শগুণৰ সংখ্যাৰ ওপৰত এক বিৰূপ প্ৰভাব পেলাইছে । বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা ইহঁতৰ বাসস্থান ওখ ওখ গছসমূহ ধ্ধংসৰ কৰাৰ বাবে ইহঁতৰ বাসস্থান আৰু বংশ বৃদ্ধিৰ প্ৰতি ভাবুকি আহি পৰিছে । যিহেতু শগুণে শ বোৰ ভক্ষন কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুণৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শ বোৰ গেলি-পচি ৰোগ বিয়পোৱাৰ লগতে সমীপৱৰ্ত্তী পানীৰ উৎসত মিহলি হৈ পানী প্ৰদুষিত কৰি তোলাৰ প্ৰায় এশ শতাংশ ই সম্ভাৱনা আছে । তাৰোপৰি শগুণৰ অনুপস্থিতিৰ সুযোগ লৈ মৃতদেহ ভক্ষনৰ ফলস্বৰূপে শিয়াল, কুকুৰ, হায়েনা তথা এন্দুৰ, নিগনি আদিৰ দ্ৰুত বংশবৃদ্ধি হৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব, কিয়নো এনেবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ লগে লগে জলাতংক ৰোগ, প্লেগ আদিকে ধৰি আন আন ভয়াবহ ৰোগসমূহৰ প্ৰাদূৰ্ভাব বৃদ্ধি পাবলৈ ধৰিব, কিয়নো এনেবোৰ প্ৰানীয়ে বহুতো ভয়াবহ ৰোগৰ বাহক হিচাবে কাম কৰে । আজি নেপালৰ আকাশৰ পৰা শগুণ বিলুপ্ত হোৱাৰ বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিব ল’গা হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে । কিয়নো শগুণে মৃতদেহ খাই পৰিবেশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুণ নোহোৱা হোৱাৰ হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু ল’গতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পছি নৈৰ পানী প্ৰদূষিত কৰাৰ ল’গতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । যিবোৰ চৰাইয়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক সুৰক্ষা দি আহি জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি আহিছিলে, সিহঁতে আজি মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিজেই অস্তিত্ত্বৰ সংকটত ভূগিছে । এইবোৰ কেইটামান উদাহৰণহে মাত্ৰ । জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্য এক উদাহৰণ হ’ল ভেকুলী, যাৰ টোৰটোৰণিৰ শব্দ বাৰিষাকালত আমাৰ গাওঁবোৰত সুলভ আছিল আৰু যাৰ অবিহনে আমাৰ গ্ৰামাঞ্চলৰ চিনাকী আধৰুৱা আছিল, সেই ভেকুলীবোৰেও আজি প্ৰকৃতি ধ্ধংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে । এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল, কিন্তু জলবায়ু পৰিবৰ্তনৰ প্ৰভাবৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে । এনে বহুতো উদাহৰণ আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন ।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা পৃথিৱীৰ প্ৰায় ১.৩ কোটি বৰ্গকিল’মিটাৰৰ পৰিমানৰ (প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান) মাটিৰ স্বাভাবিক গুণ মজলীয়াৰ পৰা সাংঘাটিক ধৰণে বিনষ্ট হৈছে । ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰে বৰ্তমান ২৩ শতাংশ মাটিৰ গুণাগুণ ইমান বেছি পৰিমানে অৱনমিত হৈছে যে সেইয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে । মাটিৰ অৱনমনৰ মূল কাৰণবোৰ হ’ল বনাঞ্চল ধ্ধংসকাৰ্য্য, কৃষিকাৰ্য্যত মাটিৰ অপ-ব্যৱস্থাপনা, ঘাঁহনি পথাৰত পশুধনৰ অতিবাৰণ (Overgrazing) , প্ৰদূষণ, ভূমিস্খলন, ইটাৰ ভাটা আৰু নানাপ্ৰকাৰৰ উদ্যোগ নিৰ্মান, দ্ৰুত নগৰীকৰণ ইত্যাদি । অপব্যৱস্থাপনা ( অনুপযোগী শস্যৰ ৰোপন, অনুপযুক্ত শস্যাবৰ্তন, অত্যাধিক পৰিমানত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ ইত্যাদি) । এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ভয়ানক ভাৱে হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে ।
প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কৰ এক উদাহৰন হ’ল মূলত বনাঞ্চল তথা বৰ্ষাৰণ্য সমূহ । এই সম্পৰ্কৰ এক উদাহৰণ হ’ল পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্য আমাজান বৰ্ষাৰণ্য, যাক কোৱা হ্য় ধৰিত্ৰীৰ হাওঁফাওঁ ৰূপে । পৃথিৱীৰ বৃহৎ নদী আমাজানৰ অববাহিকাত অৱস্থিত এই বৰ্ষাৰণ্য দক্ষিন আমেৰিকা মহাদেশৰ ব্ৰাজিলৰ ৬০ শতাংশ অঞ্চল, পেৰুৰ ১৩ শতাংশ, ক’ল’ম্বিয়াৰ ১০ শতাংশ আৰু ইকুৱেডৰ, ভেনিজুৱেলা, ব’লিভিয়া, গুৱেনা, চুৰিনাম আদিৰ কিছু অংশ সামৰি সৃষ্টি হৈছে । আমাজান বৰ্ষাৰণ্যক ধৰিত্ৰীৰ হাওঁফাওঁ বুলি কোৱাৰ কাৰণ হ’ল, বিশ্বৰ প্ৰাণীকূলৰ বাবে প্ৰয়োজনীয় সৰ্বমুঠ অক্সিজেনৰ প্ৰায় ১০ শতাংশই এই আমাজান বৰ্ষাৰণ্যই অকলে যোগান ধৰি আহিছে । আমাজান বৰ্ষাৰণ্যৰ বিষয়ে কৈ যেন অন্ত কৰিব নোৱাৰি । এই বৰ্ষাৰণ্যৰ প্ৰকৃতিৰ নৈসৰ্গিক শোভা তথা ঘন বনাঞ্চলৰ সৈতে বিভিন্ন ৰহস্যময় জীৱ-জন্তুক লৈ যেন আজিও আধুনিক বিশ্বত ৰহস্যৰ অবসান নাই । আজিও যেন আমাজান বৰ্ষাৰণ্যৰ বুকুত আবদ্ধ ৰহস্যৰ কুঁহেলিকা ভাঙিবলৈ অদ্যপী বহুদূৰ বাকী । ৰহস্যময় জীৱ-জন্তু তথা ইয়াৰ আদিবাসীসকলক লৈ হলিউডে ইতিপূৰ্বে কেইবাখনো জনপ্ৰিয় কথাছবি নিৰ্মান কৰি উলিয়াইছে । আনাকোণ্ডা, কিং-কং আদি কেইখনমান উদাহৰণহে মাত্ৰ । ভবা হৈছে যে ইয়াৰ অনাবিস্কৃত বহুতো উদ্ভিদৰ মাজতেই যেন লুকাই আছে আজিৰ মানবসমাজৰ বাবে প্ৰয়োজনীয় বহুতো মূল্যবান দৰবৰ প্ৰয়োজনীয় উপাদান । বিজ্ঞানীসকলেও আশা কৰিছে যে এইড্‌ছ, কৰ্কটৰোগ, মধুমেহ আদি ভয়ংকৰ তথা দূৰাৰোগ্য ৰোগসমূহৰো প্ৰয়োজনীয় ঔষধ হয়তো ইয়াৰ বুকুতেই এদিন উদ্ঘাটন হ’ব । আগতেই উল্লেখ কৰা হৈছে যে এই চিৰসেউজ বনাঞ্চল “আমাজান বৰ্ষাৰণ্য” ই হৈছে পৃথিৱীৰ হাওঁফাওঁ । কিন্তু বহল দৃষ্টিত চালে ই যেন অকল মাথোঁ পৃথিৱীৰ হাওঁফাওঁ নহয়, ই যেন পৃথিৱীৰ হৃদপিণ্ডহে। তথাপিও কিন্তু যেন জীৱশ্ৰেষ্ঠ মানুহৰ কোপদৃষ্টিৰ পৰা আজি আমাজানো মুক্ত নহয় । যাৰ বাবে ছল্লিছলাখ বৰ্গ কিল’মিটাৰ জুৰি বিয়পি থকা “আমাজান বৰ্ষাৰণ্য”ও যেন আজি ক্ৰমান্বয়ে ধ্ধংসৰ মুখলৈ আগবাঢ়ি অচিৰে মৰুভূমি হোৱাৰ পথত অগ্ৰসৰ হৈছে । বৰ্তমান সময়লৈ হেনো আমাজানৰ ৪৭ শতাংশ বনাঞ্চল ধ্ধংসপ্ৰাপ্ত হৈছে যিটো অতিশয় দূৰ্ভাগ্যজনক আৰু আমি আজি আমাজানৰ যিটো ৰূপ দেখি আহিছো, সেইয়া হৈছে বাকী ৰোৱা মাথোঁ ৫৩ শতাংশ অঞ্চলহে । অবৈধভাৱে ইয়াৰ বুকুত আৰম্ভ হোৱা সোণৰ খনিৰ সন্ধান, অবৈধ চিকাৰ কাৰ্য, অনিয়মিক তথা অবৈধ কৃষিকাৰ্য, পশুপালন, অগ্নিসংযোগ, প্ৰাকৃতিক গেছ আৰু তেল উদ্ঘাটনৰ বাবে চলোৱা জৰীপ আদিয়ে ইয়াৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । আনহাতে এই অঞ্চলত উপলব্ধ ১২০ ৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰৰ আন্তৰ্জাতিক বজাৰত বাণিজ্যিক মূল্য অধিক হোৱা অধিক হোৱা হেতুকে ধ্ধংসৰ গৰাহত পৰিছে । অকল আমাজানেই নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা এই বৰ্ষাৰণ্য সমূহ যেন ভগৱানৰ দান যিয়ে আমাৰ পৃথিৱীৰ এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখি পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰি আহিছে । কিন্তু মানুহৰ অত্যাচাৰৰ বাবেই আজি পৃথিৱীত প্ৰতি চেকেণ্ডত দুখনকৈ ফুটবল পথাৰৰ সমান বৰ্ষাৰণ্য ধ্ধংস হৈ গৈ আছে । ইয়াৰ কুফল ভোগ কৰিবলৈ যেন বাকী নাই ।
এনেদৰেই আজি আমি আমাৰ নিজৰ বিপদ নিজেই কঢ়িয়াই আনিছো । যদিহে সময় থাকোতেই আমি সচেতন নহওঁ আৰু প্ৰকৃতিৰ অৱশিষ্টখিনিও যদি সংৰক্ষণ কৰিবলৈ অপৰাগ হওঁ, তেনেহ’লে আমাৰ পৃথিৱীৰ সেউজী শোভা লোপ পাবলৈ বেছি পৰ নালাগিব আৰু পৃথিৱী নামৰ গ্ৰহটো মৰুভূমিত পৰিণত হ’বলৈ বেছি পৰ নালাগিব । এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰতিজন বিশ্ববাসীৰে কৰ্তব্য ।

*************

লিখকৰ ঠিকনা: ড০ বিৰাজ কুমাৰ শৰ্মা,                      শল্যচিকিৎসা আৰু ৰঞ্জন ৰশ্মি বিভাগ, লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ, অসম। ইমেইল: birajsarma704@gmail.com


Download PDF

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com