বিজ্ঞানসন্মত ছাগলী প্ৰতিপালনৰ ব্যৱস্থাৱলী

~ড০ এচ.এম. ৰহমান, ডাঃ কন্দৰ্প বৰুৱা, ডাঃ কৰুণা শইকীয়া, ড০ সিদ্ধাৰ্থ শংকৰ পাঠক, ডাঃ দিপান্বীতা বৰ্মন

     ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহত অতীজৰে পৰা ছাগলী পালনে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যতে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত ছাগলী পালনৰ ভূমিকাও অতিকৈ গুৰুত্বপূৰ্ণ। ক্ৰমবৰ্ধমানভাৱে কৃষি ভূ-খণ্ড হ্ৰাস তথা উৎপাদকতা আৰু উৰ্বৰতা হ্ৰাস পোৱাৰ ফলত কৃষকসকল পশুপালনৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। সাম্প্ৰতিক সময়ত ছাগলী পালন কৃষকসকলৰ মাজত উপাৰ্জনৰ এক সহজ আহিলা হিচাপে পৰিগণিত হৈছে।

বিজ্ঞানসন্মতভাৱে ছাগলীপালন এক লাভজনক ব্যৱসায়। ছাগলীক দৰিদ্ৰৰ গাই বুলিও কোৱা হয়। যিহেতু দুখীয়া-নিচলা পৰিয়াল এটায়ে সহজতে কেইজনীমান ছাগলী বিজ্ঞানসন্মতভাৱে পালন কৰি লাভৱান হ’ব পাৰে।

বৈজ্ঞানিক পদ্ধতিৰে ছাগলী প্ৰতিপালন কৰিবলৈ যাওঁতে কিছুমান দিশ ভালকৈ মন দিব লাগিব। তলত এই দিশসমূহ চমুকৈ আলোকপাত কৰা হৈছে।

ক) ছাগলী প্ৰতিপালনৰ পদ্ধতি:-

১) এৰাল দিয়া পদ্ধতি

২) গৰালত আৱদ্ধ কৰি ৰখা পদ্ধতি

৩) গোটেই দিনটো চৰোৱা পদ্ধতি

৪) দিনৰ আধা সময় চৰোৱা আৰু আধা সময় গৰালত ৰখা পদ্ধতি

বহুতো পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে যে ছাগলী  পালনত অধিক লাভৱান হ’বলৈ হলে দিনৰ আধা সময় চৰোৱা আৰু আধা সময় গৰালত ৰখা পদ্ধতিটো অৱলম্বন কৰাই শ্ৰেয়।

এই পদ্ধতিটোত ছাগলীবোৰক দিনটোৰ অধিকাংশ সময় পথাৰত চৰোৱা হয় আৰু দিনৰ শেষৰফালে গৰালত ৰাখি দানা-পানী, ঘাঁহ আদি গৰালত দিয়া হয়।

খ) ছাগলীৰ বাবে ঘৰ: ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ বাবে অন্য এক অপৰিহাৰ্য্য অংশ হ’ল বিজ্ঞানসন্মতভাৱে সজা এটা ছাগলী ৰখা ঘৰ। এই ঘৰৰ আৰ্হি, ঘৰৰ নিৰ্ধাৰিত স্থান আৰু পৰিৱেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিয়ে ছাগলী পালন ব্যৱসায়ৰ কৃতকাৰ্য্যতাত যথেষ্ট প্ৰভাৱ পেলায়।

গ) ঘৰ নিৰ্মাণৰ বাবে স্থান নিৰ্বাচন: ছাগলী ঘৰ নিৰ্মাণ কৰা পূৰ্বে কিছুমান দিশ ভালকৈ মন কৰিব লাগে। তাৰ ভিতৰত ঠাইখিনিৰ উচ্চতা, সহজে পানী জমা নোহোৱা, সূৰ্য্যৰ পোহৰ পৰি থকা ঘাঁহ খেতি বা চৰাবলৈ কিছু মাটি, পানীৰ ব্যৱস্থা, যাতায়তৰ ব্যাৱস্থা, ওচৰৰ জনবসতি বা হাবি-জংঘল, ইত্যাদি।

ঘ) উত্তৰ-পূব ভাৰতৰ জলবায়ুৰ বাবে উপযোগী ঘৰ:

উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সেমেকা আৰু যথেষ্ট বৰষুণ হয়। ইয়াত পেলুৰ সংখ্যাও বেছি। ছাগলী সাধাৰণতে শুকান, পৰিষ্কাৰ থকা ঠাই ভাল পায়। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চাংঘৰ উপযোগী।

চাংঘৰৰ বাবে সজা ঘৰৰ মজিয়াখন মাটিৰ পৰা ৩-৪ ফুটমান ওখ হোৱা উচিত। মজিয়াখন ফলা বাঁহ বা তক্তাৰে সাজিলে আৰু প্ৰতিটো বাঁহ বা তক্তাৰ  মাজত অলপ ফাঁক (প্ৰায় আধা ইঞ্চিমান) ৰাখিব লাগে যাতে মল-মূত্ৰখিনি তললৈ সৰকি চাংখন চাফা হৈ থাকে।

সাধাৰণতে এজনী পূৰ্ণবয়ষ্ক ছাগলীক ১০ বৰ্গফুট, পূৰ্ণবয়ষ্ক মতা ছাগলীক ১৫ বৰ্গফুট, আৰু বাঢ়নীয়া পোৱালীক ৪ বৰ্গফুট মজিয়াৰ প্ৰয়োজন।

ছাগলীৰ বয়স আৰু লিংগ অনুসৰি ইহঁতক বেলেগ বেলেগ কোঠালিত ৰখাৰ ব্যৱস্থা কৰিলে ভাল। প্ৰজননৰ কাৰণে ৰখা ছাগলীক পৰাপক্ষত গাইগুটীয়াকৈ ৰখাৰ আৱশ্যক।

ঙ) গাভিনী ছাগলীৰ পৰিচৰ্যা:

গাভিনী সময়ত ছাগলীজনীক তলত উল্লেখ কৰা দিশসমূহ ভালদৰে মন কৰিব লাগে।

১) গাভিনী ছাগলীবোৰক পৰাপক্ষত আন ছাগলীৰ লগত ৰাখিব নালাগে। সম্ভৱ হলে সুকীয়া কোঠাত ৰখা উচিত।

২) খাল, নলা-নৰ্দমা আদি জপিয়াই পাৰ হবলৈ বাধ্য কৰোৱা অনুচিত।

৩) অতিমাত্ৰা খোজ কঢ়োৱা আৰু লাঠী, এচাৰি আদিৰে মৰিওৱা বিপদজনক।

৪) পোৱালী জন্ম দিবলগীয়া নিৰ্ধাৰিত দিন, তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ছাগলীজনীক আচুতীয়াকৈ ৰাখি সঘনাই নজৰ ৰখা উচিত।

৫) এই অৱস্থাত ছাগলীজনীক পৰ্যাপ্ত পৰিমাণৰ সুষম খাদ্য, ঘাঁহৰ লগতে পৰিষ্কাৰ বিশুদ্ধ পানী অহৰহ যোগান অতি আৱশ্যক।

৬) ঠাণ্ডা দিনত কোঠালীটো গৰম কৰাৰ লগতে মজিয়াখনত খেৰ পাৰি দিব লাগে।

চ) পোৱালী জগাৰ সময়ত লবলগীয়া সাৱধানতা:

১) পোৱালী জন্ম দিয়া কোঠালীটো ভালদৰে পৰিষ্কাৰকৈ ৰাখিব লাগে যাতে নৱজাতক পোৱালীবোৰক সংক্ৰামক ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

২) পোৱালী জন্ম দিয়াৰ আধা ঘণ্টাৰ পৰা চাৰি ঘণ্টাৰ ভিতৰত জল সৰি পৰাটো নিশ্চিত কৰিব লাগে। যদি নপৰে তেন্তে ওচৰৰ পশু চিকিৎসকৰ সহায় লব লাগে।

৩) সকলো সময়তে এজন পাম পৰিচাৰ্যক ৰখাৰ ব্যৱস্থা কৰিব লাগে।

সাধাৰণতে প্ৰসৱৰ লক্ষণ দেখুওৱাৰ আধাঘণ্টামান সময়ৰ ভিতৰত পোৱালী জন্ম হয়। এই সময়ত ছাগলীজনীক কোনো ধৰণৰ আমণি কৰা উচিত নহয়। মাত্ৰ অলপ দূৰৰ পৰা নিৰীক্ষণ কৰা উচিত যাতে আৱশ্যক অনুসৰি সহায় কৰিব পাৰি। সৰহ সংখ্যক ছাগলীৰ ক্ষেত্ৰতে দেখা যায় যে ছাগলীজনীয়ে কোনো বাহ্যিক সহায় নোহোৱাকৈয়ে পোৱালী জন্ম দিয়ে। যদি ছাগলীজনীয়ে অশেষ চেষ্টা কৰিও এঘণ্টা বা ডেৰঘণ্টাৰ ভিতৰত পোৱালী জন্ম দিব নোৱাৰে, তেনেক্ষেত্ৰত পশু চিকিৎসকৰ সহায় লোৱা আৱশ্যক।

ছ) পোৱালী জন্মৰ পিছত ছাগলীজনীৰ যতন:

১) পোৱালী জন্ম দিয়াৰ পিচত কেতিয়াবা ছাগলীজনীৰ পিছফালৰ অংশত লাগি থকা বিজলুৱা পদাৰ্থ বা তেজ আদিবোৰ কুহুমীয়া পটাচ পানীৰে ধুই দিয়া উচিত। নতুবা মহানিমৰ পাত পানীত উতলাই তাক কুহুমীয়া কৰিও পটাচ পানীৰ সলনি ব্যৱহাৰ কৰিব পাৰি।

২) পোৱালী জন্ম দিয়া পিচত ছাগলীজনীক কেতিয়াও ঠাণ্ডা লাগিব দিব নালাগে, বিশেষকৈ ঠাণ্ডা দিনত। বৰং তাইক অলপ কুহুমীয়া পানী অথবা ভাতৰ মাৰ বা গুৰৰ পানী আদি খাব দিয়া উচিত।

৩) জলখন ছাগলীজনীক খাব দিব নালাগে।

৪) পোৱালী জন্ম দিয়াৰ পিচত ছাগলীজনীক বেছিকৈ খাদ্য যোগান ধৰা অনুচিত। অলপমান সেউজীয়া কোমল ঘাঁহ খাবলৈ দিয়া উচিত।

জ) ছাগলী পোৱালীক লবলগা যতন:

১) ছাগলী পোৱালী জন্মাৰ লগে লগে নাকৰ পৰা শ্লেষ্মা আতৰাই দিব লাগে। সাধাৰণতে পোৱালী জন্মৰ পিছত মাকে পোৱালীৰ গাত লাগি থকা বিজলুৱা পদাৰ্থবোৰ চেলেকি আঁতৰাই শুকুৱাবলৈ যত্ন কৰে।

২) প্ৰতিটো পোৱালীয়ে জন্মৰ এঘণ্টাৰ ভিতৰত মাকৰ ওহাৰত থকা ফেঁহু খাবলৈ পোৱা উচিত।

৩) সদ্যজাত পোৱালী বোৰক নাভিৰ পৰা ২.৫ চে.মি. দূৰত সংলগ্ন নাভিডোখৰ কাটিব লাগে আৰু টিনচাৰ আয়ডিন প্ৰয়োগ কৰিব লাগে।

৪) অত্যন্ত ঠাণ্ডা, গৰমৰ পৰা পোৱালীবোৰক আঁতৰাই ৰাখিব লাগে।

ঝ) মাউৰা ছাগলী পোৱালীৰ যতন:

১) বটলেৰে গাখীৰ খোৱাব লাগে। তাৰবাবে অলপমান গৰুৰ গাখীৰ কুহুমীয়া গৰম পানীত মিহলাই দিনটোত ৫-৬ বাৰ মানকৈ খোৱাব লাগে।

২) বজাৰত সহজে উপলব্ধ মানুহৰ কেচুৱাক খোৱাবলৈ ব্যৱহৃত “লেক্টজেন” পাউদাৰ, কুহুমীয়া গৰম পানীত মিহলাই খুৱালেও সুফল পোৱা যায়।

৩) ধাই মাকৰ গাখীৰ খুৱাইও এই সমস্যা দূৰ কৰিব পাৰি।

ঞ) প্ৰজননৰ বাবে ৰখা মতা ছাগলীৰ যতন:

১) উপযুক্ত শাৰীৰিক ব্যায়ামৰ অভাৱত মতা ছাগলীৰ কাৰ্য্যদক্ষতা কমি যায়। সেয়েহে প্ৰজননৰ বাবে ৰখা মতা ছাগলীটোক দৈনিক ঘাঁহনি পথাৰত চৰিবলৈ দিব লাগে যাতে ছাগলীটোৱে দৈনিক তিনি-চাৰিমাইল খোজ কাঢ়িব পাৰে।

২) ভৰিৰ খুৰাবিলাক সময়ে সময়ে লক্ষ্য কৰা উচিত যাতে বেছি দীঘল নহয়।

৩) পৰাপক্ষত প্ৰজননৰ বাবে ৰখা মতা ছাগলীটো অন্যান্য মাইকী ছাগলীৰ পৰা আঁতৰত ৰাখিব লাগে।

৪) পৰ্যাপ্ত পৰিমাণৰ সেউজীয়া ঘাঁহ তথা দানাৰ উপৰিও বুটমাহৰ যোগান ধৰিব লাগে।

৫) প্ৰজননক্ষম মতা ছাগলীটোৰ লিংগ আৰু শুক্ৰাশয়ৰ ঠাইখিনি ভালকৈ চাফা কৰি ৰাখিব লাগে।

ট) ছাগলী প্ৰতিপালনৰ অন্যান্য দিশসমূহ:

১) পেলুৰ দৰব খুওৱা: জন্মৰ পৰা চাৰি সপ্তাহৰ পিছত প্ৰথমবাৰৰ বাবে পোৱালীক পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ ঔষধ দিয়া উচিত। তাৰ পাছত প্ৰতি ৩-৪ মাহৰ অন্তৰালত নিৰ্দ্দিষ্ট সময়ত পেলুৰ দৰব খুৱাব লাগে।

২) ছাগলীৰ খাহীকৰণ: মাংস উৎপাদনৰ বাবে মতা পোৱালীক দুইৰ পৰা তিনিমাহ বয়সৰ ভিতৰত খাহী কৰাব লাগে। যিহেতু খাহী কৰোৱা পোৱালীৰ মাংস উৎপাদনৰ হাৰ অধিক হোৱাৰ উপৰিও মাংস উচ্চ গুণমানৰ হয় বুলি প্ৰমাণিত হৈছে, খাহী নকৰোৱা পোৱালীক মাইকী ছাগলীৰ পৰা আঁতৰাই পৃথকে ৰখা উচিত।

৩) চিনাক্তকৰণ: পৰাপক্ষত জন্মৰ দুই-তিনিমাহৰ ভিতৰত প্ৰতিটো ছাগলী পোৱালীৰ কাণত একোটা সংখ্যা ব্যৱহাৰ কৰি কাণফুলি পিন্ধাব লাগে। এই চিনাক্তকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ছাগলী উৎপাদনৰ বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ উপৰিও ছাগলী বীমাকৰণ কাৰ্য্যত সহায় হয়।

৪) ছিটাকৰণ: সচৰাচৰ ছাগলীবোৰ কেইটামান নিৰ্দ্দিষ্ট বেমাৰত সহজে মৃত্যুমুখত পৰি পামখনৰ আৰ্থিক অৱস্থা দুৰ্বল কৰা দেখা যায়। গতিকে নিৰ্দ্দিষ্ট সময়ৰ অন্তৰালত, এণ্টেৰ’টক্সেমিয়া, পি.পি.আৰ., চবকা, ছাগলী বসন্ত ইত্যাদি ৰোগৰ প্ৰতিৰোধৰ হকে ছিটা কৰাব লাগে।

*****************

লিখকৰ ঠিকনা-  ড০ এচ.এম. ৰহমান, ডাঃ কন্দৰ্প বৰুৱা, ডাঃ কৰুণা শইকীয়া, ড০ সিদ্ধাৰ্থ শংকৰ পাঠক, ডাঃ দিপান্বীতা বৰ্মন

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com