ব্ৰয়লাৰ পালনৰ পদ্ধতি আৰু অসমত ইয়াৰ ক্ৰমবিকাশ..

 

~অৰ্জুন চন্দ্ৰ ৰায়।।।…

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু ব্ৰয়লাৰ পালনৰ বাবে উপযোগী। লগতে অসমত নিবনুৱা সমস্যাৰ সমাধানৰ এক উপযুক্ত বৃত্তি হিচাপে গণ্য হৈছে। বৰ্ধিত জনসংখ্যা, অভূতপূৰ্ব নিবনুৱা সমস্যাই জৰ্জৰিত কৰা অসম তথা ভাৰতবৰ্ষত এই ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷ বৰ্ত্তমান গুৱাহাটী মহানগৰকে ধৰি অসমৰ প্ৰায়বোৰ চহৰ অঞ্চলৰ বজাৰত ব্ৰয়লাৰ মাংসই এক গুৰূত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। ব্ৰয়লাৰ কুকুৰা হৈছে এবিধ উন্নতমানৰ অতি সোনকালে বাঢ়ি অহাৰ ক্ষমতা থকা হাইব্ৰীড কুকুৰা, যিবোৰ উপযুক্ত প্ৰতিপালনত মাত্ৰ ৪০/৪২ দিন বয়সত ১.৫-২.০ কিলোগ্ৰাম বা তাতোধিক ওজন লাভ কৰিব পাৰে। অকল মাংসৰ বাবেহে প্ৰতিপালন কৰা এই ব্ৰয়লাৰবোৰ মতা বা মাইকী দুয়োপ্ৰকাৰৰ হ’ব পাৰে। ব্যৱসায়িক দিশত ব্ৰয়লাৰ কুকুৰা পালন কৰি অধিক লাভবান হ’ব পাৰি। ব্ৰয়লাৰ উদ্যোগ ভাৰতবৰ্ষত বছৰি ৮ ৰপৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে। ২০১২ চনৰ ১৯তম জীৱজন্তুৰ গননা অনুসৰি অসমত মুঠ কুকুৰাৰ সংখ্যা ২৭২১৬.17 হাজাৰ।

ব্ৰইলাৰ কুকুৰা পালনৰ সুবিধা সমূহ:-

১.জন্মদিনৰ পৰা ৪০-৪৫দিন বয়সতে বিক্ৰীৰ উপযোগী হয়।

২. কম ঠাইতে ব্ৰইলাৰ পাম খুলিব পাৰি(প্ৰতি কুকুৰাত 1 বৰ্গফুট)

৩. অন্য কুকুৰাতকৈ কম যত্ন ল’লেই হয়।

৪.  মৃত্যুৰ হাৰ কম।

৫. সকলো শ্ৰেণীৰ মানুহে ইয়াক অতি সহজে প্ৰতিপালন কৰিব পাৰে।

৬. বৰ্ত্তমান বজাৰত চাহিদা আৰু লাভৰ পৰিমান বেছি।

উৎকৃষ্ট জাত:

ব্ৰইলাৰ কুকুৰাৰ কেইবিধমান উন্নত মানৰ জাতৰ ভিতৰত

১)হাবাৰ্ড(HUBBARD),

২)হাবসিক্স(HUBCHIX),

৩)ভেনকৰ,

৪)কব(COBB)

৫)হয়ব্ৰ(Hy-Bro)

৬)কৃছিব্ৰ(krishibro) ইত্যাদি।

ব্ৰয়লাৰ ফাৰ্মৰ বাব স্থান নিৰ্বাচন আৰু ঘৰ-দুৱাৰ নিৰ্মা:

  • কুকুৰাৰ ঘৰ নিৰ্মাণ এখন ওখ, শুকান, ৰ’দ পৰা ঠাইত হব লাগে।
  • পানী, বিজুলী সুবিধা থাকিব লাগে।
  • জনবসতি অঞ্চলৰ পৰা আঁতৰত হ’ব লাগে।
  • যান-বাহন আৰু বজাৰৰ সুব্যৱস্থা থকা ঠাই হোৱা উচিত৷
  • স্থানীয় সামগ্ৰীয়ে তৈয়াৰ কৰা ঘৰটো ভেটিৰ পৰা ৩ ফুট ওখলৈ সম্পূৰ্ণ বেৰ দি ওপৰৰ অংশত বাহঁ, তাৰঁৰ জালি আদিৰে আবদ্ধ কৰি দিব লাগে৷
  • ঘৰটোৰ মাজেৰে বিশুদ্ধ বায়ু চলাচল হোৱা উচিত
  • প্ৰতিটো ব্ৰইলাৰৰ বাবে ১ বৰ্গফুটকৈ মজিয়াৰ জোখত ঘৰটো নিৰ্মাণ কৰিব লাগে।
  • শুকান ডাঠ মাটিৰ ওপৰত ২-৩ ইঞ্চিমান তুঁহ গুৰি বা কাঠৰ  গুৰি পাৰি দি লিটাৰ প্ৰস্তুত কৰিব পাৰি৷
  • প্ৰতিটো কোঠাত ২৫০-৩০০ টাতকৈ অধিক কুকুৰা ৰাখিব পাৰি।
  • এটা জাক বিক্ৰী কৰাৰ পিছত ঘৰটো ১০-১৫ দিন খালি কৰি ৰাখিব লাগে৷
  • ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত কীটনাশক ছটিয়াই  পৰিস্কাৰ কৰি ল’ব লাগে।

 পোৱালি ৰখা ঘৰ:

  • এটা ব্ৰুডাৰত ৬০ ৱাট ক্ষমতাৰ ৪ টা বাল্ব জ্বলাই ৰাখিব লাগে। ব্ৰুডাৰৰ চাৰিওফালে চক্ৰ্গাড লগোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে পোৱালীবোৰ বুডাৰৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে। বুডাৰৰ ভিতৰতে পানী আৰু দানা ৰখাৰ ব্যৱস্থা কৰিব লাগে।
  • পোৱালি ছয় ফুট দীঘল  আৰু চাৰি ফুট বহল এটা কাঠৰ বুডাৰত ৩৫০টা পোৱালী ৰাখিব পৰা যায় ৷
  • পোৱালী জন্মাৰ প্ৰথম সপ্তাহত বুডাৰ উষ্ণতা ৯৫ ডিগ্ৰী ফাৰেণহাইট আৰু পিচত প্ৰত্যেক সপ্তাহত অন্তত ৫ ডিগ্ৰী ফাৰেণহাইটতকৈ কমাই ৪ সপ্তাহৰ শেষত কৃত্ৰিম উত্তাপ দিয়াৰ প্ৰয়োজন নহয়৷

দানাপানী যোগান:

ব্ৰইলাৰ কুকুৰাক প্ৰচুৰ পৰিমাণে পৰিস্কাৰ পানী যোগান ধৰা উচিত৷ ব্ৰইলাৰক ৫ সপ্তাহ বয়সলৈ ষ্টাৰ্টৰ দানা আৰু তাৰ পিছত ফিনিছাৰ দানা খুৱাব লাগে৷ প্ৰথম তিনিদিন পোৱালীক দানাৰ পাত্ৰ পূৰাকৈ, পিচৰ সাতদিন পাত্ৰৰ আধালৈকে আৰু তাৰ পিছত পাত্ৰটোৰ এক-তৃতীয়াংশ পূৰ হোৱাকৈ দানাৰ যোগান ধৰিব লাগে৷ প্ৰত্যেক ১০০ ব্ৰইলাৰৰ বাবে প্ৰথম দুই সপ্তাহত ২ লিটাৰপানী আৰু তাৰ পিচত প্ৰত্যেক সপ্তাহত ২ লিটাৰকৈ পানী বঢ়াই যাব লাগে।

দানাৰ পৰিমাণ দানা (গ্ৰাম):

১ম সপ্তাহ ১৪ৰ পৰা ২১

২য় সপ্তাহ ৩২ৰ পৰা ৫০

৩য় সপ্তাহ ৫০ৰ পৰা ৭৭

৪ৰ্থ সপ্তাহ ৬৭ৰ পৰা ৯৮

৫ম সপ্তাহ ৯০ৰ পৰা ১১৫

৬ষ্ঠ সপ্তাহ ১০০ৰ পৰা ১৩৫

৭ম সপ্তাহ ১১৭ৰ পৰা ১৫২

অসমত সততে হোৱা কিছুমান সংক্ৰমিত বেমাৰ:

বেমাৰী কুকুৰাৰ পৰা আন এটা নিৰোগী কুকুৰা সংক্ৰমিত হোৱাকে সংক্ৰমণ বেমাৰ বুলি কোৱা হয়। সংক্ৰামণ বেমাৰক তিনিটা ভাগত বিভক্ত কৰিব পাৰি।

১)বেক্টেৰিয়াজনিত: কলেৰা,পুলৰাম ইত্যাদি বেক্টেৰিয়াৰ পৰা হোৱা কুকুৰাৰ বেমাৰ

২)ভাইৰাচজনিত: ৰানিখেত,চিকেনপস্ক,গামবৰু, মাৰেস্ক, ইত্যাদি ভাইৰাচৰ পৰা হোৱা কুকুৰাৰ বেমাৰ

৩)ভেঁকুৰজনিত : স্পাৰজিলচিচ, মাইকতস্ছিকচিছ আদি ভেঁকুৰজনিত কুকুৰাৰ বেমাৰ

ব্ৰইলাৰ কুকুৰাৰ কেইবিধমান সংক্ৰমক ৰোগৰ ছিটা আৰু ইয়াৰ ব্যৱহাৰ:

ৰোগৰ নাম ছিটা ছিটা দিয়াৰ সময় ছিটাৰ পৰিমাণ কেনেকৈ দিয়া হয়
ৰাণি খেত্ আৰ.ডি.ছিটা

(ক) এফ্ ছিটা

(খ)  আৰ.২ বি ছিটা

 

জন্মৰ  ৭ দিনৰ ভিতৰত

২৮ দিনত

এক টোপালকৈ

০.৫ মি:লি:

চকু আৰু নাকৰ বিন্ধাত

আন্ত:পেশীয়

গাম্বৰু

(আই.বি.ডি)

আই.বি.ডি.ছিটা জন্মৰ ১৩/১৪ দিনত ———— খোৱা পানীৰ লগত
মাৰেক্ছ এম ডি ছিটা জন্মৰ ৭ দিনৰ ভিতৰত ০.২ মি:লি: ছালৰ তলেৰে

ব্ৰয়লাৰ পোৱালি নিৰ্ব্বাচনৰ সময়ত লবলগা সাবধানতা:

১)এদিনীয়া পোৱালিৰ ওজন কমেও ৩৫ ৰ পৰা ৪০ গ্ৰাম হোৱা উচিত।

২)ভাল সুস্থ সবল ব্ৰয়লাৰ পোৱালি নিৰ্ব্বাচন কৰা উচিত।

৩) কোনো আঘাতপ্ৰাপ্ত পোৱালি থাকিলে জাকৰ পৰা আতৰাই ৰাখিব লাগে।

ব্ৰইলাৰ পালনত মনত ৰাখিবলগীয়া কথা….

  • প্ৰথম দুসপ্তাহ সময় পোৱালীবোৰক সঘনাই পৰিদৰ্শন কৰি থাকিব লাগে কাৰণ সময়ছোৱাত মৃত্যুৰ হাৰ আটাইতকৈ অধিক ৷
  • পৰ্যাপ্ত পৰিমানৰ পানীৰ যোগান অব্যাহত ধৰিব লাগে ৷
  • দিনটোৰ দানা এক-তৃতীয়াংশ পুৱাৰ ভাগত, এক-তৃতীয়াংশ দুপৰীয়াৰ ভাগত আৰু বাকীখিনি  সন্ধিয়ালৈ দিব লাগে ৷
  • এজাক ব্ৰয়লাৰ বিক্ৰী কৰাৰ পিছত ব্ৰইলাৰ ঘৰটো দুসপ্তাহ সময় খালী ৰাখিব লাগে।
  • পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সময়মতে বিভিন্ন ৰোগৰ চিটা সমূহ দিব লাগে ৷
  • প্ৰৱেশ পথত ফেনাইল দ্ৰৱ ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে জোতা-চেন্দেল আদি তিয়াই পামত সোমাব পাৰে ৷
  • ৰোগাক্ৰান্ত কুকুৰাক ততালিকে জাকৰ পৰা আতৰাই পশু চিকিৎসকৰ পৰামৰ্শ লব লাগে ৷

অসমৰ ব্ৰয়লাৰ উৎপাদন হোৱা মুখ্য অঞ্চলসমূহ:

অসমৰ ব্ৰয়লাৰ উৎপাদন হোৱা অঞ্চল সমূহৰ ভিতৰত বঙাইগাওঁ, মংগলদৈ, চিপাঝাৰ, দৰং, কোকৰাঝাৰ, তিনিচুকিয়া, লখিমপুৰ ইত্যাদি।

ব্ৰয়লাৰ মাংসৰ বজাৰিকৰন:

  • ৪০ৰ পৰা ৪২দিন বয়সীয়া কুকুৰা বিক্ৰীৰ বাবে উপযোগী।
  • কুকৰা ধৰাৰ সময়ত কোনো ধৰনৰ আঘাত নেলাগিবৰ বাবে দানা আৰু পানীৰ পাত্র আতঁৰাই ৰাখিব লাগে।
  • পৰিবহন কালত প্ৰতিকূল জলবায়ুৰ পৰা ৰক্ষা কৰিব লাগে।
  • অসমৰ বজাৰত প্ৰতিকেজি ব্ৰয়লাৰ মাংসৰ দাম ১৮০ৰ পৰা ২০০ টকা।
  • পাইকাৰী তথা গোটা কুকুৰাৰ মুল্য ৭০ টকা প্ৰতি কেজি।

**************************

লিখক:- অৰ্জুন চন্দ্ৰ ৰায়, তৃতীয় বৰ্ষৰ ছাত্ৰ, বি. ভি. এছ ছি. আৰু এ. এইছ. (B.V.Sc & A.H.), লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ- ৭৮৭০৫১.

ইমেইল: arjunchandraray1@gmail.com, দূৰভাষ: +৯১-৯৮৫৯৪২১৩৩৭.

_______________________________________

টোকা: যিকোনো Copyright আইন উলংঘনৰ বাবে নিৰ্দ্দিষ্ট লেখক/লেখিকা গৰাকী জগৰীয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com