ভাৰত বৰ্ষত কৃষকৰ দুৰৱস্থা

~N. Karmakar
     ভাৰত হৈছে এক কৃষি প্ৰধান দেশ । প্ৰায় ৭০% ভাৰতৰ জনসংখ্যা কৃষিৰ লগত জড়িত । কিন্তু ভাৰতত কৃষকসকলৰ অৱস্থা অতি দুখনীয় । আৰু আজিৰ দিনতো কৃষক সকলে কৰি আছে আত্মহত্যা যিয়ে ভাৰতবৰ্ষৰ বিকাশৰ ওপৰত গুৰুতৰ প্ৰশ্ন উঠায়।
     কেন্দ্ৰীয় চৰকাৰৰ এক তথ্য অনুসাৰে , চৰকাৰৰ কৃষি সুৰক্ষাৰ বিভিন্ন আঁচনি বা কৃষি আয়  বঢ়োৱাৰ প্ৰয়াসৰ স্বত্তেও প্ৰতি বছৰে প্ৰায় ১২০০০ কৃষকে আত্মহত্যা কৰে। ভাৰতবৰ্ষত ঘটিত সমূহ আত্মহত্যাৰ মাজত ১০% আত্মহত্যা কৃষকে কৰে ।
 কিন্তু কৃষকৰ এই দুৰৱস্থাৰ কাৰণ কি ? কিয় কৃষক সকলে আত্মহত্যা কৰি আছে? কৃষকৰ দুৰৱস্থাৰ বহুতো কাৰণ আছে । তাৰে ভিতৰত জলবায়ুৰ পৰিৱৰ্তন, মনচুন (monsoon) নোহোৱা, কৃষকৰ ওপৰত অত্যাধিক টকাৰ ধাৰ ঋণ , খৰাং বতৰ ইত্যাদি। তাৰে কিছুমান কাৰণ বিতংভাৱে আলোচনা কৰা হ’ল-
মূল্য বৃদ্ধি : বৰ্তমান দিনত প্ৰতিটো ক্ষেত্ৰতে বস্তুৰ দাম  বাঢ়িছে। কৃষিভিত্তিক বস্তু বাহিনিৰ দাম বঢ়াৰ বাবেও কৃষক সকলৰ বহুত অসুবিধাৰ সন্মুখীন লবলগীয়া হয়।বৰ্তমানত ঘেঁহু খেতিৰ বাবে ২০০৫ ৰ তুলনাত তিনি গুণ অধিক ব্যয় হয় । বৰ্তমানত খেতিত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু বীজৰ দাম বহুত বৃদ্ধি হৈছে । কৃষিত ব্যবহৃত ট্ৰেক্টৰ, পাম্প আদিৰ দাম বৃদ্ধি ৰ বাবেও সকলো কৃষকে এইবোৰ কিনিব নোৱাৰে ।
 ঋণৰ বাবে মানসিক চাপ : NCRB ৰ তথ্য মতে ২০১৫ চনত ৩০০০ ৰ ভিতৰত ২৪৭৫ আত্মহত্যা বেংকৰ ঋণ থকা ব্যক্তিয়ে কৰিছে । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ঋণৰ বাবে কৃষকৰ আত্মহত্যা বৃদ্ধি হৈছে ।
 বজাৰৰ সৈতে যোগাযোগৰ অভাৱ : কৃষকে উৎপন্ন কৰা শস্য  সঠিক দামত বিক্ৰী কৰিবলৈ , বজাৰৰ অভাৱ । যদিও চৰকাৰে Natoinal Agricultural Market আৰু ডিজিটেল বজাৰৰ সুবিধা দিছে, কিন্তু শিক্ষিত কৃষকৰ সংখ্যা কম হোৱাৰ বাবে অতি কম সংখ্যক কৃষকে এই সুবিধাৰ লাভ উঠাব পাৰিছে ।
পানীৰ অভাৱ: পানীৰ অভাৱ থকা ৰাজ্য যেনে মহাৰাষ্ট্ৰ , কৰ্ণাটকত পানীৰ অভাৱৰ বাবে শস্য উৎপাদন বহুত পৰিমানে কমি গৈছে । এই সমস্যা আৰু গম্ভীৰ হৈ যায় যেতিয়া মনচোন নহয় । যাব ধৰিছে যাৰ বাবে পানীৰ সমস্যা আৰু বাঢ়ি গৈছে ।
          ইয়াৰ উপৰিও আৰু বহুতো কাৰণৰ বাবে কৃষকৰ দুর্বস্থা হৈছে । ভাৰতবৰ্ষত এইয়া এক ভাৰতৰ সমস্যা আৰু বৰ্তমান চৰকাৰে এই সমস্যাক গুৰুত্যপূৰ্ণতাৰে লৈছে । বিগত কেই বছৰত ভাৰত চৰকাৰে কৃষক শক্তিকৰণৰ বাবে কৰা কিছু উল্লেখ্যনীও কাম হল – 
● কৃষি বিকাশ যোজনাৰ অধীনত কৃষকে ঋণ লোকৰ সুবিধা দিছে ।
●কৃষি টিভি আৰু কৃষি হেল্ললাইনৰ যোগেদি চৰকাৰে কৃষক সকলৰ বীভিন্ন সমস্যাৰ সমাধান কৰিব প্রয়াস কৰিছে ।
● কোনো ধৰণৰ দুর্যোগ বা শস্য নষ্ট হলে ৫০% অধিক আৰ্থিক সাহায্য দিয়ে ।
● খেতিৰ মাটিৰ স্বাস্থ্য বা গুণাগুণ বজাই ৰাখিবলৈ soil card ৰ ব্যৱস্থা কৰিছে ।
● APMC act ৰ জৰিয়তে কৃষকৰ উৎপন্ন বোৰ বিক্ৰী কৰিবলৈ বজাৰৰ ব্যৱস্থা কৰা হৈছে যত কৃষকে সঠিক মূল্যত বিক্ৰী কৰিব পাৰে ।
চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাত কৃষি মানদণ্ড উন্নত হৈছে যদিও কৃষক সকলৰ বাবে আৰু বহুত কৰিব আছে ।
    Ref. Times of India.
*************
লিখকৰ ঠিকনা –  N. Karmakar

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com