মৌ-পালন: এক লাভজনক ব্যৱসায়

~সত্যব্ৰত দত্ত

     ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে পৰাগ যোগৰ আৱশ্যক। এই কাৰ্য্যত মৌ মাখিয়ে বিশেষভাৱে সহায় কৰে। সেইবাবে মৌ পালন উদ্যোগ ভাৰতবৰ্ষৰ বাবে বিশেষ উপযোগী।
প্ৰাচীন কালৰে পৰা ভাৰতীয় মানুহে মৌ পালন কৰি আহিছে। অসমতো মাটিৰ কলহ, ধোন্দা কাঠৰ টুকুৰাত পুৰণি কালত মৌ-পালন কৰিছিল যদিও মৌ ৰস আহৰণৰ প্ৰক্ৰিয়া বিজ্ঞানসন্মত নোহোৱাত ৰানী মৌজনী মৰি গোটেই বাহেই নষ্ট হৈ গৈছিল। কিন্তু এতিয়া আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত বিজ্ঞানসন্মত ভাবে মৌ-পালন কৰি তাৰ ৰস আহৰণ কৰাৰ লগতে বিভিন্ন প্ৰকাৰে লাভবান হ’ব পাৰে।

মৌ-পালনৰ বিশেষত্ব:
• এই উদ্যোগৰ কোনো পৰম্পৰা নাই, সেয়েহে কোনো কেচামালৰ প্ৰয়োজন নহয়।
• লাগতিয়াল ফল-মূল, গছ-গছনি আৰু শস্যৰ পৰাগ-সংযোগ ঘটাই উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট অৰিহণা যোগায়।
• মূলধন বিনিয়োগৰ মাত্ৰা যথেষ্ট কম। সুবিধা অনুসৰি স্থান পৰিৱৰ্তন কৰিব পাৰি।
• প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰে।
• অতি কম সময়তে মূলধন ঘূৰাই পোৱা যায়।
• ঘৰতে এই উদ্যোগ স্থাপন কৰি লাভবান হ’ব পাৰি।

মৌ-পালন উদ্যোগৰ থল:
ভাৰতবৰ্ষত প্ৰায় ৫ কোটি হেক্টৰ মাটিত তেল শস্য, মাহ শস্য, লতা শস্য আদিৰ খেতি কৰা হয়। এইবোৰ শস্য মৌ-পালন উদ্যোগৰ বাবে অতি উপযোগী। এই উদ্যোগৰ যোগেদি মৌ-পালক আৰু খেতিয়ক উভয়ে উপকৃত হ’ব পাৰে। অসমত বছৰি ২৮০ লাখ কেজি মৌ উৎপাদন হয়। ইয়াৰ পৰা ৰাজ্যই ২.৮ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰজাতি:
মৌ-মাখি প্ৰধানতঃ ৪ প্ৰজাতিৰ পোৱা যায়-
১) বৰমৌ: এইবিধ মৌ আটাইতকৈ ডাঙৰ আৰু বনৰীয়া প্ৰজাতিৰ হোৱা বাবে পোহ মনাৰ পৰা নাযায়।
২) পশ্চিমীয়া মৌ: এইবিধ মৌ বৰ মৌতকৈ অলপ সৰু। এই মৌ-মাখিক ১০ টা ফ্ৰেমযুক্ত বাকচত পোহা হয়। ব্যৱসায়িক ভিত্তিত এই মৌ বৰ লাভজনক।
৩) ভাৰতীয় মৌ বা খোৰোঙীয়া মৌ: সমগ্ৰ ভাৰততে পোৱা যায় আৰু এইবিধ মৌ একমাত্ৰ পোহনীয়া মৌ হিচাপে জনা যায়। বছৰি  ১২-১৫ কি.গ্ৰা. মৌ আহৰণ কৰিব পৰা যায়।
৪) পুন-পুনি মৌ: এই প্ৰজাতিটো আন মৌতকৈ সৰু আৰু বনৰীয়া প্ৰকৃতিৰ।

 

কলনি সংগঠন: মৌ-মাখি এবিধ সামাজিক জীৱ আৰু ইহঁতে বাহ বা কলনিত বসবাস কৰে। এবাহ মৌত তিনিবিধ মৌ মাখি থাকে। ৰানী, কৰ্মী আৰু মতা মৌ । সাধাৰণতে এটা বাহত ১০০০০-১৫০০০ কৰ্মী মৌ, কেইবাশ মতা মৌ আৰু এজনী ৰানী মৌ থাকে।

সা-সজুলি:
বিজ্ঞানসন্মত পদ্ধতিত মৌ পালন কৰিবলৈ লাগতিয়াল সা-সজুলিসমূহ হ’ল-
১) এটা সম্পূৰ্ণ আধুনিক মৌ বাকচ। গাঠনিসমূহ একাদিক্ৰমে এনেকুৱা ধৰণৰ-
ক) তলিছা পীৰা
খ) শিশু কক্ষ
গ) মধু কক্ষ
ঘ) ভিতৰ চাকনি
ঙ) ষ্টেণ্ড
২) ওৰণি টুপি: মৌ বাহ চোৱা-চিতা কৰা সময়ত পৰিধান কৰিবলৈ প্ৰয়োজন হয়।
৩) হাত মোজা: মৌৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাতত পৰিধাণ কৰা হয়।
৪) জাল মোনা: বনৰীয়া মৌ ঘৰচীয়া কৰিবলৈ ব্যৱহাৰ হোৱা আহিলা।
৫) ধোঁৱা ভাটি: কিবা কাৰণত মৌবোৰ খঙাল হৈ পৰিলে ধোঁৱাৰ প্ৰয়োগ কৰিলে মৌবোৰে ভয় খায় আৰু সিহঁতৰ আক্ৰমণাত্মক প্ৰবৃত্তি কিছু পৰিমাণে কমে।
৬) মধু নিষ্কাষণ যন্ত্ৰ
৭) চুৰি কটাৰী
৮) ব্ৰাচ
৯) সঞ্চয় পাত্ৰ।

প্ৰস্তুতি:
মৌ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানৰ প্ৰয়োজন নহয়। ঘৰৰ বাৰান্দাত, চোতালত বা খিৰিকীৰ কাষত ৰাখিব পৰা যায়। ঠাইডোখৰ সাধাৰণতে বতাহ চলাচল কৰিব পৰা মুকলি হব লাগে আৰু চাৰিওফালে ফল-মূল বা শস্যৰ খেতি কৰিব পাৰি।

পৰিচালনা:
১) গ্ৰীষ্ম কালীন: এই সময়ছোৱাত তাপমান বৃদ্ধি হয় আৰু বৰষুণ হোৱাও দেখা যায়। গতিকে মৌ মাখিৰ দৈনন্দিত কাৰ্য্যত ব্যাঘাত জন্মে। প্ৰখৰ ৰদৰ পৰা ৰক্ষা কৰিবলৈ বাহটো ছাঁলৈ স্থানান্তৰ কৰিব লাগে। এই সময়ছোৱাত মৌজোল সংগ্ৰহ নকৰি সিহঁতৰ খাদ্য হিচাপে এৰি দিয়া উচিত।
২) বৰ্ষা কালীন: এই সময়ত ফুল ফুলা দেখা নাযায় আৰু মৌৰ খাদ্যৰ নাটনিয়ে দেখা দিয়ে। প্ৰচুৰ বৰষুণ তথা আৰ্দ্ৰতাই মৌৰ কাৰ্য্যত ব্যাঘাত জন্মায়। এন পৰিস্থিতিত মৌ-বাহ জীয়াই ৰাখিবলৈ কেতবোৰ সাবধানতা অৱলম্বন কৰা দৰকাৰী।
ক) মৌ বাকচত ভালদৰে বায়ু চলাচল কৰিবলৈ বিন্ধা কৰি বায়ুৰ চলাচলৰ ব্যৱস্থা কৰিব লাগে।
খ) কৃত্ৰিম আহাৰৰ প্ৰয়োজন হয়। কৃত্ৰিম আহাৰ সাধাৰণতে ১ লিটাৰ পানীত ৭৫০ গ্ৰাম মান চেনী মিহলাই প্ৰস্তুত কৰা হয়।
৩) বসন্ত কালীন: বসন্ত কালত প্ৰকৃতি ফুলেৰে জাতিষ্কাৰ হৈ পৰাৰ লগে লগে মৌ মাখিবোৰ কাৰ্যক্ষম হৈ পৰে আৰু বংশ বৃদ্ধি কৰে। কৰ্মী মৌয়ে নতুন ৰানী মৌৰ কোষ সজাত ব্যস্ত হৈ পৰে। এই সময়ত মৌ-পালক সকলে যথেষ্ট পৰিমাণৰ মৌ আহৰণ কৰিব পাৰে।
৪) শীতকালীন: উত্তৰ পূব ভাৰতত শীতকালত তাপ মাত্ৰা যথেষ্ট হ্ৰাস পায়। গতিকে এনে সময়ত মৌ বাহ পুনৰ ৰ’দ পৰা ঠাইলৈ স্থানান্তৰিত কৰিলে সিহঁত অধিক কাৰ্য্যক্ষম হৈ পৰিব।

মৌ-জোল নিষ্কাষণ আৰু সঞ্চয়:
মৌয়ে ফুলৰ পৰা অমৃত সংগ্ৰহ কৰি চাকত থকা কোষবোৰত জমা কৰে। কোষবোৰ পূৰ্ণ হ’লে মমেৰে ঢাকি দিয়ে। তেতিয়া ইয়াক নিষ্কাষণ কৰিব পৰা হয়। শিশুকক্ষ আৰু মধুকক্ষ উভয়তে মৌ ৰস জমা হৈ থাকে। শিশুকক্ষৰ পৰা কেতিয়াও মৌজোল উলিয়াব নালাগে।
প্ৰথমতে মৌচাক বা বিচনীখন খুব সাৱধানে বাকচৰ পৰা উলিয়াই ধোঁৱা দি কৰ্মী মৌবোৰ আতৰাই ল’ব লাগে। তাৰ পিছত এটা চৰিয়া বা বাল্টিত চাকবোৰ সংগ্ৰহ কৰি মধু নিষ্কাষণ যন্ত্ৰৰ সহায়ত মৌ ৰস উলিওৱা হউ।
সঞ্চয়:
১) নিষ্কাষণৰ পাছত সংগ্ৰহ কৰা ৰসবোৰ চেকনি বা পাতল কাপোৰেৰে চেকিব লাগে।
২) তাৰ পাছত মৌজোল খিনি ৫০০-৬০০ ডিগ্ৰী ছেণ্টিগ্ৰেডত ১০-১৫ মিনিট তপতাব লাগে।
৩) মুক্তভাৱে মৌ খিনি ঠাণ্ডা হবলৈ দি আৱদ্ধ পাত্ৰত ২৪-৪৮ ঘণ্টা ৰাখিব লাগে।
৪) এতিয়া সুবিধা অনুযায়ী বিভিন্ন আকাৰৰ পাত্ৰত মধু সঞ্চয় কৰিব পৰা যায়। কেৱল পাত্ৰটো আৱদ্ধ কৰি ৰখা আৱশ্যক।

*****************

লিখকৰ ঠিকনা: সত্যব্ৰত দত্ত ,চূডান্ত বৰ্ষৰ ছাত্ৰ, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ। দূৰভাষ: ৯৯৫৭৯৩১৫০৯

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com