শুভেচ্ছা বাৰ্তা

লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলৰ ঐকান্তিক আৰু সমন্বিত প্ৰচেষ্টাৰে প্ৰকাশিত হৈ অহা ই-আলোচনী “পশু-সমৃদ্ধি”য়ে সফলতাৰে এবছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱাত মই অতি আনন্দিত হৈছো। পশুপালন তথা পশু-চিকিৎসা বিজ্ঞানৰ লগত জড়িত প্ৰায় সকলো লোক উপকৃত হ’ব পৰাকৈ ক্ষেত্ৰভিত্তিক তথ্যৰে সমৃদ্ধ এই ই-মেগাজিনখন হয়টো অসমৰ পৰা প্ৰকাশিত পোনপ্ৰথম আৰু একমাত্ৰ দ্বিভাষিক ই-মেগাজিন। আশা ৰাখিছোঁ, অনাগত দিনতো বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতি আৰু পশু-পালক সকলৰ গ্ৰাম্য আৰ্থসামাজিক উণ্ণয়নৰ দিশত আলোচনীখনে পঢ়ুৱৈ সমাজৰ মাজত এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিবলৈ সক্ষম হ’ব আৰু পৰীক্ষাগাৰৰ পৰা কৃষকৰ মাজলৈ পশুচিকিৎসাৰ জ্ঞান বিস্তাৰ কৰি অৰ্থনীতিৰ ভেটি সবল কৰি এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হব। এই ছেগতে পশু-সমৃদ্ধিৰ সৈতে জড়িত সকলোটিলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছো । পশু সমৃদ্ধিৰ এই জয়যাত্ৰা অক্ষুন্ন থাকক, তাৰেই কামনাৰে…

~ড০ উমা ৰাম তামুলী
সহযোগী বিজ্ঞান গুৰু, লক্ষীমপুৰ প.চি.বি. মহাবিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ


 

“লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিষয়া, কৰ্মচাৰীৰ সমন্বিত প্ৰচেষ্টাত সৃষ্টি হোৱা “পশু সমৃদ্ধি” ই-আলোচনীখনে সফলতাৰে প্ৰথম বৰ্ষ পূৰ্ণ কৰিবলৈ ওলোৱাত আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। এই যাত্ৰা অক্ষুন্ন থাকক।
মোৰ আত্মসন্তুষ্টিৰ আন এক কাৰণ হ’ল, ২০১৭ চনত সমূহীয়া সৃষ্টিৰ বীজ অংকুৰণ হ’বলৈ ছাত্ৰ-শিক্ষক গোটৰ মাজত এক উদগনিমূলক বক্তব্য ৰাখিছিলো। থোৰতে কবলৈ হ’লে সেই বছৰৰ জুলাই মাহত প্ৰাণী প্ৰযুক্তিবিদ্যা বিষয়ৰ বহিঃ পৰীক্ষক হিচাবে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ আমন্ত্ৰণ পাইছিলো। মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰী, বৰ্তমান এই মহাবিদ্যালয়ৰ সহঃ অধ্যাপক/অধ্যাপিকা ক্ৰমে অঞ্জন, চাইনী, প্ৰশান্ত, সুৰক্ষা, জিতুমণি, বিৰাজক লৈ এক ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে পৰীক্ষা ল’বলৈ প্ৰস্তুতি চলালো। প্ৰাণী প্ৰযুক্তিবিদ্যা বিষয়টো শ্লাইড প্ৰেজেন্টেশ্ৱ্যনৰ জৰিয়তে পৰীক্ষাৰ্থী সকলৰ মাজত উপস্থাপন কৰি সাম্ভাব্য প্ৰশ্নবোৰ এজন-এজনকৈ সুধিব ধৰিলো। প্ৰায়বোৰ উত্তৰ সঠিক আছিল আৰু তেওঁলোকে বিষয়বস্তু খিনি সুন্দৰকৈ হৃদয়ঙ্গম কৰাটো প্ৰতিফলিত হৈছিল। ইয়াৰ অন্তৰালত মোৰ উদ্যমী শিক্ষক-শিক্ষয়ত্ৰী সকলৰ শিক্ষণ প্ৰণালীৰ কুশলতাৰ উমাণ পালো। ছাত্ৰ-শিক্ষক সকলৰ নিষ্ঠা আৰু উৎসাহক সৰোগত কৰি নতুনকৈ গঢ় লৈ উঠা পশু চিকিৎসাৰ অনুষ্ঠান খনত এক সুস্থ শৈক্ষিক বাতাবৰণ বিৰাজ কৰক এইয়া মোৰ কাম্য আছিল। সেয়ে সমূহীয়াকৈ সকলোটিকে আহ্বান জনালো যাতে তেওঁলোকে নিয়মীয়াকৈ অধ্যয়ন চক্ৰ, মাহেকীয়া প্ৰাচীৰ পত্ৰিকা, আপাত কালত ৰাইজৰ মাজত পশু-পক্ষীৰ চিকিৎসা শিবিৰ আদি অনুস্থিত কৰে। “পশু সমৃদ্ধি” ই-আলোচনীৰ সৃষ্টি আৰু পঢ়ুৱৈ সমাজৰ মাজত সমাদৃত হোৱা বাৰ্তাই সমূহীয়া প্ৰচেষ্টাৰ গঠনমূলক সৃষ্টিৰ দলিল হিচাবে চিহ্নিত হ’ল। মোৰ অনুভূতিৰ বাস্তৱায়িত হোৱাৰ এইয়া আপোন সন্তুষ্টি মাথো। “পশু সমৃদ্ধি” ই-মেগাজিন খন আৰু সমৃদ্ধ হ’বলৈ ক্ষেত্ৰভিত্তিক পশুপালকসকলৰ সমস্যা, পশু, হাঁহ-কুকুৰা পালনৰ সফল চিত্ৰ প্ৰদৰ্শন, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণ আদি দিশসমূহো সামৰি লব লাগিব”।

 

~ড০ নগেন্দ্ৰ নাথ বৰ্মণ
অধ্যাপক, খানাপাৰা প. চি. বি. মহাবিদ্যালয়।


 

পশু সমৃদ্ধিৰ এবছৰীয়া যাত্ৰাৰ খাতিয়ান

চাব গলে এবছৰ নিচেই তাকৰীয়া সময়। কিন্তু এই সময়খিনিয়েই আছিল আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় কিয়নো সেইয়া আছিল এক আৰম্ভণি। পশু-পালন আৰু পশু-চিকিৎসা ক্ষেত্ৰৰ যাৱতীয় সকলো তথ্য এখন নিৰ্দ্দিষ্ট মঞ্চত একত্ৰিত কৰি সেই তথ্যৰ প্ৰয়োজনীয়তা থকা লোকৰ মাজত উপলব্ধ কৰোৱাতো আছিল কিছু কষ্টসাধ্য। তদুপৰি কেৱল অসমীয়া মাধ্যমকে প্ৰাধান্য দি পশুপালক সকলৰ ওচৰত থিয় দিয়াটোও কিছু দুৰূহ কাম আছিল। তথাপি সাম্প্ৰতিক সময়ৰ প্ৰতি নজৰ ৰাখিয়েই অসমীয়াৰ লগতে ইংৰাজী মাধ্যমকো সন্নিবিষ্ট কৰি পশু-পালন আৰু পশু-চিকিৎসা বিজ্ঞান সমন্বিত এখন দ্বিভাষিক ই-আলোচনী “পশু সমৃদ্ধি”ৰ জন্ম হৈছিল ২০১৮ চনৰ ২ জানুৱাৰীত। সেই তেতিয়াৰে পৰা বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আলোচনীখনে আজি এবছৰীয়া বৰ্ষপূতিৰ দিনটোত আহি উপনীত হৈছেহি। এয়া সম্ভৱ হৈছে পঢ়ুৱৈ সমাজৰ আদৰ, আমাৰ লিখক সকলৰ আমাৰ ওপৰত বিশ্বাস আৰু আলোচনীখনৰ জন্মলগ্নৰে পৰা অতি নিষ্ঠাৰে আমাৰ লগত লাগি অহা আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ সকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে। বৰ্ষপূতিৰ এই সন্ধিক্ষণত পশু সমৃদ্ধি গোটৰ সমূহ কৰ্মকৰ্তা আৰু ইয়াৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোটিলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু শুভকামনা থাকিল।
পশু সমৃদ্ধিৰ জন্মৰ আঁৰৰ মূখ্য ভূমিকাত আমাৰ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কেইজনমান অতি অত্যুৎসাহী ছাত্ৰৰ নাম নিশ্চিতৰূপে ল’ব লাগিব। সেয়া হ’ল তেতিয়াৰ চতুৰ্থ বৰ্ষৰ দ্বিতীয় সান্মাহিকৰ ছাত্ৰদ্বয় ক্ৰমে কুলজিৎ কলিতা (প্ৰতিষ্ঠাপক মুখ্য সম্পাদক) আৰু দিপাংকৰ পাল (সম্পাদক)। তেওঁলোকে তেওঁলোকৰ পৰিকল্পনাৰ কথা আমাক অৱগত কৰাত আমি অতি আপ্লুত হৈছিলো। কাৰণ, সেই পৰিকল্পনা কাৰ্য্যকৰী হৈ উঠিলে পশু-চিকিৎসা বিজ্ঞানৰ এখন কাৰিকৰী প্ৰতিষ্ঠান হিচাবে এই ক্ষেত্ৰখনৰ হিতাৰ্থে ল’ব পৰা ই এক অগ্ৰণী ভূমিকাৰ ৰূপত যে পৰিগণিত হ’ব সেয়া অনস্বীকাৰ্য্য। আমাৰ মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু মাননীয় ড০ উমা ৰাম তামুলী ছাৰে তাৎক্ষণিক এই কামৰ বাবে আমাক অনুমতি প্ৰদান কৰিছিল। তদুপৰি পৰিকল্পনা আৰু প্ৰস্তুতিপৰ্ব চলি থকাৰ সময়তে আমাৰ শুভাকাংক্ষীৰ ৰূপত হঠাতে আমি আমাৰ মাজত এদিনা পাইছিলো খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ অধ্যাপক মাননীয় ড০ নগেন্দ্ৰ নাথ বৰ্মণ ছাৰক। তেখেতৰ উদ্‌গণিমূলক বক্তব্যও আমাৰ বাবে আছিল প্ৰেৰণাৰ উৎস। সেয়েহে পলম নকৰি বিজ্ঞজনৰ দিহা-পৰামৰ্শ অনুসৰি প্ৰণালীবদ্ধভাৱে আলোচনীখন প্ৰকাশৰ প্ৰস্তুতি চলিছিল। মাননীয় সহযোগী বিজ্ঞানগুৰুক মূখ্য উপদেষ্টা, কেইজনমান শিক্ষক-শিক্ষয়ত্ৰীৰ এখন উপদেষ্টা সমিতি আৰু আন কেইজনমান ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্ভুক্তিৰে এখন সম্পাদনা সমিতি গঠন কৰি ২ জানুৱাৰী, ২০১৮ ত পশু সমৃদ্ধিৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰাৰ লগে লগে আৰম্ভ হ’ল এই আলোচনীখনৰ প্ৰাৰম্ভিক যাত্ৰা।
যদিও আমি আলোচনীখনত অধিক অসমীয়া ভাষাৰ লেখনী প্ৰকাশৰ বাবে গুৰুত্ব আৰোপ কৰিছো, তথাপি কিছু ক্ষেত্ৰত আমাৰ সীমাবদ্ধতাও আহি পৰেহি। আলোচনীখন হয়টো এতিয়া কেৱল অসমতে সীমাৱদ্ধ হৈ থকা নাই। অসমৰ বাহিৰৰ পৰাও ইতিমধ্যে আমালৈ লিখনী আহিবলৈ আৰম্ভ হোৱাটোৱেই তাৰ প্ৰমাণ। সেয়েহে আমি যিমান পাৰি অসমীয়া মাধ্যমৰ লগতে ইংৰাজীকো সমানেই প্ৰাধান্য দি আলোচনীখন আগবঢ়াই নিয়াৰহে পৰিকল্পনা কৰিছো।
কেৱল আলোচনীৰ পাততে আমাৰ কৰ্মৰাজী সীমাৱদ্ধ নাৰাখি আমাৰ পশু সমৃদ্ধি গোটৰ উদ্যোগত ইতিমধ্যে এটা বাৰ্তালাপ গোটৰো পৰিচালনা কৰি থকা হৈছে। সমগ্ৰ অসমৰ পশু-পালক, উদ্যমী আৰু পশু-প্ৰেমী সদস্যৰ অন্তৰ্ভূক্তিৰে এই গোটত সমল ব্যক্তি ৰূপে দিহা পৰামৰ্শ আগবঢ়াই আহিছে পশু-পালন আৰু পশু-চিকিৎসাৰ ভিন্ন ক্ষেত্ৰৰ অসমৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলে। তদুপৰি এই সময়খিনিৰ ভিতৰতে আমি লক্ষীমপুৰৰ বান-অধ্যুষিত অঞ্চলত এটা পশু চিকিৎসা শিবিৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পশুপালক সকলৰ উপস্থিতিত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ এটা সজাগতা শিবিৰো ইতিমধ্যে অনুষ্ঠিত কৰিছো। পৰৱৰ্তী সময়ৰ কাৰ্য্যপন্থাৰ বাবে আমাৰ হিতৈষী বন্ধু আৰু বিজ্ঞজনৰ পৰা পোৱা আন কিছু দিহা-পৰামৰ্শও কৰ্য্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি ই-আলোচনীখনৰ একোটাকৈ বাৰ্ষিক চপা সংস্কৰণো উলিওৱাৰ পৰিকল্পনা কৰা হৈছে।
সদৌ শেষত এই আলোচনীখনৰ জন্মলগ্নৰে পৰা জড়িত থাকিবলৈ পাই আমি নিজকে ধন্য আৰু কৃতজ্ঞ মানিছো। পৰৱৰ্তী সময়ত এই ই-আলোচনীখনক এক সৰ্বাঙ্গীন আৰু সৱল ৰূপত উপস্থাপন কৰি পশুপালন আৰু পশু-চিকিৎসা ক্ষেত্ৰখনত এক বলিষ্ঠ ভূমিকা পালন কৰিব পৰাটোৱেই হ’ব আমাৰ লক্ষ্য আৰু উদ্দেশ্য।
ধন্যবাদেৰে আৰু পশু সমৃদ্ধিৰ দীৰ্ঘায়ু কামনাৰে…

 

~ড০ অঞ্জন জ্যোতি নাথ
উপদেষ্টা, পশু সমৃদ্ধি ও সহকাৰী অধ্যাপক, লক্ষীমপুৰ প. চি. বি. মহাবিদ্যালয়।

 


“পশু সমৃদ্ধি ” নামৰ এই আলোচনীখন আমাৰ পশুপালক সকলৰ হিতাৰ্থে আৰম্ভ কৰা এক অসামান্য প্ৰচেষ্টা। বৰ্তমান সকলো ডিজিটেল হোৱাৰ সময়তো অসমৰ পশুপালকসকলে বিশেষভাৱে তথ্য প্ৰযুক্তিৰ দিশতোত যথেষ্ট অভাৱ অনুভৱ কৰি আছিলে৷ এই ই-আলোচনীখনে এই অভাৱ নোহোৱা কৰিলে৷ সৰ্বাংগসুন্দৰ এই ই-আলোচনীখন LCVSc কেইজনমান অত্যুৎসাহী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুৰ যথেষ্ট কষ্ট আৰু ত্যাগৰ ফলাফল৷ সময়োপযোগী লেখাৰে আত্মপ্ৰকাশ কৰা অসমৰ পশুপালন বিষয়ক একমাত্ৰ এই ই-আলোচনীখনৰ দ্বাৰ যোৱা বছৰটোত অসমৰ পশুপালকসকল যথেষ্ট উপকৃত হৈছে৷

আশা কৰিছো ভবিষ্যতেও পশুপালন তথা livestock ৰ দিশটো সম্পুৰ্ণ সামৰি সমগ্ৰ অসমৰে পশুপালকসকলৰ বাবে “পশু সমৃদ্ধি” খন হাত পুথিৰ দৰে ব্যৱহৃত হব আৰু ব্যৱসায়ভিত্তিত পশুপালনৰ প্ৰসাৰৰ লগতে ইয়াৰ মাংস ইত্যাদিৰ ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বজাৰ বিষয়তো দখল লবলৈ সক্ষম হব৷ আনহাতে, আমি সকলোয়ে জানো অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাছ-মাংস ইত্যাদিৰ জনপ্ৰিয়তাৰ কথা আৰু আমি এইটোও জানো যে চাহিদা অনুসৰি আমাৰ উৎপাদন কম৷ গতিকে “পশু সমৃদ্ধি”য়ে আগন্তুক সময়খিনিত এইক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লগতে নিজেও আগবাঢ়ি আহিব পাৰিব৷
আলোচনীখনৰ ভবিষ্যত উন্নতি কামনা কৰাৰ লগতে ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে এবছৰ সম্পুৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো৷
জয়তু পশু সমৃদ্ধি !!

 

~বৰ্ণালী শৰ্মা বৰুৱা.                                                                                                                            সাধাৰণ সম্পাদিকা, কৃষক বন্ধু (NGO)


বহুদিনীয়া চিন্তা-চৰ্চা আৰু পৰিকল্পনাৰ অন্তত ইংৰাজী ২ জানুৱাৰী ২০১৮ তাৰিখে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বাকৰিত জন্মলাভ কৰিছিল পশু চিকিৎসা ও পালন সম্বন্ধীয় অসমীয়া আৰু ইংৰাজী ভাষাৰ ই-আলোচনী, যাৰ নাম হ’ল “পশু সমৃদ্ধি” । এই মহান সাফল্যৰ আঁৰত আছে মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড• উমা ৰাম তামুলী ছাৰৰ লগতে আন ছাৰ-বাইদেউ সকলৰ দিহা-পৰামৰ্শ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱী সকলৰ সহায়-সহযোগিতাৰ সমন্বয়। বিগত সময়ত পশু সমৃদ্ধি ই-আলোচনীখনৰ প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে প্ৰকাশ কৰা মুঠ চাৰিটা সংখ্যাৰ জৰিয়তে আলোচনীখনে এবছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱাত মই আলোচনী খনৰ প্ৰতিষ্ঠাপক মূখ্য সম্পাদক ৰূপে সচাকৈ গৌৰৱান্বিত আৰু আলোচনী খনৰ এই যাত্ৰাৰ সাফল্যমণ্ডিত কৰাত অমূল্য অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিকে জনাইছো পশু সমৃদ্ধি ই-আলোচনী ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ।
আলোচনীখনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়ায় নিবলৈ প্ৰয়োজন হয় এখন সম্পাদনা সমিতি আৰু এইবেলি পশু সমৃদ্ধি ই-আলোচনী খনৰ সম্পাদনা সমিতিৰ মূখ্য সম্পাদক ৰূপে অৰ্জুন চন্দ্ৰ ৰায় আৰু কাৰিকৰী সম্পাদক ৰূপে কৃষ্ণাংকন ৰায়ে দায়িত্ব গ্ৰহণ কৰিছে । সম্পাদনা সমিতিৰ প্ৰতিজন ব্যক্তিক জনাইছো মোৰ আন্তৰিক শুভকামনা। এই ই-আলোচনীখনৰ জৰিয়তে সমগ্ৰ অসম বা ভাৰতৰ কৃষক তথা পশু-পালকসকলক বিজ্ঞান সন্মত দিহা পৰামৰ্শৰ লগতে কাৰিকৰী আন বিভিন্ন দিশতো সহায়-সহযোগিতা যুগ যুগান্তৰলৈ আগবঢ়ায় যাব বুলি আমি দৃঢ় বিশ্বাসী।
সদৌশেষত, জহিংৰ বাকৰিত জন্ম লাভ কৰা পশু সমৃদ্ধি ই-আলোচনী খন দীৰ্ঘস্থায়ী হোৱাৰ কামনা কৰিলো আৰু ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহুৰ ভোগ আনন্দৰে সকলোৰে মন-প্ৰাণ যেন উপচি পৰে, তাৰে কামনাৰে-

~কুলজিৎ কলিতা
প্ৰাক্তন প্ৰতিষ্ঠাপক মূখ্য সম্পাদক, পশু সমৃদ্ধি ও চূড়ান্ত বৰ্ষৰ ছাত্ৰ, লক্ষীমপুৰ প. চি. বি. মহাবিদ্যালয়|


 

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com