সম্পাদকীয়

 

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ মানুহেই কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। কৃষিপ্ৰধান হোৱা হেতুকে আমি উত্তৰ-পূৰ্বাঞ্চলবাসী ঘৰচীয়া জীৱ-জন্তুৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। “গোহালিত গৰু, পুখুৰীত মাছ, বাৰিত তামোল পান”- এই বাক্য শাৰীয়ে এইটোৱেই প্ৰমাণ কৰে যে গ্ৰাম্য তথা কৃষিপ্ৰধান অঞ্চলৰ সৰহসংখ্যক পৰিয়ালেই জীৱ-জন্তু বা মীনপালন আদিৰ ওপৰত নিৰ্ভৰশীল। খাদ্যাভাসৰ ওপৰত নিৰ্ভৰ কৰিও চাহিদা অনুযায়ী গ্ৰাম্যাঞ্চল সমূহত অতীজৰে পৰা অন্যান্য পশু-পক্ষী যেনে ছাগলী, গাহৰি, হাঁহ-পাৰ-কুকুৰা আদিও পাৰম্পৰিক ৰূপত পালন কৰা হৈ আহিছে। বৰ্দ্ধিত জনসংখ্যা অনুপাতে মাংস উৎপাদনৰ চাহিদা পূৰণ কৰিবলৈ এতিয়া ব্যৱসায়িক ভিত্তিতো বিভিন্ন পশু-পক্ষীৰ পামসমূহ গঢ়ি উঠিছে। গতিকে পশুপালনক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্ম সংস্থাপন সৃষ্টিকাৰী গ্ৰাম্য অৰ্থনীতিৰ খনিকৰৰ আখ্যা দিব পাৰি।

বৈজ্ঞানিক ভিত্তিত পশুপালনৰ জৰিয়তে আজি বহু যুৱক-যুৱতীয়ে স্বনিয়োজনৰ বাট মুকলি কৰাৰ লগতে সমাজ তথা দেশৰ অৰ্থনীতি সৱলীকৰণৰ ক্ষেত্ৰত অংশীদাৰ হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে বৰ্তমান সময়ত অসমত বঁটা চৰাই পালনৰ এক নতুন বিপ্লৱ সূচনা হোৱা যেনেই পৰিলক্ষিত হৈছে। যাৰ জৰিয়তে বহু নিবনুৱাই কম পৰিমাণৰ ভূমিতেই বঁটা চৰাই পালনেৰে স্বনিয়োজনৰ বাট মুকলাই লোৱাৰ লগতে এই প্ৰচেষ্টাই পুষ্টিকৰ মাংস আৰু কণীৰ চাহিদা কিছু পৰিমাণে হলেও পুৰণ কৰিবলৈ সক্ষম হৈছে। যুৱপ্ৰজন্মৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগ ল’বলগীয়া। আনহাতে অধিক মাংস, কণী আৰু গাখীৰ উৎপাদনৰ বাবে এতিয়া আমাৰ হাতত আহি পৰিছে বহুতো উন্নত প্ৰজাতিৰ অধিক উৎপাদক্ষম পশু-পক্ষীৰ বিভিন্ন জাত। বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিম প্ৰজননৰ দ্বাৰা অধিক উৎপাদনক্ষম জন্তুৰ প্ৰজাতি বা সঁচৰ লগত থলুৱা জীৱ-জন্তুৰ বৰ্ণসংকৰণ ঘটায়ো উৎপাদনৰ মাত্ৰা বঢ়োৱাটো সম্ভৱপৰ হৈছে। অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিৰ প্ৰসাৰ আৰু প্ৰয়োগে পশু-পালন আৰু পশু চিকিৎসাৰ ব্যৱহাৰিক দিশসমূহো যথেষ্ট সহজসাধ্য কৰি তুলিছে।

কিন্তু এই সকলোবোৰ অৰ্থহীন হ’ব যদিহে আমাৰ পশুপালক কৃষক বন্ধুসকলে অত্যাৱশ্যাকীয় আৰু যথোপযোগী সূচনা থাউকতে পাব নোৱাৰে। ইলেক্ট্ৰনিক জনসংযোগ মাধ্যমৰ এক সফল হাথিয়াৰ হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট যোগে বিশ্বৰ যিকোনো প্ৰান্তৰ যিকোনো তথ্য আজিকালি থাউকতে পাব পাৰি যদিও কেতিয়াবা ভাষাৰ মাধ্যমো এক প্ৰাচীৰৰ ৰূপত থিয় হ’ব পাৰে। সেয়েহে স্থানীয় ভাষাতো কিছু গুৰুত্বপূৰ্ণ তথ্য কৃষক সমাজৰ মাজত উপলব্ধ কৰাব পৰাটো হয়টো এইক্ষেত্ৰত হ’ব এক উল্লেখনীয় অৱদান। আমাৰ ই-আলোচনী পশু সমৃদ্ধিৰ মূল উদ্দেশ্যই হ’ল পশুপালনত নিয়োজিত পশুপালক কৃষক বন্ধু সকলক এই ক্ষেত্ৰখনৰ যাবতীয় কিছু বিজ্ঞানসন্মত জ্ঞান আৰু তথ্যৰ যোগান ধৰি সহায়ৰ হাত আগবঢ়োৱা। অসমীয়া মাধ্যমক প্ৰাধান্য দি পশু-পালন আৰু পশু-চিকিৎসা বিষয়ক তথ্যসমৃদ্ধ এখন আলোচনীৰ অভাৱ পূৰণ কৰিবলৈকে ২০১৮ চনৰ ২ জানুৱাৰীত জন্ম পাইছিল পশু সমৃদ্ধি নামৰ এই দ্বিভাষিক ই-আলোচনীখন।

গৌৰৱোজ্জ্বল এটা বছৰৰ সফল পৰিক্ৰমাৰে পশু সমৃদ্ধিয়ে আজি আহি দ্বিতীয় বছৰত ভৰি থৈছেহি। আলোচনীখনৰ বৰ্ষপূতিৰ এই পঞ্চম সংখ্যাটিৰ পৰাই সম্পাদনা সমিতিৰ মূখ্য সম্পাদকৰ গধূৰ ভাৰ ন্যস্ত কৰা হৈছে আমাৰ ওপৰত। আলোচনীখনৰ লগত জড়িত সকলোটি সদস্য আৰু পঢ়ুৱৈ সমাজৰ সুহৃদ সহযোগিতা কামনা কৰিলো। আলোচনীখনৰ মূখ্য উদ্দেশ্য আগত ৰাখি অতি আন্তৰিকতাৰে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা অব্যাহত ৰখাত ত্ৰুতি নকৰিম বুলি দৃঢ়প্ৰতিজ্ঞাৰে এই দায়িত্বভাগ মূৰ পাতি লৈছো। আমাৰ এই প্ৰচেষ্টাই যদি কৃষক বন্ধু তথা পশু পালক সকলক কিছু পৰিমাণে হ’লেও সহায় কৰে তেনেহ’লে আমাৰ প্ৰচেষ্টা সফল হোৱা বুলি ভাবিম। অৱশেষত পশু-পালন তথা কৃষি কৰ্মই যাতে দেশৰ অৰ্থনীতি সৱলীকৰণত এক নতুন বিপ্লৱৰ সূচনা কৰে তাৰেই কামনা কৰিলোঁ। ধন্যবাদেৰে-

শ্ৰী অৰ্জুন চন্দ্ৰ ৰায়

মূখ্য সম্পাদক

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com