সম্পাদকীয়

আগ্ৰহ আৰু কৰ্মোৎসাহেই হ’ল মানুহৰ অগ্ৰগতিৰ মূল। আমি মানুহবোৰ নিজ কৰ্মৰ ওপৰত উচ্চাকাংক্ষী হোৱা উচিত। পশুধন পালনৰ যোগেদিয়েই হওঁক বা আন কোনো বৃত্তিৰ যোগেদিয়েই হওক, সম্প্ৰতি অসমৰ কৃষিখণ্ডত যি গতিৰে উন্নতি আৰু নিয়োজন ক্ষেত্ৰখন আগবাঢ়িছে সেই গতিত চলি গৈ থাকিলে নিশ্চয় সুফল আশা কৰিব পাৰি। পশু আমাৰ বাবে ধন। পশু আমাৰ পৰম মিত্ৰ। এই কথা নহয় যে পশু অকল কৃষকৰ মিত্ৰ, পশু আমাৰ সমগ্ৰ মানৱ সমাজৰ মিত্ৰ আৰু প্ৰয়োজনীয়তা পূৰণৰ বাহক। আৰু কৃষক সকল হ’ল আমাৰ সমাজৰ উত্তৰোত্তৰ কামনাৰ বাহক। স্বাৱলম্বিতাৰ এক নতুন স্তৰ হৈছে পশুপালন। পশুপালন কৰাৰ নিমিত্তে যি লাগতিয়াল পদ্ধতি আৰু জ্ঞানৰ আৱশ্যক সেয়া লগত লৈ আগবাঢ়িলেই অসমৰ পশুপালন ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন সাধিব পৰাটো সম্ভৱপৰ হৈ উঠিব। আৰ্থ-সামাজিক উন্নয়নত পশুপালনে স্বাৱলম্বীতাৰ দিক-দৰ্শন কৰাৰ লগতে পুষ্টিকৰ খাদ্য যোগান ধৰাত আমাক স্ব-নিৰ্ভৰশীল কৰি তুলিব।

আনুষ্ঠানিক শিক্ষাৰ পোহৰেৰে উজ্বলিও হেজাৰ হেজাৰজন পৰি ৰয় নিবনুৱাৰ নামত! কাৰণ কি? কাৰণ এয়াই যে তেওঁলোকে স্বাৱলম্বী হব নোখোঁজে। তেওঁলোকে আনৰ তলত কাম কৰি নিজকে গঢ় দিব খোঁজে। চৰকাৰৰ তলত কাম কৰিব পোৱাটোহে অকল কৰ্মস্থলী বা কৰ্মসংস্থাপন বুলি মানি লয় আমাৰ সমাজৰ প্ৰায়ভাগে আৰু সেইখিনিতেই নিৱনুৱাৰ নাম লৈ বহি পৰে। হাতে কামে কৰি নিজ মালিকী পদ্ধতিৰে খোঁজ কাঢ়ি আগবঢ়াৰ চিন্তা তেওঁলোকে নকৰে।

অলপতে চচিয়েল মিডিয়াৰ কৃষি বিষয়ক গোট এটাত গোটৰ এজন সদস্যই “খেতি আৰু পশুপালন বৃত্তিক গ্লেমাৰলৈ পৰিৱৰ্তন কৰাটো অপৰিহাৰ্য হৈ পৰিছে” এনেদৰে এক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সঁচাকৈয়ে এইয়া এক সময়োপযোগী আৰু অত্যন্ত গুৰুত্বপূৰ্ণ আহ্বান বুলি আমি বিবেচনা কৰা উচিত। আৰু আমাৰ বোধেৰে হয়টো সেই সময় ইতিমধ্যে সমাগত। উদাহৰণস্বৰূপে আমি আমাৰ পশু সমৃদ্ধি গোটৰ কাৰ্যক্ৰমণিকাৰ কিছু বাস্তৱিক অভিজ্ঞতাকে উনুকিয়াব খুজিছোঁ।

পশুপালক-কৃষক সমাজৰ হিতাৰ্থে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত হৈ অহা “পশু সমৃদ্ধি” নামৰ ই আলোচনীখনে কিছু গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী হাতত লৈ আহিছে। তাৰে এক অংশস্বৰূপে কিছুদিন আগতে পশু সমৃদ্ধি গোটৰ প্ৰচেষ্টাত আৰু লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ যুটীয়া সহযোগত “বিজ্ঞানসন্মত ছাগলী পালন” শীৰ্ষক এটি দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছিল। উক্ত প্ৰশিক্ষণ শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল পশুপালক-কৃষক বন্ধুৱে অংশগ্ৰহণ কৰিছিল, সেইসকলক লগ পাই আমি এটা কথাই অনুধাৱন কৰিছিলো যে সঁচাকৈয়ে অসমৰ সাম্প্ৰতিক কৃষি বা পশুপালন ব্যৱস্থাত এক বিপ্লৱৰ সূচনা হৈছে। প্ৰত্যেকজন অংশগ্ৰহণকাৰী সদস্যই উচ্চ শিক্ষাৰে শিক্ষিত আৰু সেই শিক্ষাৰে তেখেতসৱ যদিও একো একোটা উচ্চ মৰ্যদাসম্পন্ন চাকৰিৰ দাবীদাৰ তথাপি তেখেতসকলে নিজকে এজন আদৰ্শৱান “কৃষক” ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বা স্বীকৃতি পাবলৈহে বেছি আগ্ৰহী হৈ পৰিছে। আজিৰ এইচাম উদ্যমী পশুপালক কৃষক বন্ধু আৰু আমাৰ সাতামপুৰুষীয়া কৃষি ব্যৱস্থাৰ ধাৰণাৰে পৰিচালিত কৃষকসকলৰ মাজত এক আকাশ-পাতাল পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। এইসকল কৃষক তেওঁলোক নিজৰ ওপৰত আৰু নিজা কৰ্মৰাজীৰ ওপৰত বিশ্বাসী৷ পশুপালনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত নতুন পদ্ধতিসমূহ আঁকোৱালি লৈ আগবাঢ়িছে এইসকল কৰ্মস্পৃহাৰে চহকী উদ্যমী কৃষক। নিজৰ স্বাৱলম্বিতাৰ লগতে আন দুজনকো কৰ্মসংস্থান দিয়াৰ চিন্তা-চৰ্চা তেওঁলোকে কৰিছে। সেয়েহে আমি ভাবো, বৰ্তমান এই কৃষি বা পশুপালন ব্যৱস্থাত সাঙুৰ খাই পৰিব খোজা এইসকল উদ্যমী আৰু তেখেতসৱৰ কৰ্মৰাজি গ্লেমাৰতকৈ কোনোগুণে কম নহয়। কেৱল আমি মুকলিমূৰীয়াকৈ স্বীকৃতি দিবলৈহে বাকী। আশা কৰিম নিৱনুৱাৰ শাৰীত বহি হাত সাবটি থকা আন হেজাৰ জনেও তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক আৰু কৰ্মত বিশ্বাস কৰক। কেৱল পশুপালনেই নহয়, কৃষি খণ্ডৰ আন যিকোনো কৰ্মও কৰিব পাৰে। মুঠতে আগ্ৰহ আৰু ইচ্ছাৰ আগত সকলো সম্ভৱ৷

সদৌ শেষত, আমি আগতে উল্লেখ কৰা প্ৰশিক্ষণটিৰ লগত সংগতি ৰাখি লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে প্ৰকাশ কৰা “বিজ্ঞানসন্মত ছাগলী পালনৰ হাতপুথি” খনিত প্ৰকাশিত আটাইকেইটি লেখা লেখকসকলৰ সুহৃদ সন্মতি সাপেক্ষে এই সংখ্যাৰ পশু-সমৃদ্ধিত আগবঢ়াবলৈ পাই আমি আনন্দিত আৰু লগতে লেখকসকলৰ প্ৰতি কৃতজ্ঞ। আশাকৰোঁ, ছাগলীপালনৰ সম্ভাৱনীয়তা দিশলৈ মন কৰি ছাগলী পালনক গুৰুত্বসহকাৰে লবলৈ আগ্ৰহীসকলৰ বাবে এই লেখাসমূহ প্ৰাৰম্ভিক জ্ঞানৰ সমল ৰূপে সহায়ক হ’ব। লগতে আন শিতানৰ কিছু লিখনিও এই সংখ্যাত আগবঢ়োৱা হৈছে। সেইসকল লেখকলৈও পশু সমৃদ্ধি গোটৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

ধন্যবাদেৰে-

মুখ্য সম্পাদক, পশু সমৃদ্ধি

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com