সেউজীয়া ঘাঁহৰ খেতি আৰু ঘাঁহৰ নাটনিৰ কালত খুৱাবলৈ ইয়াৰ সংৰক্ষণ

~ডাঃ প্ৰিয়ংকা কোঁৱৰ, ডাঃ কনক চন্দ্ৰ বৰ্মন, ডাঃ মনোজ কুমাৰ গোঁহাই আৰু ডাঃ অঞ্জন জ্যোতি নাথ

     পাম এখনৰ অৰ্থনীতি বহু পৰিমাণে পশুধনৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। মুঠ উৎপাদন ব্যয়ৰ ৬০-৬৫%ই খাদ্যৰ বাবে ব্যয় হয়। গতিকে পাম এখনৰ লাভালাভ বঢ়াবলৈ হ’লে খাদ্যৰ শিতানত হোৱা খৰচৰ পৰিমাণ উন্নত জাতৰ ঘাঁহৰ খেতি কৰি কমাব পাৰি। এনে উন্নত জাতৰ ঘাঁহত যথেষ্ট পৰিমাণে পোষক দ্ৰব্য বা খাদ্য দ্ৰব্য থাকে। পৰ্যাপ্ত পৰিমাণৰ সেউজীয়া ঘাঁহৰ যোগানে সুষম দানাৰ পৰিমাণ কমায়। ফলস্বৰূপে মুঠ উৎপাদত হোৱা ব্যয়ৰ পৰিমাণ কম হয়। সেইবাবে বছৰজুৰি সেউজীয়া ঘাঁহ পশুধনক যোগান ধৰিব পৰাকৈ নিজৰ আৱশ্যকীয় ঘাঁহখিনি নিজে খেতি কৰি ল’ব লাগে।

পশুধনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা ঘাঁহক প্ৰধানত দুটা ভাগত ভগাব পাৰি-

১) একবৰ্ষীয় ঘাঁহ- যেনে মাকৈ, ৰীনা, দীননাথ, লেচেৰা মাহ, বেজিয়া মাহ, অ’টচ আদি।

২) বহুবৰ্ষীয় ঘাঁহ- যেনে নেপিয়াৰ, পাৰা, গিনি, চিতেৰিয়া আদি।

একবৰ্ষীয় ঘাঁহৰ খেতি প্ৰতি বছৰে কৰিব লাগে। ইয়াৰ কোনোবাটো এবাৰ আৰু কোনোবাটো দুবাৰ বা তিনিবাৰ কাটিব পাৰি। এনে ঘাঁহৰ একোটা অংশ নকটাকৈ ৰাখি তাৰ পৰা পোৱা গুটি সঁচ হিচাপে ৰাখিব লাগে আৰু পিছৰ বছৰ সেই গুটি খিনি সিচি পুনৰ ঘাঁহৰ খেতি কৰিব পাৰি।

আনহাতে, বহুবৰ্ষীয় ঘাঁহ্বোৰ এবাৰ লগাই তাক তিনি-চাৰি বছৰলৈকে এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত কাটি খুৱাব পাৰি।

অসমত ঘাঁহ খেতি প্ৰধানকৈ দুটা সময়ত কৰিব পাৰি-

১) খাৰিফ বা বৰ্ষাকালীন ঘাঁহ- যেনে জোৱাৰ, মাকৈ, বাজৰা, লেচেৰা মাহ, ৰীনা, দীননাথ আদি।

২) ৰবি বা শীতকালিন ঘাঁহ- যেনে অ’ট, বাৰচিম, লুচাৰ্ন, শীতকালীন মাকৈ আদি।

গোটেই বছৰ জুৰি ঘাঁহ পাব পৰা কেইটামান শস্য-

১) কাউপি- মাকৈ- অ’ট

২) কাউপি- জোৱাৰ- অ’ট

৩) মাকৈ- কাউপি- বাৰচিম

৪) মাকৈ- কাউপি- অ’ট

ইয়াৰ লগতে বহুবৰ্ষীয় ঘাঁহৰ খেতি কৰাতো অতিকৈ অৱশ্যকীয়।

মাটিৰ নিৰ্বাচন: একবৰ্ষীয় ঘাঁহসমূহ যিকোনো ধৰণৰ পানী জমা নোহোৱা বাম মাটিত কৰিব পাৰি যদিও অধিক উৎপাদনৰ বাবে সাৰুৱা বালিচহীয়া বা মধ্যমীয়া মাটি উপযুক্ত হয়। বীজ সিচাৰ আগতে তিনি-চাৰিবাৰ হাল বাই মৈয়াই লৈ জাৱৰ-যোথৰ বোৰ চফা কৰি ল’ব লাগে।

জলসিঞ্চন: বৰ্ষাকালীন ঘাঁহৰ বাবে সাধাৰণতে জলসিঞ্চনৰ প্ৰয়োজন নহয়। শীতকালীন ঘাঁহ সমূহত ১৫-২০ দিনৰ অন্তৰালত পাতলীয়াকৈ পানীযোগান ধৰাতো প্ৰয়োজনীয়।

একবৰ্ষীয় ঘাঁহৰ উন্নত জাত, বীজৰ পৰিমাণ, শাৰীৰ মাজৰ ব্যৱধান আৰু সাৰ প্ৰয়োগ:

বৰ্তমান সময়ত উপলব্ধ বা কৰিব পৰা উন্নত জাতৰ ঘাঁহ, প্ৰতিবিঘা মাটিত বিভিন্ন ঘাঁহৰ বীজৰ পৰিমাণ, সিচোতে শাৰীবিলাকৰ মাজত ৰাখিবলগা ব্যৱধানৰ লগতে পচন সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ বিষয়ে তালিকা ১ ত উল্লেখ কৰা হ’ল।

ঘাঁহ কটাৰ সময়:

সাধাৰণতে ফুল ফুলাৰ আগে আগে আৰম্ভ কৰি ৫০% ফুল ফুলাৰ অৱস্থাত ঘাঁহবোৰ যোগান ধৰিব পাৰি। এই সময়ত ঘাঁহত প্ৰচুৰ পৰিমাণে পোষক দ্ৰব্য থাকে। ঘাঁহবোৰ পুৰঠ হোৱাৰ লগে লগে পোষক দ্ৰব্যৰ পৰিমাণো কমি আহে আৰু এনেবোৰ ঘাঁহ হজম কমকৈ হয়। দীননাথ আৰু ৰীনা ঘাঁহ ৰোৱাৰ ৭০-৮০ দিন আৰু অ’ট সিচাৰ ৫০-৫৫ দিনৰ পিছত কাটিব পাৰি।

ঘাঁহৰ সংৰক্ষণ:

সাধাৰণতে দেখা যায় যে বৰ্ষাকালত কৰা ঘাঁহত উৎপাদন বেছি হয় আৰু খৰালি মাহত কমি যায়। অসমৰ ক্ষেত্ৰত মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহলৈ কেঁচা ঘাঁহৰ নাটনি হোৱা পৰিলক্ষিত হয়। সেয়েহে নাটনিৰ সময়ত পশুধনক খোৱাৰ পৰাকৈ ৰাহি হোৱা ঘাঁহবোৰ সংৰক্ষণ কৰিব লাগে।

সংৰক্ষণৰ পদ্ধতি:

ঘাঁহৰ সংৰক্ষণ তিনি প্ৰকাৰে কৰিব পাৰি:-

১) ৰ’দত শুকুৱাই বা হে’ পদ্ধতি,

২) ছাইলেজ পদ্ধতি,

৩) পৰিপূৰ্ণ আহাৰ ব্লক পদ্ধতি (Complete feed block)

হে’ পদ্ধতি:

ঘাঁহ কাটি আনি ৰ’দত শুকুৱাই ঘাঁহত থকা পানীৰ পৰিমাণ অন্ততঃ ১৫%লৈকে কামাই বহুদিনলৈ জমা কৰি ৰাখিব পৰা ঘাঁহখিনিকে হে’ বুলি কোৱা হয়। সাধাৰণতে বেছি পাত থকা কোমল ঘাঁহ যেনে অ’ট, বাৰচিম


তালিকা ১: উন্নত জাতৰ ঘাঁহ, প্ৰতিবিঘা মাটিত বীজৰ পৰিমাণ, শাৰীৰ ব্যৱধানৰ আৰু সাৰ প্ৰয়োগৰ বিধান।

শস্য উন্নত জাত বীজৰ পৰিমাণ

(কি.গ্ৰা./বিঘা)

শাৰীৰ দূৰত্ব

(চে.মি.)

পচন সাৰ

(কুইণ্টল/বিঘা)

ইউৰীয়া

(কি.গ্ৰা./বিঘা)

চুপাৰ ফচ্‌ফেট

(কি.গ্ৰা./বিঘা)

পটাছ

(কি.গ্ৰা./বিঘা)

দীননাথ হ্বুন্দেল, জে.পি.১২ ৩০ ৬-৮ ৩০
মাকৈ আফ্ৰিকান টল, গংগা ৫, বিজয় ৩০ ৬-৮ ২৫
ৰীনা চিৰ্চা, টি.এল.১৬ ৩০ ২৪ ৩৪
লেচেৰা মাহ বিধান ১, বিধান ২, কে.১ ৩০ ৩৫
অ’ট কেণ্ট, জে. এইচ.-অ ৮২২ ১৩ ২৫ ১২ ১৮
মটৰ মাহ টি-১৬৩ ৩০ ৪০
খেচাৰী মাহ নিৰ্মল ৩০ ৪০


আদি জতীয় ঘাঁহবোৰ ভালদৰে হে’ হিচাপে সংৰক্ষণ কৰিব পাৰি। হে’ বনাবলৈ ভাল ৰ’দ আৰু বতৰ শুকান হোৱাটো দৰকাৰী।

হে’ প্ৰস্তুত কৰিবলৈ ঘাঁহবোৰ ফুল ফুলাৰ আগে আগে কাটি আনি ৩-৪ দিন মান ৰ’দত শুকুৱাব লাগে। ঘাঁহবোৰ পথাৰত মেলি দি ৩-৪ ঘণ্টাৰ মূৰে মূৰে তল-ওপৰ কৰি দিব লাগে আৰু আবেলি পথাৰত থুপ খুৱাই নিশাটোৰ বাবে ৰাখি পিচদিনা আকৈ আগৰ দৰে মেলি দিব লাগে। পথাৰত নেমেলি দাং এডালৰ ওপৰত মেলি বা এডাল ৰছি বা জেওৰা আদিত আওজাই ৰাখিও শুকুৱাব পাৰি। এনেদৰে ৩-৪ দিন শুকুৱাৰ পিছত ঘাঁহত সাধাৰণতে থকা ৭৫-৮৫% পানী ১৫-২০%লৈকে কমি আহিব। এনে অৱস্থাত ঘাঁহখিনিৰ সেউজীয়া ৰং, তাত থকা প্ৰ’টিন, খনিজ পদাৰ্থ, খাদ্যপ্ৰান আদি পোষক দ্ৰব্যবোৰৰ লগতে সোৱাদো অটুট থাকে।

এনেদৰে প্ৰস্তুত কৰা হে’ খিনি বৰষুণ নপৰাকৈ শুকান ঠাইত চাং পাতি সংৰক্ষণ কৰিব লাগে আৰু কেচা ঘাঁহৰ নাটনিৰ সময়ত পশুধনক যোগান ধৰিব পাৰি। ইয়াস সৰু সৰুকৈ কাটি যোগান ধৰিলে অধিক ফল পোৱা যায়।

ছাইলেজ পদ্ধতি:

ছাইলেজ এনে এবিধ পশু খাদ্য যি সেউজীয়া ঘাঁহবোৰ বায়ু আৰু পোহৰৰ সংস্পৰ্শলৈ নহাকৈ এটা গাঁতত সংৰক্ষণ কৰি তৈয়াৰ কৰা হয়। এই গাঁতটোক ছাইল’ বা ছিল’ বুলি কোৱা হয়।

বাৰীৰ ওখ ঠাইত য’ত সাধাৰনতে পানী নোলায়, তেনে ঠাইত একোটা গাঁত বা ছাইল’ খন্দা হয়। গাঁতটো ঘূৰণীয়া বা চাৰিকোণীয়া হ’ব লাগে। ছাইল’টো নিজৰ প্ৰয়োজন অনুপাতে তৈয়াৰ কৰা হয়। ছাইল’টোৰ তলি আৰু কাষবোৰ পকা কৰাই লব পাৰি। ছাইল’ ভূপৃষ্ঠৰ ওপৰতো টেংক আকৃতিত পকা বেৰ দি বনাব পাৰি।

সেউজীয়া ঘাঁহবোৰ প্ৰথমে কাটি আনি ৰ’দত কিছু পৰিমাণে শুকুৱাই টুকুৰা কৰি ছাইল’ত ভৰাব লাগে। ঘাঁহ ভৰাওঁতে পাৰিলে ভৰিৰে গচকি ঘাঁহবোৰৰ মাজত থকা বায়ুভাগ যিমান পাৰি আতৰ হোৱাতো সুনিশ্চিত কৰিব লাগে। প্ৰতিদিনে ঘাঁহ ভৰোৱাৰ পাছত সন্ধিয়া ছাইল’টো পলিথিনেৰে দাকি ৰাখিব লাগে। ছাইল’টো মাটি পৃষ্ঠৰ পৰা ৬-১২ ইঞ্চিমান ওপৰলৈ ভৰ্তি হোৱাৰ পিছত তাৰ ওপৰত ধান খেৰ আৰু পলিথিনেৰে ঢাকি তাৰ ওপৰ ভাগত ৪-৫ ইঞ্চি ডাঠকৈ বোকা-মাটিৰ লেপ দিব লাগে। ছাইল’টোৰ মাজভাগ কাষকেইটাতকৈ অলপ ওখ কৰি ৰাখিব লাগে যাতে তাৰ আশে-পাশে পানী জমা নহয়।

ঘাঁহবোৰ এনেদৰে ২-৩ মাহমান ৰখাৰ পিছত ঘাঁহবোৰৰ জৈৱ-ৰসায়নিক পৰিৱৰ্তন ঘটি উন্নতমানৰ পশু খাদ্যত পৰিণত হয়। নিজৰ প্ৰয়োজন অনুসাৰে ১০ কেজি, ২০ কেজি বা ৫০ কেজি ছাইলেজ পলিথিনৰ বেগতো প্ৰস্তুত কৰিব পাৰি। ভালদৰে প্ৰস্তুত হোৱা ছাইলেজ সোনালী ৰঙৰ, টেঙা-মিঠা সুগন্ধিযুক্ত আৰু পশুৰ বাবে এক সোৱাদযুক্ত খাদ্য।

ছাইল’ খোলাৰ সময়ত এটা সৰু ফুটা দিনটোৰ বাবে প্ৰয়োজনীয় ছাইলেজ খিনি ওলিয়াই ফুটাটো পুনৰ বন্ধ কৰি ৰাখিব লাগে যাতে কম সময়ৰ বাবেহে ই ৰ’দ আৰু বতাহৰ সংস্পৰ্শলৈ আহে। পলিথিনৰ বেগত দৈনিক প্ৰয়োজন অনুসৰি কম পৰিমাণে ছাইলেজ বনোৱাৰ বাবে সুবিধাজনক।

ছাইলেজ পশুৱে নিজৰ ইচ্ছা অনুসৰি পেট ভৰাই খাব পৰাকৈ যোগান ধৰিব পাৰি। আগতে খোৱাৰ অভ্যাস নাথাকিলে প্ৰথমে অলপ অলপকৈ অন্য খাদ্যৰ সৈতে মিহলি কৰি পিছলৈ ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

পৰিপূৰ্ণ আহাৰৰ ব্লক (Complete feed block)

পৰিপূৰ্ণ আহাৰৰ ব্লক হে’, খেৰ আৰু সুষম খাদ্যৰ সংশোধিত উপাদানসমূহৰ মিশ্ৰণ। টুকুৰা কৰা হে’ বা খেৰ, সুষম খাদ্য আৰু সংশোধিত খাদ্য উপাদান সমূহ ভালদৰে মিহলি কৰি উচ্চ চাপৰ প্ৰয়োগ কৰি এই ব্লকসমূহ বনোৱা হয়। তাৰ বাবে ব্লক বনোৱা যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি। প্ৰয়োজন অনুসৰি গুৰৰ লালী, ইউৰীয়া, খনিজ পদাৰ্থ আদি মিহলাব পাৰি। পশুধনৰ খাদ্যৰ প্ৰয়োজন অনুসৰি ১ কেজি, ২ কেজি বা তেনে কম পৰিমাণৰ বিভিন্ন জোখত এই ব্লকসমূহ বনাব পাৰি।

উপৰোক্ত তিনিটা পদ্ধতিৰে ৰাহি হোৱা সেউজীয়া ঘাঁহৰ সংৰক্ষণ কৰি খৰাং, বানপানী বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত প্ৰয়োজন অনুসৰি পশুধনক খাদ্য যোগান ধৰিব পৰা যায়।

 

***************

 

লিখকৰ ঠিকনা- ডাঃ প্ৰিয়ংকা কোঁৱৰ, ডাঃ কনক চন্দ্ৰ বৰ্মন, ডাঃ মনোজ কুমাৰ গোঁহাই আৰু ডাঃ অঞ্জন জ্যোতি নাথ

* (অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চ, ২০১৯ ত দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত “বিজ্ঞানসন্মত ছাগলী পালন” প্ৰশিক্ষণ শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এখনি হাতপুথিৰ পৰা এই লেখাটি লেখকৰ সন্মতি সাপেক্ষে পুনৰ প্ৰকাশৰ বাবে লোৱা হৈছে। – সম্পাদক, পশু সমৃদ্ধি।)

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com