হাইড্ৰ’পনিক: সেউজীয়া ঘাঁহ উৎপাদনৰ এক নৱতম আৰু উৎকৃষ্ট প্ৰযুক্তি

~প্ৰিয়ঙ্কা কোঁৱৰ*, উমা ৰাম তামুলী, মনোজ কুমাৰ গোঁহাই, প্ৰদীপ ৰাজবংশী, অঞ্জন জ্যোতি নাথ, কন্দৰ্প বৰুৱা।      

 

লাভজনক দুগ্ধ পামৰ বাবে পশুধনক খাদ্য হিচাপে উন্নতমানৰ সেউজীয়া ঘাঁহ যোগান ধৰাতো অতি আৱশ্যক। সেউজীয়া ঘাঁহে দুগ্ধ উৎপাদন আৰু গাখীৰত চৰ্বিৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে পশুধনৰ স্বাস্থ্য ৰক্ষাতো সহায় কৰে। পৰাপক্ষত পশুধনক বছৰটোৰ ১২ মাহেই সেউজীয়া ঘাঁহ যোগান ধৰা উচিত। কিন্তু গোটেই বছৰজুৰি সেউজীয়া ঘাঁহ উৎপাদন কৰিবলৈ খেতিয়ক সকল বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। খেতিয়ক সকলে মুখামুখি হোৱা প্ৰধান অসুবিধা সমূহ হ’ল-

ক) কম পৰিমাণৰ খেতি মাটি।

খ) ঘাঁহ খেতিৰ বাবে অনুপযুক্ত মাটি।

গ) অত্যাৱশ্যকীয় জলসিঞ্চনৰ সুবিধা নথকা।

ঘ) উন্নত ঘাঁহ বীজৰ অভাৱ।

ঙ) অধিক শ্ৰমদানৰ আৱশ্যকতা।

চ) পৰ্যাপ্ত পৰিমাণৰ সাৰ-গোবৰৰ অভাৱ।

ছ) দীঘলীয়া বৃদ্ধিকাল (৪৫-৬০ দিন)।

জ) প্ৰাকৃতিক দুৰ্যোগ, ইত্যাদি।

গতিকে এনে দুৰ্যোগসমূহ অতিক্ৰম কৰিবৰ বাবে “হাইড্ৰ’পনিক প্ৰযুক্তি”ক এতিয়া এক বিকল্প প্ৰযুক্তি হিচাপে লৈ উন্নতমানৰ ঘাঁহ ১২ মাহে উৎপাদন কৰি লাভজনক পশুপালনৰ ব্যৱসায় কৰিব পাৰি।

হাইড্ৰ’পনিক শব্দটো দুটা গ্ৰীক শব্দ ক্ৰমে “হাইড্ৰ” (পানী) আৰু “পনিক” (কৰ্মৰত) শব্দৰ পৰা উদ্ভৱ হৈছে। সেইবাবে মাটিৰ ব্যৱহাৰ নকৰাকৈ পানীত উৎপাদন কৰা ঘাঁহকে হাইড্ৰ’পনিক ঘাঁহ বুলি কোৱা হয়। ইয়াক অতি কম পৰিমাণৰ ঠাইত যেনে, ঘৰৰ বাৰান্দাত বা সেউজ গৃহৰ নিয়ন্ত্ৰিত পৰিৱেশত অতি কম সময়ৰ (৭-১০ দিন) ভিতৰত উৎপাদন কৰিব পাৰি।

ভাৰতবৰ্ষত হাইড্ৰ’পনিক ঘাঁহৰ উৎপাদনৰ বাবে পচন্দৰ শস্য হৈছে মাকৈ। মাকৈ অতি সহজে উপলব্ধ, কম খৰচত দ্ৰুতভাৱে উৎপন্ন হোৱা এবিধ শস্য।

হাইড্ৰ’পনিক ঘাঁহৰ গুণগত বৈশিষ্ট্যসমূহ:

১) এই ঘাঁহ ৰাসায়নিক পদাৰ্থ (কীটনাশক, উদ্ভিদনাশক, ভেঁকুৰনাশক আদি) মুক্ত স্বাস্থ্যকৰ পৰিৱেশত উৎপাদন কৰা হয়।

২) ই প্ৰচলিত পদ্ধতিতকৈ দ্ৰুতভাৱে হোৱা শস্য যাৰ উৎপাদন বাবে কম পানীৰ প্ৰয়োজন হয়।

৩) ই কম মাটিত অধিক উৎপাদন হোৱা ঘাঁহ।

৪) হাইড্ৰ’পনিক ঘাঁহ এবিধ উন্নত মান বিশিষ্ট খাদ্য শস্য (প্ৰটিন, আঁহ, খনিজ লৱণ আৰু ভিটামিন সমৃদ্ধ)।

৫) ই পৰজীৱি মুক্ত।

উৎপাদন পদ্ধতি

১) শস্যৰ নিৰ্বাচন: শস্য সমূহ চাফ-চিকুন, অক্ষত, পোক-পৰুৱা মুক্ত হ’ব লাগে।

২) শস্য বীজ ধোৱা প্ৰক্ৰিয়া: শস্য সমূহ ভালদৰে ধুই এক ৰাতি তিয়াই ৰাখিব লাগে।

৩) অঙ্কুৰণ: পিচদিনা বীজখিনি পানীৰ পৰা টুকি এটা পাত্ৰত ভালদৰে ঢাকি ৰাখিব লাগে যাতে অঙ্কুৰণৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হয়। এনেদৰে ২৪-৩৬ ঘণ্টা ৰখাৰ পাছত বীজসমূহত গজালি মেলিবলৈ আৰম্ভ হয়।

৪) ট্ৰেত মেলি দিয়া: পৰ্যাপ্ত পৰিমাণে গাজী ওলোৱাৰ পাছত বীজসমূহ সম পৰিমাণে ফুটা থকা প্লাষ্টিক বা এলুমিনিয়ামৰ ট্ৰেত উপৰা-উপৰি নোহোৱাকৈ চটিয়াই দিব লাগে।

৫) নিয়মিত পানীৰ যোগান: পৰ্যাপ্ত পৰিমাণৰ পানীৰ যোগান, উত্তম জৈৱবস্তু উৎপাদনৰ বাবে অতি গুৰুত্বপূৰ্ণ। পানীৰ যোগানত সাধাৰণ টেপৰ পানী ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে ৩-৪ ঘণ্টাৰ অন্তৰালত পানী চটিয়াব লাগে।

৬) পানী যোগান ধৰোতে মন কৰিব লাগে যাতে মেটৰ তলত বা ট্ৰেত অধিক পানী জমা নহয়। জমা পানীত সাধাৰণতে ভেঁকুৰ বা অনুজীৱ অতি সহজে গঢ় লয়।

৭) হাইড্ৰ’পনিক ঘাঁহ প্ৰতিদিনে ২-৩ ছে.মি. হাৰত বৃদ্ধি হয় আৰু ৭-৮ দিনত যেতিয়া ঘাঁহ খিনি যেতিয়া ১৫-২০ ছে.মি. ওখ হয় তেতিয়া এই ঘাঁহ পশুৰ খাদ্যৰ বাবে উপযোগী হৈ পৰে।

৮) এই পদ্ধতিৰে ১ কেজি বীজৰ পৰা ৭-১০ দিনৰ ভিতৰত ৮-১০ কেজি হাইড্ৰ’পনিক ঘাঁহ উৎপাদন কৰিব পাৰি।

৯) হাইড্ৰ’পনিক ঘাঁহ দেখিবলৈ এখন ১১-৩০ ছে.মি. ওখ মেটৰ দৰে হয় য’ত অঙ্কুৰিত বীজ, বগা শিপা আৰু সেউজীয়া গজালি থাকে।

১০) হাইড্ৰ’পনিক ঘাঁহ উৎপাদনৰ বাবে সাধাৰণতে বাৰ্লি, ও’টস, মাকৈ আদিৰ বীজ উৎকৃষ্টমানৰ বুলি গণ্য কৰা হয়।

 

গতানুগতিক সেউজীয়া ঘাঁহ আৰু হাইড্ৰ’পনিক ঘাঁহৰ এক তুলনাত্মক বিশ্লেষণ তলত ডাঙি ধৰা হৈছে।

গতানুগতিক সেউজীয়া ঘাঁহ হাইড্ৰ’পনিক ঘাঁহ
মাটিকালি বেছি কম
বৰ্দ্ধন কাল বেছি কম
মাটিৰ উৰ্ব্বৰতা আৱশ্যক অনাৱশ্যক
সাৰ আৱশ্যক অনাৱশ্যক
বতৰ, ৰৰষুণ আদিৰ উপৰত নিৰ্ভৰশীলতা হয় নহয়
ঘাঁহৰ ব্যৱহাৰ আংশিক সম্পূৰ্ণ
শ্ৰমদান বেছি কম
সুৰক্ষিত চাৰিসীমা আৱশ্যক অনাৱশ্যক
ঘাঁহৰ টুকুৰা কৰা আৱশ্যক অনাৱশ্যক
পৰজীৱিৰ উপস্থিতি উপস্থিত অনুপস্থিত

 

সামৰণি: অৱশেষত আমি কব পাৰো যে য’ত বছৰ জুৰি ঘাঁহৰ খেতি উৎপাদন কৰাত অসুৱিধা হয় তাত হাইড্ৰ’পনিক পদ্ধতি এবিধ সাম্ভাৱ্য ঘাঁহ খেতিৰ পদ্ধতি হিচাপে বিৱেচনা কৰিব পাৰি। যিসকল খেতিয়কৰ ৫-৭ লিটাৰ গাখীৰ দিয়া খীৰতী গাই আছে তেওঁলোকে এই পদ্ধতি অৱলম্বনৰে উৎকৃষ্ট পৰিপুষ্টি সমৃদ্ধ কেৱল হাইড্ৰ’পনিক সেউজীয়া ঘাঁহৰ যোগান ধৰিয়েই এই অনুপাতৰ গাখীৰ উৎপাদন কৰিব পাৰে।

*************************

*ডাঃ প্ৰিয়ঙ্কা কোঁৱৰ, সহকাৰী অধ্যাপক, পশু পৰিপুষ্টি বিভাগ, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লক্ষীমপুৰ। Email ID: priyankavet2009@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com