সম্পাদকীয়

     বৰ্তমান এই সময় উন্নতিৰ ফালে যিমান পাৰি দৌৰত উপনীত হোৱাৰ সময় ৷ আধুনিক সময়ে উন্নতিৰ জখলাৰে বগাব শিকিছে ৷ এতিয়াৰ এই আধুনিক সময় বহুৰ্মুখী দিশত আগবাঢ়ি  গৈ থকাৰ সময় ৷ প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগত সংগতি ৰাখি কৃষিকৰ্মকো সমানে অগ্ৰগতি দিবই লাগিব ৷ কাৰণ কৃষিকৰ্ম অবিহনে প্ৰযুক্তিও বিকল ! এতিয়া প্ৰযুক্তিৰ দ্বাৰা কৃষিকৰ্মক আৰু উন্নতিৰ নতুন পদ্ধতিৰে উৎপাদনৰ বাবে বঢ়াই লৈ যাব পাৰি ৷ সেয়ে আধুনিক সময়ত এই যান্ত্ৰিক অথবা প্ৰযুক্তিৰ দিনত কৃষিকৰ্মৰ লগতে আন এক উৎপাদনৰ কৌশল হিচাপে কৰা হৈছে পশুপালন ৷ যাৰ বাবে আমি সাম্প্ৰতিক সমাজ লাভান্বিত হৈ আহিছো আৰু চাহিদাও বাঢ়ি আহিছে ৷
               সাম্প্ৰতিক কালৰ নৱনিৰ্বাচিত চৰকাৰে নতুন খচৰাত পশুচিকিৎসা বিজ্ঞানৰ বাবে এক সুকীয়া সচিব এখনৰো আসন ৰাখিছে ৷ এই গুৰুত্বপূৰ্ণ কাম আৰু সচিব খনৰ বাবে চৰকাৰ খনৰ সলাগ লৈছো ৷ বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে  পশুবিজ্ঞানক গুৰুত্ব দিয়াটো অন্তত এতিয়াৰ সময়ত ! প্ৰকৃতিৰ ওপৰত হোৱা মানৱ বিধ্বংসী অত্যাচাৰ আৰু জীৱকুলৰ ওপৰত কৰা অমানৱীয় ব্যৱহাৰৰ প্ৰতিকুল পৰিবেশ আৰু সময়ত পশুবিজ্ঞানৰ গুৰুত্ব অপৰিসীম হোৱা উচিত ৷ পশু আৰু প্ৰকৃতি অবিহনে আমি বিধ্বংসী মানৱ তথা আমাৰ প্ৰযুক্তিও বিকল ! সেয়ে পশুপালন তথা পশুবিজ্ঞানক গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াটো অতিকৈ প্ৰয়োজন বুলি বোধ কৰোঁ ৷
              পশুপালনৰ নিমিত্তে লবলগীয়া সকলোখিনি উন্নত পদ্ধতি তথা লাভালাভৰ ওপৰত গুৰুত্ব দি এখন চাহিদামূখী ব্যৱসায়ত নামি পৰিব পাৰো ৷ আগেয়ে উল্লেখ কৰি আহিছো যে কৃষিকৰ্ম অবিহনে আমাৰ প্ৰযুক্তিও বিকল ৷ চাহিদা  বুলিলে পশুপালনৰ পৰা উৎপাদিত সকলো সামগ্ৰীৰে চাহিদা বৰ্তমান সময়ত যথেষ্ট  দেখা গৈছে ৷ যদিহে পশুপালনক গুৰু দায়িত্বৰে ব্যৱসায়ত আগুৱাই নিব পাৰোঁ তেন্তে উৎপাদন অনুসৰি চাহিদাৰ হাৰো আমি পূৰাব পাৰিম ৷ নিৱনুৱাৰ সংখ্যা মানে এয়া নহয় যে চৰকাৰী ছাকৰি হীন ! নিৱনুৱা মানে নিজৰ কৰ্মক্ষম অনুসৰি নিজৰ মগজু আৰু বাহুৰে কৰ্মক্ষেত্ৰত নিজক বিনিয়োগ নকৰা ৷ যদিহে প্ৰযুক্তিৰ আজি এই  মহাযুগত কৃষিকৰ্ম বা পশুপালনকেই নিজৰ ব্যৱসায় কৰি আগবঢ়াৰ সংকল্প লয় তেন্তে নিসন্দেহে অইন উন্নত দেশৰ সৈতে খোঁজ মিলাবলৈ সক্ষম হ’ব আমাৰ দেশ ৷ উন্নতিৰ দিশত অগ্ৰসৰ হোৱাৰ কথা চিন্তা কৰিলেও এতিয়াও আমাৰ দেশৰ হাজাৰ চিন্তা পঢ়ি শুনি  চৰকাৰী চাকৰি লৈ চৰকাৰৰ বেতন লৈ বহি থাকোতেই যায় ৷ চৰকাৰ তলতীয়া সকলো বহু কৰ্মচাৰীয়েই মাথোন ধাৰ মৰাৰ দৰে কাম কৰি যায় কিন্তু তাৰ বিপৰীতে যদি এজন মানুহে  নিজে ব্যৱসায়ত নামে তেন্তে পাৰেমানে নিজৰ কৰ্মবুদ্ধি খটাই আগবাঢ়ি যায় ৷ তাৰ ফলত নিজৰ লগতে সমাজৰ বাবে লাভদায়ক উৎপাদন হব আৰু চাহিদাও বাঢ়িব ৷ লগতে চাহিদা পূৰণৰ অৰ্থে চাহিদা পূৰোৱাৰ বাবে উৎপাদনৰ দাবীও বাঢ়িব ৷
                 বৰ্তমান এছাম শিক্ষিত যুৱক-যুৱতীৰ সুসংকল্প আৰু পশুপালনক লৈ কৰা উচ্চাকাঙ্ক্ষাই আপ্লুত কৰে ৷ তেওঁলোক যদি আদৰ্শ হব পাৰে আন এছাম নিৱনুৱাৰ তেন্তে পশুপালনৰ উৎপাদন বৃদ্ধি আৰু চাহিদাও আগলৈ বাঢ়ি যাব ৷ ব্যৱসায় আৰু উৎপাদনৰ ফালে অগ্ৰসৰ হব বুলি আশা কৰিব পাৰি ভৱিষ্যতে আৰু সেয়াই কামনা কৰোঁ ৷ উঠি পৰি লাগক উঠি অহা নৱছাম নিজৰ কৰ্মোদ্যম আৰু দক্ষতাৰে আগুৱাই যাওঁক আৰু ৰাজ্যৰ অগ্ৰগতিকো আগলৈ লৈ যাওঁক ৷
অৰ্জুন চন্দ্ৰ ৰায় ৷
সম্পাদক

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com